உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Today's Horoscopes: ১৮ জানুৱাৰীৰ দিনটো কোন ৰাশিৰ বাবে শুভ? চাওক দিনটোৰ ৰাশিফল

    Today's Horoscopes: ১৮ জানুৱাৰীৰ দিনটো কোন ৰাশিৰ বাবে শুভ? চাওক দিনটোৰ ৰাশিফল

    ইংৰাজী শব্দ অৰাকল (Oracle)ৰ অৰ্থ হ’ল ভৱিষ্যতবাণী। চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)।

    ইংৰাজী শব্দ অৰাকল (Oracle)ৰ অৰ্থ হ’ল ভৱিষ্যতবাণী। চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)।

    ইংৰাজী শব্দ অৰাকল (Oracle)ৰ অৰ্থ হ’ল ভৱিষ্যতবাণী। চিতাৰা – দ্য ৱেলনেছ ষ্টুডিঅ’ৰ (Citaaraa- The Wellness Studio) বিশেষজ্ঞা পূজা চন্দ্ৰাই (Pooja Chandra) আজিৰ দিনটোত জন্মদিন মিলাই কোন ৰাশিৰ জাতক–জাতিকাৰ ভাগ্যক লৈ কি কৈছে চাওঁ আহক (Daily Horoscopes)।

    • Share this:
    মেষ (Aries ): মাৰ্চ 21-এপ্ৰিল 19 : কিছুমান অপ্ৰত্যাশিত সমস্যাৰে দিনটো আৰম্ভ হ'ব। কৰ্মস্থান আৰামদায়ক আৰু নিয়ন্ত্ৰণযোগ্য। এটা নতুন আৰু আকৰ্ষণীয় লক্ষ্যই আপোনাক অনুপ্ৰাণিত কৰি ৰাখিব পাৰে। লাকী ছাইন- এটা লাইলাক শিল্পকৰ্ম


    বৃষ (Taurus) : এপ্ৰিল 20-মে 20 : গুৰুতৰ আলোচনাৰ ফলত আৰু পলম হ'ব পাৰে। অত্যধিকতা পৰিহাৰ কৰিব। কথোপকথনত বিভ্ৰান্তি। কামবোৰ সহজতৰ হ'ব। লাকী ছাইন- এটা কাঠৰ বাকচ


    মিথুন (Gemini ) : মে 21- জুন 21: কাম এতিয়া অধিক স্থিৰ যেন লাগিব। যদি আপুনি কাৰোবাৰ সৈতে ডেটিং কৰি আছে, কেইটামান বিষয়ত একমত নহ'ব। লাকী ছাইন- মিৰ'ৰ ৱৰ্ক


    কৰ্কট (Cancer ): জুন 22- জুলাই 22 : প্ৰাত্যহিক কৰ্মই আপোনাক অলপ তলত ৰাখিব পাৰে। আহাৰৰ দিশত মনোযোগ দিব। পঢ়া আৰু চিনেমা আদিত মনোযোগ দিব। লাকী ছাইন- এটা ভাটৌ


    সিংহ (Leo): জুলাই 23- আগষ্ট 22 : অত্যধিক চাপ থাকিব। এটা ভাল খবৰে কিছু ভাৰসাম্য সৃষ্টি কৰাত সহায় কৰিব পাৰে দিনটো। আপুনি মনৰ কথা বন্ধুৰে শ্বেয়াৰ কৰিব পাৰিব। লাকী ছাইন- এটা পুৰণি ডায়েৰী


    কন্যা (Virgo): আগষ্ট 23-ছেপ্টেম্বৰ 22 : দিনটোৰ বাবে আপোনাৰ মুখ্য দায়িত্ববোৰক অগ্ৰাধিকাৰ দিয়ক। বাধা থাকিব পাৰে যদিও শুভ। আপুনি শুনা সকলোবোৰ কথা বিশ্বাস নকৰিব। লাকী ছাইন- এখন ইনড'ৰ গেম


    তুলা (Libra ): ছেপ্টেম্বৰ 23- অক্টোবৰ 23 স্থান পৰিষ্কাৰ কৰিবলৈ আৰু সংগঠিত হ'বলৈ এইটো এটা ভাল দিন। কামৰ মাজেৰে গুৰুত্বপূৰ্ণ কিবা এটা বিচাৰি পাব। অন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল'ব। লাকী ছাইন- এটা গ্লাছৰ বটল


    বৃশ্চিক (Scorpio): অক্টোবৰ 24 – নৱেম্বৰ 21: কিছু সময়ৰ বাবে বিৰতি লোৱাৰ চিন্তা কৰক। দূৰৰ পৰা কোনো আত্মীয়ৰ আগমন হ'ব পাৰে। লাকী ছাইন- এটা ষ্টেচনাৰী বাকচ


    ধনু (Sagittarius ): নৱেম্বৰ 22 – ডিচেম্বৰ 21 : হেৰুওৱা কিবা বিচাৰি পোৱাৰ সম্ভাৱনা অধিক। যদি পৰিকল্পনা কৰা হৈছে এটা চমু ভ্ৰমণৰ বাবে শুভ দিন। ক্ৰীড়াত উৎসাহী হ'ব পাৰে। লাকী ছাইন- এটা চাইকেল ঘণ্টা


    মকৰ (Capricorn) : ডিচেম্বৰ 22 – জানুৱাৰী 19 : সঠিক দিশত কাম কৰাৰ বাবে অলপ প্ৰচেষ্টা লাগিব। সিদ্ধান্ত ল'বলৈ আপোনাৰ বিবেকক প্ৰাধান্য দিয়ক। কিছু সময়ৰ বাবে অসুস্থতা থাকিলেও দিনটো বহুত উজ্জ্বল দিন হ'ব পাৰে। লাকী ছাইন- নতুন কাটলেৰী


    কুম্ভ (Aquarius): জানুৱাৰী 20- ফেব্ৰুৱাৰী 18: নতুন কাপোৰ কিনিব পাৰে। বজাৰ কৰাৰ পৰিকল্পনা হ'ব পাৰে। দৈনন্দিন কামবোৰ পৰিচালনা কৰিবলৈ সহজ হ'ব। সমস্যাবোৰো সমাধান হ'ব পাৰে। লাকী ছাইন- এটা ছাতি


    মীন (Pisces ): ফেব্ৰুৱাৰী 19 – মাৰ্চ 20: সহকৰ্মী এজনৰ ভাল উদ্দেশ্যই আপোনাক আচৰিত কৰিব পাৰে, কিয়নো এইটো আপোনাৰ ধাৰণাবিৰোধী হ'ব পাৰে। প্ৰকৃতিৰ ওচৰত থকাটো হ'ব পাৰে দিনটোৰ এটা ভাল আৰম্ভণি। শিশুক কিছু নিৰীক্ষণৰ প্ৰয়োজন হ'ব পাৰে। লাকী ছাইন- ওলোমাই ৰখা ফুলৰ টাব


    পূজা চন্দ্ৰাৰ বিষয়ে কিছু তথ্য: পূজা চন্দ্ৰা পেছাত এগৰাকী হলিষ্টিক হিলিং প্ৰেক্টিচনাৰ। পূজা চন্দ্ৰা ৰেইকী গ্ৰেণ্ডমাষ্টাৰ আৰু অন্যান্য হিলিং চাৰ্টিফাইড পদ্ধতিৰ ওপৰতো গৱেষণা কৰিছে। টেৰোট কাৰ্ড পঢ়াৰ উপৰি, থেটা, বুদ্ধিষ্ট, চক্ৰ আৰু পেট হিলিং চিকিৎসাৰ দৰে একাধিক বিষয়ত দক্ষ পূজা চন্দ্ৰা হিলিং আৰু ইয়াৰ বৈকল্পিক চিকিৎসাত সিদ্ধহস্ত। যোৱা ত্ৰিশ বছৰৰ অভিজ্ঞতা আৰু অনুশীলনত হিলিং চিকিৎসাৰ সৈতে জড়িত আৰু পূজাই এক অসাধাৰণ কৌশল বা উপায় আৱিষ্কাৰ কৰিছে। পূজাই দীৰ্ঘ জীৱনৰ যত্নত এজন সহানুভূতিশীল কিশোৰৰ পৰা এগৰাকী উন্নত মানৰ হিলিং থেৰাপিষ্টলৈ নিজকে বিকশিত কৰিছে। পূজাই মুখ্যতঃ বিভিন্ন ধৰণৰ মানসিক বা শাৰীৰিক উদ্বেগৰ সমস্যাত ভুগি থকা লোকসকলৰ সৈতে কাম কৰে। পূজাই নিজৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকৰ মানসিক প্ৰণালী আৰু সমস্যাৰ স্থানবোৰ সহজে বুজিব পাৰে। এগৰাকী অভিজ্ঞ হিলিং থেৰাপিষ্ট হিচাপে পূজাই ব্যক্তিগতভাৱে আৰু পৃথিৱীৰ যিকোনো স্থানত থকা লোকসকলক কাৰ্যকৰী আৰোগ্য বিধান প্ৰদান কৰে। পূজাৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী সকলে তেওঁৰ ৱেবছাইটত www.citaaraa.com থেৰাপীৰ বিষয়ে সকলো তথ্য লাভ কৰিব। ৱেবছাইটত থেৰাপীৰ বৰ্ণনা কৰাৰ উপৰি হিলিং থেৰাপীৰ যোগে আৰোগ্য হোৱা লোকসকলে তেওঁলোকৰ অভিজ্ঞতাও বৰ্ণনা কৰে। কিন্তু কেৱল হিলিং থেৰাপিষ্টেই নহয় পূজা চন্দ্ৰা এগৰাকী দক্ষ লেখিকা, কবি আৰু এগৰাকী ব্লগাৰ। তেওঁ মুখ্যতঃ তেওঁৰ প্ৰৱন্ধ আৰু ব্লগৰ জৰিয়তে তেওঁৰ দীঘলীয়া কেৰিয়াৰৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ ভাল পায় যিয়ে আমাক জীৱনৰ বিষয়ে কিবা নতুন শিকায়।
    Published by:Gautam Barman
    First published: