মেষ : কামত বিঘিনিৰ সম্ভাৱনা আছে, সেই মতে প্ৰস্তুত থকা প্ৰয়োজন।
বৃষ : নতুনকৈ কাকো বিশ্বাস কৰাৰ পূৰ্বে সতৰ্ক হওক। কৰ্মক্ষেত্ৰতে হওক বা প্ৰণয়ৰ ক্ষেত্ৰতে হওক, প্ৰতাৰণা কেতিয়াও কাম্য নহয়।
মিথুন : অপ্ৰত্যাশিত অতিথিৰ আগমনত কামত বাধা আহিব পাৰে। তেওঁলোকক ভদ্ৰভাৱে প্ৰত্যাখান কৰক, সময়ত কামে উন্নতি লৈ আহিব।
কৰ্কট : বৈদ্যুতিন যোগাযোগ মাধ্যমে সমস্যাৰ সৃষ্টি কৰিব। কথোপকথনত সমস্যা হ’ব। আনক সেয়া ভুল নুবুজিবলৈ জনাই ৰাখক।
সিংহ : দিনটো সমস্যাবহুল হ’ব। গুৰুত্বপূৰ্ণ কামত হাত নিদিয়াই ভাল। সৰ্বত্ৰ শান্তি বজাই নাৰাখিলে বিবাদ দেখা দিব।
কন্যা : পাৰিবাৰিক দায়িত্ববোধে মূৰ তুলিবলৈ নিদিব। শীতল মস্তিষ্কৰে পৰিস্থিতি চম্ভালিব লাগিব। নহ’লে সেয়া হাতৰ বাহিৰলৈ গুচি যাব পাৰে।
তুলা : বৰ্তমান মনত যি খেলিমেলি আছে, যথা সময়ত সেয়া স্পষ্ট হৈ যাব। ব্যতিব্যস্ত নহ’ব, মনোযোগেৰে কাম কৰি যাওক।
বৃশ্চিক : সমস্যাত পৰিব পাৰে। সেয়ে ক’লৈ যাব সকলোকে জনাই ৰাখক। কৰ্মক্ষেত্ৰত যিয়ে হওক, আত্মবিশ্বাস নেহেৰুৱাব।
ধনু : কৰ্মক্ষেত্ৰত উন্নতিৰ আনন্দ সহকৰ্মীৰ সৈতে নহয়, পৰিয়ালৰ সৈতে ভাগ কৰক। গোপন শত্ৰুৰ পৰা সাৱধানে থাকক।
মকৰ : ভ্ৰমণৰ পৰিকল্পনা বৰ্তমান বাতিল কৰক। পদে পদে বিঘিনিয়ে অপেক্ষা কৰিছে। তাৰ কাম শেষ নকৰাকৈ ক’লৈকো নাযাব।
কুম্ভ : অৱচেতন মন আৰু স্বপ্নই বিশেষ কোনো ব্যক্তি সম্পৰ্কে বাৰ্তা দিব। কৰ্মস্থলীত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰক।
মীন : সংগী–সংগিনী তিক্ত মেজাজত থাকিব, কথোপকথনত–যোগাযোগত আজি সতৰ্ক হওক। নিজকে শান্ত ৰাখক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|