HONOR 9S কিয় ক্ৰয় কৰিব? 7000 টকাৰ তলত এইটো হৈছে শ্ৰেষ্ঠ বাজেট স্মাৰ্টফোন!

News18 Assam | News18-Assam
Updated:August 13, 2020, 2:25 PM IST
HONOR 9S কিয় ক্ৰয় কৰিব? 7000 টকাৰ তলত এইটো হৈছে শ্ৰেষ্ঠ বাজেট স্মাৰ্টফোন!
এক আকৰ্ষণীয় ডিছপ্লে, আই কমফৰ্ট ম’ড, ডাৰ্ক ম’ড আৰু Android 10 ৰ ভিত্তিত নিৰ্মিত ফ্লেগশ্বিপ Magic UI 3.1ৰ দৰে অনেক বৈশিষ্ট্যৰ সৈতে HONOR9S হৈছে 2020ৰ শীৰ্ষ এন্ট্ৰি-লেভেল স্মাৰ্টফোন।

এক আকৰ্ষণীয় ডিছপ্লে, আই কমফৰ্ট ম’ড, ডাৰ্ক ম’ড আৰু Android 10 ৰ ভিত্তিত নিৰ্মিত ফ্লেগশ্বিপ Magic UI 3.1ৰ দৰে অনেক বৈশিষ্ট্যৰ সৈতে HONOR9S হৈছে 2020ৰ শীৰ্ষ এন্ট্ৰি-লেভেল স্মাৰ্টফোন।

  • Share this:
HONOR-য়ে মুক্তি দিছে এটা ব্ৰেণ্ড নিউ স্মাৰ্টফোন যিটোৱে ভাৰতৰ বজাৰত বাজেট ফোনৰ খণ্ডত খলকনি তুলিব। আপোনাক অধিক উত্পাদনশীলতা আৰু দক্ষতা প্ৰদান কৰিবৰ বাবে HONOR 9S হৈছে এক কমপেক্ট আৰু আলট্ৰা-শ্লিম স্মাৰ্টফোন, য’ত আছে 5.45-ইঞ্চি (13.8 ছে.মি) HONOR ফুল ভিউ ডিছপ্লে, আই কমফৰ্ট ম’ড, Android 10-ৰ ডাৰ্ক ম’ড, 2GB RAM, 32GB ROM আৰু ট্ৰিপল কাৰ্ড শ্ল’টৰ সৈতে ডুৱেল 4G নেন’-চিম স্মাৰ্টফোন, যাৰ মেম’ৰী 512 GB লৈকে প্ৰসাৰিত কৰিব পৰা যায়। এইটো চলে Android 10-ৰ ভিত্তিত নিৰ্মিত কোম্পানীৰ ফ্লেগশ্বিপ Magic UI 3.1-ত, যি আপোনাক 7000 টকাৰ তলৰ সুলভ মূল্যত সৰ্বোত্ত্ম স্মাৰ্টফোনৰ অভিজ্ঞতা প্ৰদান কৰে।

ইয়াৰ উত্তম 5.45-ইঞ্চি (13.8 ছে.মি) স্ক্ৰীনখনে 720x1440 পিক্সেল ৰিজলিউশ্যন, 16M কালাৰ আৰু 295.4ppi-ৰ পিক্সেল ডেনছিটীৰ সৈতে আপোনাক প্ৰদান কৰে চিনেমাৰ দৰে HD+ দৰ্শনৰ অভিজ্ঞতা। যিহেতু এই ফোনটোৰ ওজন মাত্ৰ 144 গ্ৰা. আৰু ই 8.35 মি.মি পাতল, কমপেক্ট; আপুনি সহজেই ইয়াক জেপত, হেণ্ডবেগত নাইবা হাতত লৈ ফুৰিব পাৰে। এই ফোনটোত পঢ়াৰ অভিজ্ঞতা সঁচাকৈয়ে আই কমফৰ্ট আৰু ডাৰ্ক ম’ডে উন্নত কৰি তোলে যিটো TüVRheinland ৰ দ্বাৰা প্ৰ্মাণিত। দিন হওক বা ৰাতি, ইয়াৰ ফেচিয়েল আনলক প্ৰযুক্তিয়ে আপোনাক দিয়ে গোপনীয়তা তথা সুৰক্ষাৰ এক অবিভেদ্য সুযোগ।



2GB RAM ৰ সৈতে 12nm MediaTek MT6762R প্ৰছেছৰৰ দ্বাৰা শক্তিপ্ৰাপ্ত এই ডিভাইছটোৱে আপোনাক কোনো অজুহাত নোহোৱাকৈ অবিশ্বাস্য কাৰ্যকাৰিতা আৰু প্ৰছেছিং প্ৰদান কৰে। HONOR 9Sত আছে 32GB অন-বৰ্ড ষ্ট’ৰেজ যিটো মাইক্ৰ SD কাৰ্ডৰ দ্বাৰা এক মেম’ৰী কাৰ্ড শ্ল’টৰ সহায়ত 512 GB লৈকে বৰ্ধিত কৰিব পাৰি। এইটোৰ দ্বাৰা আপুনি দুখন 4G ছিম, এটা এক্সপেণ্ডেবল মেম’ৰী শ্ল’ট একেসময়তে সম্পূৰ্ণ ৰূপত ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপুনি আপোনাৰ কৰ্মস্থান আৰু ব্যক্তিগত জীৱন একেটা ফোনৰ দ্বাৰাই সমান্তৰালভাৱে পৃথক কৰি ৰাখিব পাৰে, যিটো ফোনত দুখন নেন’ ছিম একেসময়তে ভৰাব পাৰি আৰু 512GB মেম’ৰীত ভৰাব পৰাকৈ ছৱি, সংগীত, ভিডিঅ’ আদিও ৰাখিব পাৰি।

এইটো ফোনত আছে f/2.0 এপাৰচাৰৰ সৈতে 8-মেগাপিক্সেল ৰীয়েৰ কেমেৰা আৰু সমুখত 5-মেগাপিক্সেল ছেলফি শ্বুটাৰ। পেনোৰামা ম’ডৰ সহায়ত আপুনি কৰিব পাৰে নানা পৰীক্ষণ যি আপোনাক একেটা ফ্ৰেমতে আটাইবোৰ উপাদান অনাত সহায় কৰে, আৰু আছে বিউটী ম’ড যি প্ৰতিবাৰেই নিখুঁত শ্বট সম্ভৱপৰ কৰি তোলে। তাৰোপৰি 3020mAh বেটেৰীৰ কাৰণে মাথোন এবাৰ চাৰ্জ কৰিয়েই আপুনি ফোনটো দিনটো ব্যৱহাৰ কৰিব পাৰে। 

আপোনাৰ ফোনটো এতিয়া ব’ৰিং ডিভাইচ এটাৰ দৰে পৰি থকাৰ কোনো প্ৰয়োজন নাই। উপলব্ধ দুটা আকৰ্ষণীয় ৰঙৰ বিকল্পৰ যিকোনো এটা বাছনি কৰি আপোনাৰ ৰঙীণ ব্যক্তিত্ব আৰু ষ্টাইল প্ৰদৰ্শন কৰক- য়’থ চেন্ট্ৰিক ব্লু আৰু ক্লাছিক ব্লেক। ইয়াৰোপৰি পৰম্পৰাগত 3.5 অডিঅ’ জেকটো ততালিকে সংযুক্ত হৈ আপুনি আপোনাৰ প্ৰিয় সংগীত আৰু চিনেমা ডাউনল’ড কৰি থোৱা বিশাল মেম’ৰীৰ পৰা সৰ্বাধিক আহৰণ কৰাত সহায় কৰে।

ইয়াৰোপৰি HONOR-য়ে নিশ্চিত কৰিছে আপুনি যাতে এই ফোনটো ভালদৰেই উপভোগ কৰিব পাৰে। ইয়াত শেহতীয়া AppGallery আগতে পৰাই ইনষ্টল হৈ থাকে আৰু প্ৰদান কৰে জনপ্ৰিয় কাৰ্যকৰী কিছুমান এপৰ সমাহাৰ। বৰ্তমান ই বিশ্বৰ তৃতীয় সৰ্ববৃহত্ এপ বিতৰণ প্লেটফৰ্ম যিটো Android 10 ভিত্তিক ব্ৰেণ্ড ফ্লেগশ্বিপ Magic UI 3.1 ত চালিত হয়।



এই AppGallery-ত কেৱল যোৱা ছমাহতে 1 নিযুত নতুন গ্ৰাহক যুক্ত হৈছে আৰু 100 নিযুতৰো অধিক ডাউনল’ড কৰা হৈছে। কেৱল এয়াই নহয়, AppGallery-ত উপলব্ধ 60,000+এপৰ মাজত আছে ভাৰতৰ শীৰ্ষ 500 এপৰ 85% আৰু শীৰ্ষ 160 এপৰ 95%- যিটোৱে ইয়াক ভাৰতীয় গ্ৰাহকৰ বাবে অধিক সুবিধাজনক কৰি তোলে। গ্ৰাহকক সকলো দিশৰে পৰাই সৰ্বোত্তম অভিজ্ঞতা প্ৰদান কৰাৰ লক্ষ্য সমুখত ৰাখি এই কোম্পানীটোৱে কেইবাটাও শীৰ্ষস্থানীয় ভাৰতীয় ডেভেলপাৰৰ সৈতে যুক্ত হৈ অধিক এপ অনাৰ যো-জা কৰি আছে।

যদি আপুনি AppGallery-ত আপোনাৰ এপতো বিচাৰি নাপায়, তেন্তে Phone Clone বৈশিষ্ট্যটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ এপসমূহ পুৰণি ফোনৰ পৰা নতুন ফোনলৈ আনিব পাৰিব। গ্ৰাহকৰ সুবিধাৰ্থে HONOR-য়ে শেহতীয়াকৈ Petal search আৰম্ভ কৰিছে, যিটো হৈছে আপোনাৰ এপ সন্ধান, পৰামৰ্শ, ডাউনল’ড তথা আপডেটৰ বাবে উত্তম সমাধান। ইয়াৰোপৰি Petal search-য়ে আপোনাক শীৰ্ষৰ বাতৰি, দৈনিক বতৰৰ ভূমুকি, লাইভ ক্ৰীড়াৰ সূচী, স্ক’ৰ, সংগীত, ছৱি, ভিডিঅ’ আদিও প্ৰদান কৰে। মেম’ৰী সচেতন ব্যৱহাৰকাৰীৰ বাবে Quick Apps হৈছে আন এটি সমাধান। এইটো ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসকলে সেই এপটো প্ৰকৃততে ডাউনল’ড নকৰাকৈয়ে তাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব- যাৰ ফলত আপোনাৰ ফোনত আপোনাৰ ছৱি, সংগীত, ভিডিঅ’ৰ বাবে অনেক স্পেচ ৰাহি হ’ব।

শেহতীয়াকৈ ভাৰতত 10,000 টকাৰ তলৰ স্মাৰ্টফোনৰ অতিশয় ডিমাণ্ড দেখা গৈছে, আৰু HONOR 9S হৈছে এক আগৰণুৱা স্মাৰ্টফোন। ইয়াৰ ‘Smart HuyiKhushiyaan' টেগলাইনটোৰ দৰেই, HONOR 9S য়ে সঁচাকৈয়ে কম মূল্যতে অনেক বৈশিষ্ট্য প্ৰদান কৰে। মাত্ৰ 6,499 টকাত উত্তম ষ্ট’ৰেজ, বেটেৰী জীৱন আৰু এক সৰ্বোত্তম দৰ্শন অভিজ্ঞতাসম্পন্ন এই ফোনটোৰ কোনো তুলনা নাই!

কেৱল সেয়াই নহয়! আমি জানো যে আপুনি ফোনটোৰ ছেল-ৰ বিষয়ে জানিব বিচাৰে। এই HONOR 9S ফোনটোৰ দ্বিতীয়টো ছেল Flipkart –ত দুপৰীয়া 12 বজাত, 14 আগষ্ট 2020-ৰ পৰা আৰম্ভ হ’ব। আপুনি 6 মাহলৈকে অতিৰিক্ত EMI নিদিয়াকৈ ক্ৰয় কৰিব পাৰে। আপোনাক জনাই দিওঁ যে প্ৰথম ছেল-ৰ সময়ত Flipkart-ত HONOR 9S কেইমিনিটমানৰ ভিতৰতেই আউট অৱ ষ্টক হৈ গৈছিল।



কল কৰি বিজয়ী হওক- প্ৰতিযোগিতা
লাভ আৰু আছে! আপুনি যদি ক্ৰয় কৰাৰ পাছত HONOR ইণ্ডিয়া গ্ৰাহক সেৱাত 18002109999-ত কল কৰে, আপোনাক বিনামূল্যে HONOR-ৰ VIP সেৱা আৰু এক 3 মহীয়া Hungama Music App-ৰ ছাবস্ক্ৰিপশ্যন প্ৰদান কৰা হ’ব। আপুনি যদি সৌভাগ্যশালী হয়, আপুনি এটা HONOR Band 3-ও জিকিব পাৰে, প্ৰতিসপ্তাহত তিনিজনকৈ বিজয়ী নিৰ্বাচন কৰা হ’ব! বিক্ৰীৰ প্ৰথম দিনৰ পৰা ব্ৰেণ্ডটোৱে Call & Win contest এখন 5 অক্টোবৰ, 2020 লৈকে পৰিচালনা কৰিব। এই HONOR 9S-ৰ বিক্ৰী Flipkart-ত 6th আগষ্ট, 2020ৰ 12:00 PM বজাৰ পৰা আৰম্ভ হ’ব।.

প্ৰডাক্টৰ বিষয়ে, মূল্য আৰু অফাৰৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক: https://bit.ly/33qtXBK

অধিক আকৰ্ষণীয় খবৰ - HONORMagicBook 15 এতিয়া উপলব্ধ!
HONOR-য়ে ইয়াৰ প্ৰথমটো লেপটপ - HONORMagicBook 15 শেহতীয়াকৈ ভাৰতত মুকলি কৰি দিছে। এই কমপেক্ট আৰু হাই-পাৰফৰ্মেন্স লেপটপটো গ্ৰাহকে Flipkart-ত ক্ৰয় কৰিব পাৰে আৰু অনেক সুবিধা লাভ কৰিব পাৰে।
HONORMagicBook 15 হৈছে ভাৰতৰ প্ৰথমটো লেপটপ যিটোত INR 45 হাজাৰতকৈ তলৰ পৰিসৰত 3 টাকৈ অনন্য উদ্ভাৱনী বৈশিষ্ট্য সাঙুৰি লোৱা হৈছে। এই বৈশিষ্ট্যসমূহ হৈছে Pop-up webcam, 2-in-1 ফিংগাৰপ্ৰিন্ট পাৱাৰ বাটন, আৰু 65W টাইপ-C কমপেক্ট মাল্টি-ডিভাইচ ফাষ্ট চাৰ্জিং। লগতে ইয়াত Microsoft Windows 10 Home প্ৰি-ইনষ্টলড হৈ থাকে আৰু Microsoft 365 ব্যক্তিগত ছাবস্ক্ৰিপশ্যনৰ এমহীয়া ফ্ৰী ট্ৰায়েল পোৱা যায়।



HONORMagicBook 15-ৰ বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক: https://bit.ly/33qtXBK

টোকা: আটাইবোৰ ট্ৰেডমাৰ্ক, ব্ৰেণ্ড নেম সেইবিলাকৰ মালিকপক্ষৰ সম্পত্তি। চৰ্তাৱলী প্ৰযোজ্য। আমাক আমাৰ অফিছিয়েল ৱেবছাইট www.hihonor.com/in আৰু চ’চিয়েল মিডিয়া হেণ্ডল (Facebook, Twitter, Instagram and YouTube) অনুসৰণ কৰক আৰু লাভ কৰক ব্ৰেণ্ড, প্ৰডাক্ট, অফাৰ আৰু প্ৰতিযোগিতাৰ অধিক বিৱৰণ।

এইটো এক পাৰ্টনাৰড পোষ্ট।
First published: August 13, 2020, 2:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading