• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ২ আগষ্টৰ ৰাশিফল! দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ ভাগ্যফল!

Horoscope Today : ২ আগষ্টৰ ৰাশিফল! দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ ভাগ্যফল!

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আজি আপোনাৰ দিনটো!

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আজি আপোনাৰ দিনটো!

দিনটোৰ আৰম্ভণিতে চাওক কেনে যাব আজি আপোনাৰ দিনটো!

  • Share this:


মেষ : নিজৰ উচ্চ সম্ভাৱনা তৈয়াৰ কৰাৰ চেষ্টা কৰক আৰু সেই মতে লক্ষ্য নিৰ্ধাৰণ কৰক। আজি আপোনাৰ শাৰীৰিক অৱস্থা খুব ভালে থাকিব। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত নবহাই ভাল।

বৃষ : আজি গোটেই দিনটো আপোনাৰ এনাৰ্জী তুংগত থাকিব। কিন্তু সামান্য কাৰণতে মেজাজ সলনি হ’ব পাৰে। আপুনি ইমানদিন ধৰি নীৰৱে যি প্ৰজেক্টৰ সৈতে জড়িত আছিল সেয়া পোহৰলৈ আহিব।

মিথুন : কৰ্মত নতুন উদ্যোগ আহিব পাৰে। সম্পৰ্কত ইতিবাচক মনোভাৱ বজাই ৰখাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা পাব।

কৰ্কট : আজি নিজৰ মাজত নতুনকৈ শক্তিৰ সঞ্চাৰ হোৱা দেখিব। আপুনি বিগত কিছুদিন ধৰি অস্বাস্থ্যকৰ খাদ্য খাইছে, ফলত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

সিংহ : আপোনাৰ জীৱনত অপ্ৰত্যাশিত কিছু মুহূৰ্তৰ সৃষ্টি হ’ব পাৰে। আপুনি সামাজিকভাৱেই সক্ৰিয় মনোভাৱ বজাই ৰাখিব।

কন্যা : আজি আপোনাৰ চৰিত্ৰৰ প্ৰতি বহুতেই আকৰ্ষিত হ’ব পাৰে। কিন্তু সম্পৰ্কক লৈ আজি আপুনি হতাশা বা নিৰাপত্তাহীনতাত ভুগিব।

তুলা : আপুনি স্বাস্থ্য সচেতনতাৰ বাবে বহু কিবাকিবি কৰিছে, এইবাৰ আপুনি আৰু বেছি সচেতন হ’ব লাগিব। কাৰ্যালয়ত সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্কই আপোনাক কোনো দুৰ্দশাৰ মাজলৈ ঠেলি দিব পাৰে।

বৃশ্চিক : আপুনি আপোনাৰ প্ৰেম জীৱনক অকাৰণত জটিল কৰি তুলিছে। আপুনি আজি খুব পৰিশ্ৰমী হওক আৰু অৰ্থৰ ক্ষেত্ৰত কিছু কৃপণ হোৱাৰ চেষ্টা কৰক।

ধনু : আপোনাৰ নিৰাপত্তাহীনতাৰ স্বভাৱে আপোনাক বিপদৰ মুখলৈ ঠেলি দিব পাৰে। আপোনাৰ অজানিতে আপোনাৰ কাষৰ কোনো মানুহে আপোনাক খুব ভাল পায়।

মকৰ : আপোনাৰ পূৰ্বৱৰ্তী সম্পৰ্কক লৈ আপোনাৰ যদি কোনো টেনশ্যন থাকে সেয়া আজি উদ্ধাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বহু প্ৰতিশ্ৰুতি বাকী আছে, সেইবোৰ পূৰণ কৰাৰ চেষ্টা কৰক।

কুম্ভ : আজি সংগীক সকলো ধৰণে সহযোগিতা কৰাৰ চেষ্টা কৰক। আজি আপুনি নিজৰ কামক লৈ অন্য মনোযোগী হৈ থাকিব।

মীন : আপোনাৰ জীৱনত নতুন উদ্যোগ আৰু শক্তিৰ অভাৱ দেখা গৈছে। অযথা সম্পৰ্কক টানি অনাৰ কোনো প্ৰয়োজন নাই।

Published by:Sanjay Kumar Das
First published: