HONOR Band 5 বনাম Mi Band 4 – আমি নিৰ্বাচন কৰিলো শ্ৰেষ্ঠ কোনটো?

News18-Assam
Updated:October 12, 2019, 7:37 PM IST
HONOR Band 5 বনাম Mi Band 4 – আমি নিৰ্বাচন কৰিলো শ্ৰেষ্ঠ কোনটো?
News18-Assam
Updated: October 12, 2019, 7:37 PM IST
আপোনাৰ কেলেণ্ডাৰ উৎসৱ আৰু ৰং-ৰহইচেৰে ভৰি পৰিছে, নহয় নে? লগতে ডাইনিং টেবুলখন মিঠাইৰ টোপোলাৰে ভৰি পৰা নাই নে? এতিয়া সময় আহি পৰিছে আপোনাৰ ফিটনেছ ৰূটিনখন অলপ উন্নত কৰি শৰীৰৰ অতিৰিক্ত মেদখিনি বিদায় দিয়াৰ। ইয়াৰ অৰ্থ হৈছে নিয়মিত ৰূপত আপোনাৰ আদৰ্শ ব্যক্তিৰ ফিটনেছৰ বিষয়ে ইনষ্টাগ্ৰামত অনুসৰণ কৰা, আপোনাৰ ৱালত প্ৰেৰণাদায়ক বাণী ওলমাই ৰখা, লগতে এক উত্তম ডায়েট-প্লেন প্ৰস্তুত কৰা আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, নিজৰ অগ্ৰগতিৰ ট্ৰেক ৰাখিবৰ বাবে এডাল ফিটনেছ বেণ্ড গোটাই লোৱা, ইত্যাদি। মুঠতে উৎসৱৰ বতৰত শৰীৰত জমা হোৱা অতিৰিক্ত ওজন কম কৰিবলৈ অলপ প্ৰস্তুত হ’বই লগিব, নহয় জানো?

এই কথা নক’লেও হ’ব যে ফিটনেছ বেণ্ডবিলাক আজিকালি হৈ পৰিছে চলন্ত স্মাৰ্ট ডিভাইছ, যি ফিটনেছৰ ৰূটিন ট্ৰেকিং কৰা কামটো একেবাৰে সহজ কৰি তোলে। শেহতীয়াকৈ এয়া এক জনপ্ৰিয় ট্ৰেণ্ড হিচাপে প্ৰচলিত হৈছে আৰু সেয়া এক ইতিবাচক কথা। মাৰ্কেটত উপলব্ধ ফিটনেছ ৰিষ্টবেণ্ডৰ পৰম্পৰাত এতিয়া সংযোজন হৈছে শেহতীয়া HONOR Band 5। ফেশ্যনেবল ডিজাইনেৰে নিৰ্মিত আৰু সহজলভ্য এই ফাৰ্ষ্ট-ৰেট ট্ৰেকাৰটো সকলোৰে কাৰণে খাপ খাই পৰা বিধৰ। উন্মোচনৰ দিনৰে পৰাই ই সমাদৰ লাভ কৰি আহিছে। আমি HONOR Band ছিৰিজৰ এই শেহতীয়া উদ্ভাৱন পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিছিলোঁ, আৰু আমি ক’বলৈ বাধ্য যে দাবী কৰা অনুসৰিয়েই এইয়া এক শ্ৰেষ্ঠ ডিভাইছ। কিন্তু বিশেষত্ব আৰু এপ্লিকেশ্যনৰ ফালৰ পৰা ই Mi Band 4-ক পৰাভূত কৰিবলৈ সক্ষম নে? উত্তৰ হৈছে হয়  আৰু আমি এতিয়া HONOR Band 5 আৰু Xiaomi Mi Band 4-ৰ তুলনা কৰি আপোনালোকক দেখুৱাম। এবাৰ চাওঁ আহক।

অত্যাধুনিক ডিছপ্লে আৰু ডিজাইন

HONOR Band 5 আৰু Mi Band 4 উভয়ৰে এখন 0.95-ইঞ্চি 2.5D গ্লাছৰ সৈতে AMOLED ফুল-কালাৰ টাচ্চ ডিছপ্লে আছে। কিন্তু তুলনামুলকভাৱে HONOR Band 5-ত ডিছপ্লে অধিক উজ্জ্বল যাৰ ফলত পঢ়াতো অধিক সহজ আৰু আৰামদায়ক হয়। গতিকে, HONOR Band 5 ৰ সৈতে আপুনি এক ৰৌদ্ৰোজ্বল দিনত নিজৰ বেণ্ডডাললৈ চাই পঢ়িবলৈ সংগ্ৰাম কৰিবলগীয়া নহয়।

ঘড়ীটো দেখিবলৈ কেনেকুৱা, সেইটোৱেও নিৰ্দ্ধাৰণ কৰে সেইটো সকলো পৰিবেশতে পিন্ধিব পৰা যাব নে নাযায়। HONOR Band 5-ত আছে প্ৰীমিয়াম লুক-ৰ ৰাবাৰ ষ্ট্ৰেপ, যি ইয়াক Mi Band 4-তকৈ অধিক ষ্টাইলিছ কৰি তোলে, তাৰোপৰি ই পাতল আৰু পিন্ধিবলৈও আৰামদায়ক। Mi Band 4 ত আছে চাৰিটা প্ৰিছেট ৱাচ্চ ফেচ যিকেইটা আপুনি নিজৰ মুড অনুসৰি সলনি কৰিব পাৰে। আপুনি নিজৰ ফটো গেলাৰীৰ পৰা চিত্ৰ এখন ডাউনলোড বা নিৰ্বাচনো কৰিব পাৰে আৰু ইয়াক আপোনাৰ ৱাচ্চ ফেচ কৰি ৰাখিব পাৰে। HONOR Band 5-ত আছে বিভিন্ন পৰিস্থিতিৰ বাবে উপযুক্ত আঠটা পৰিবৰ্তন কৰিব পৰা ৱাচ্চ ফেচ।

গতিকে দেখা যায় যে, ডিছপ্লে আৰু ডিজাইনৰ ক্ষেত্ৰত HONOR Band 5 হৈছে এক উত্তম নিৰ্বাচন।

সাঁতোৰৰ আনন্দ দুগুণে বৃদ্ধি

HONOR Band 5 আৰু Mi Band 4, দুয়োটা 50 মিটাৰলৈকে ৱাটাৰ ৰেজিষ্টেন্ট। ইয়াৰ অৰ্থ হৈছে আপুনি সাঁতুৰিবলৈ যাওঁতেও বেণ্ডটো পিন্ধি যাব পাৰে আৰু দুয়োটা বেণ্ডেই ছুইম ষ্ট্ৰোকসমূহ যেনে বেকষ্ট্ৰোক, বাটাৰফ্লাই, ব্ৰেষ্টষ্ট্ৰোক আৰু ফ্ৰিষ্টাইলৰ হিচাপ ৰাখিব পাৰে। ইয়াৰোপৰি HONOR Band 5-য়ে সাঁতোৰৰ বেগ, দূৰত্ব আৰু কেল’ৰি ৰেকৰ্ড কৰে। আমি লক্ষ্য কৰা আন এটা আকৰ্ষণীয় বৈশিষ্ট্য হৈছে SWOLF ৰেটৰ হিচাপ, যিটো হৈছে দৈৰ্ঘ্য আৰু সময় অনুসৰি আপোনাৰ মুঠ ষ্ট্ৰোক হিচাপ কৰি পোৱা স্ক’ৰ।

আউটড’ৰ ফিটনেছ অনুশীলনৰ হিচাপ

বহুতেই কাৰ্যাৱলীৰ হিচাপ ট্ৰেক কৰিবৰ বাবে ফিটনেছ ট্ৰেকাৰ ব্যৱহাৰ কৰে। আপোনাক এইক্ষেত্ৰত কোনোবাই কৈছে নে, HONOR Band 5ত ষ্টেপ কাউন্ট অধিক নিখুঁত হয়? হয়, HONOR Band 5-ত আপোনাৰ প্ৰতিটো কাৰ্যসূচীৰ সঠিক হিচাপ ৰখা হয়।

HONOR Band 5-ক অনন্য কৰি তোলা এক বিশেষত্ব হৈছে 10 বিধ বিভিন্ন প্ৰকাৰৰ ফিটনেছ মডেল যেনে আউটডোৰ ৰানিং, ইণ্ডোৰ ৰানিং, আউটডোৰ ৱাকিং, আউটডোৰ চাইক্লিং, ইণ্ডোৰ চাইক্লিং, ফ্ৰী ট্ৰেইনিং, পুল চুইমিং, ইণ্ডোৰ ৱাকিং, এলিপ্টিকেল মেচিন আৰু ৰ’য়িং মেচিন। HONOR Band 5-য়ে ট্ৰেকিং ডিভাইচবিলাক ষ্ট্ৰীমলাইন কৰাৰ পৰিবৰ্তে Mi Band 4 টো কেৱল 6 টা ফিটনেছ ম’ডতে সীমিত, যেনে আউটডোৰ ৰানিং, ট্ৰেডমিল, পুল চুইমিং, ৱাকিং আৰু চাইক্লিং। HONOR Band 5-ৰ প্ৰাথমিক ছেটিং-সমূহ ডিভাইছটোতেই সলনি কৰিব পাৰি, কিন্তু Mi Band 4-ৰ ক্ষেত্ৰত সলনি কৰিবলৈ এপ্লিকেশ্যনৰ প্ৰয়োজন।

হৃদয়ৰ খবৰ

খোজকাঢ়োঁতে নিজৰ হাৰ্ট-ৰেট মন কৰাটো ইমান সহজ কাম কেতিয়াও হোৱা নাছিল। দুয়োটা বেণ্ডেই চলন্ত সময়ত আপোনাৰ হাৰ্ট-ৰেট মণিটৰ কৰে বুলি দাবী কৰে। HONOR-এ অতিৰিক্তভাৱে 3rd Gen Huawei TruSeen ইন্টেলিজেন্ট হাৰ্ট-ৰেট মণিটৰ ব্যৱহাৰ কৰে, যি AI চালিত গণিতৰ দ্বাৰা অধিক নিখুঁত ৰীডিং প্ৰদান কৰে। HONOR Band 5-এ আনকি ব্যৱহাৰকাৰীক হাৰ্ট-ৰেটৰ ৰেকৰ্ড বৃদ্ধি বা হ্ৰাস পালে সেই কথাও জনায়। নিশা নিৰন্তৰ, বাধাহীন মনিটৰিঙৰ বাবে ই ইনফ্ৰাৰেড প্ৰযুক্তিও ব্যৱহাৰ কৰে। এই গুৰুত্বপূৰ্ণ দিশসমূহে আপোনাক জীৱনশৈলী উন্নত কৰাত সহায় কৰে আৰু আপোনাৰ হাৰ্ট-ৰেটৰ বিষয়ে আপোনাক মূল্যবান আভ্যন্তৰীণ তথ্য প্ৰদান কৰে।

সুখ নিদ্ৰা, উত্তম জীৱন

HONOR Band 5-ৰ নিদ্ৰা ট্ৰেকিং বৈশিষ্ট্য অতিশয় নিখুঁত- আপুনি কেতিয়া টোপনিত ঢলি পৰে, আপোনাৰ নিদ্ৰাৰ চক্ৰ, পৰিৱৰ্তন হোৱা নিশাৰ টোপনিৰ ৰূটিন আৰু আপুনি কেতিয়া সাৰ পায় ইত্যাদি সকলো ই মণিটৰ কৰে। Band 5-য়ে Huawei-ৰ ‘TruSleep2.0’ প্ৰযুক্তি ব্যৱহাৰ কৰি নিদ্ৰাৰ সময়ত হাৰ্ট-ৰেট আৰু উশাহ-নিশাহ মণিটৰ কৰে আৰু 200 টা টোপনি ভাল কৰাৰ পৰামৰ্শৰ লগতে ছটা সচৰাচৰ টোপনিৰ সমস্যা চিনাক্ত কৰিব পাৰে। HONOR Band 5-ৰ তুলনাত Mi Band 4-ৰ শ্লীপ ট্ৰেকিং ফীছাৰৰ মান কম।

তেজলৈ অক্সিজেন সৰবৰাহৰ সঠিক চিনাক্তকৰণ

HONOR Band 5-ৰ এক অনন্য বৈশিষ্ট্য হৈছে Sp02 মণিটৰ। Sp02 মণিটৰে ৰক্ত ধমনীত অক্সিজেনৰ পৰিমাণ ট্ৰেক কৰে, যাতে আপুনি ব্যায়াম কৰা বা উচ্চ স্থানত আপোনাৰ শৰীৰৰ প্ৰতিক্ৰিয়া আৰু সমন্বয়কৰণ বিশ্লেষণ কৰিব পাৰে। এই বৈশিষ্ট্যটোৰ কাৰাণে Mi Band-ৰ গৰাকীসকলে HONOR Band 5-লৈ সলনি কৰাৰ কথাটো বিবেচনা কৰিব পাৰে।

আপোনাৰ পচন্দৰ অতিৰিক্ত বৈশিষ্ট্য
দুয়োটা বেণ্ডেই মিউজিক আৰু মিউজিক ভলিউম নিয়ন্ত্ৰণ, এপ নোটিফিকেশ্যন, বাৰ্তা দৰ্শন, কল ডিছপ্লে, কল ৰিজেক্ট, ষ্টপ-ৱাচ্চ, টাইমাৰ, কল আদি ছাপৰ্ট কৰে। HONOR Band 5-এ অতিৰিক্তভাৱে আপোনাক কেমেৰা নিয়ন্ত্ৰণৰ সুবিধাও প্ৰদান কৰে। আপুনি বেণ্ডটোৰ মাজত আপোনাৰ ফোনটোও বিচাৰি পাব। নহয় নে মজাৰ কথা? 

HONOR আৰু Mi দুয়োটাতে বেণ্ডটোক সৈতে নিজা ভাৰ্ছনৰ হেলথ এপ সংলগ্ন কৰা হৈছে। Huawei হেলথ এপটো ব্যৱহাৰ কৰিবলৈ Mi হেলথ এপতকৈ অধিক সহজ। দুয়োডাল বেণ্ডেই বেছিভাগ ক্ষেত্ৰতে এটা এপ্লিকেশ্যনৰ পৰা আনটোলৈ যাব পৰাকৈ জড়তামুক্ত।

বেণ্ডটোৰ পাৱাৰহাউছ

ফিটনেছ ট্ৰেকাৰবিলাক দীৰ্ঘম্যাদী হয়, যিটো হৈছে এক উল্লেখযোগ্য বৈশিষ্ট্য। এটা 110 mAh বেটেৰীৰ সৈতে HONOR Band 5 টো এঘন্টা চাৰ্জ কৰাৰ পাছতেই 14 দিন টিকি থাকে। আনহাতে, 135 mAh বেটেৰীযুক্ত Mi Band 4-টোত 20 দিন টিকি থাকিবলৈ 2 ঘন্টা চাৰ্জিঙৰ প্ৰয়োজন আছে। আপোনাৰ ভাগ্য ভাল যে ফিটনেছ ট্ৰেকাৰবোৰত বিবেচনা কৰিব পৰাকৈ দীৰ্ঘ বেটেৰী জীৱনকাল থাকে।

আপুনি জানিবলগীয়া মূল্যটো

ক’বলৈ গ’লে দুয়োডাল বেণ্ডৰ মূল্যই ওচৰা ওচৰি। কিন্তু আচৰিত সত্যটো হৈছে, ইয়াৰ বৈশিষ্ট্যসমূহ অতি সহজ ব্যৱহাৰযোগ্য আৰু বহল পৰিসৰৰ। Mi Band 4-ৰ মূল্য হৈছে INR 2,299। আনাহাতে, HONOR Band 5-ৰ মূল্য হৈছে INR 2,599। আপুনি জানি ভাল পাব যে, ফেষ্টিভ ছেলৰ সময়ত HONOR Band 5-ৰ মূল্য কেৱল INR 2,399।

অন্তিম নিৰ্ণয়

HONOR Band 5 আৰু Mi Band 4 দুয়োটাই পাতল ওজনৰ আৰু দেখিবলৈ ষ্টাইলিছ। যিসকল লোকে গধুৰ, বা ডাঙৰ ফিটনেছ ট্ৰেকাৰ নিবিচাৰে, তেওঁলোকৰ বাবে এইকেইটা অতি উত্তম। কিন্তু আমি যদি দুটাৰ মাজত এটাহে বাচি ল’বলগীয়া হয়, আমি নিশ্চিত ৰূপত HONOR Band 5-টো নিৰ্বাচন কৰিম, কাৰণ বৈশিষ্ট্যৰ দিশৰ পৰা ইয়াত অধিক বৈশিষ্ট্য আছে। কেৱল এয়াই নহয়, HONOR Band 5-টো কিনিলে আপুনি দেখিব যে আপোনাৰ আপোনাৰ অগ্ৰগতি ট্ৰেক কৰাত ই অধিক কাৰ্যক্ষম। ই আপোনাক এনে তথ্য প্ৰদান কৰে যিবোৰ আপুনি Mi Band 4 ত নাপাব|

এইয়া আপোনাৰ স্মাৰ্টফোনটোৰ বাবে এক ষ্টাইলিছ আৰু ব্যৱহাৰযোগ্য সহযোগী। যদি পৰ্যালোচনাৰ দিশৰ পৰা চাবলৈ যায়, তেন্তে HONOR Band 5-টো Mi Band 4-তকৈ শ্ৰেষ্ঠ।

ইয়া্ৰ পৰা ক্ৰয় কৰিব পাৰিব-
Amazon: https://amzn.to/2owKqSR
Flipkart: https://bit.ly/2VyVUkS
আৰু চাওক পৰৱৰ্তী বাতৰি