• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Home Vastu Tips: যদি আপুনি নতুন ঘৰ বা ফ্লেট কিনিব বিচাৰিছে তেন্তে এই ৭টা কথা মনত ৰাখক

Home Vastu Tips: যদি আপুনি নতুন ঘৰ বা ফ্লেট কিনিব বিচাৰিছে তেন্তে এই ৭টা কথা মনত ৰাখক

সাংকেতিক ছবি

সাংকেতিক ছবি

Home Vastu Tips: মানুহে এটা নতুন ঘৰ বা ফ্লেট ক্ৰয় কৰে তেন্তে বাস্তু শাস্ত্ৰ (Vastu Sashtra)ৰ কিছুমান নিয়মৰ বিশেষ যত্ন লোৱা দৰকাৰ। নতুন ঘৰ বা ফ্লেট কিনাৰ সময়ত কোনবোৰ বাস্তু নিয়ম (Vastu Rules) মনত ৰাখিব লাগে জানি লওক।

  • Share this:
সকলোৱে তেওঁলোকৰ সপোনৰ ঘৰ বা ফ্লেট (New Home or Flat) এটা ক্ৰয় কৰিব বিচাৰে আৰু সেয়েহে সেই ঘৰটোত যাতে কোনো অসুবিধা নাথাকে সেইটোও বিচাৰে। সেই ঘৰ বা ফ্লেটটো তেওঁৰ বাবে ভাগ্যশালী হোৱাটো বিচাৰে সকলোৱে। নিজৰ পৰিয়াল যাতে সুখী হয়, সকলোতে প্ৰগতি আৰু আনন্দ থাকে তেনে এটা ঘৰ বিচাৰে সকলোৱে। কিন্তু বাস্তু দোষ (Vastu Dosh) যদি থাকে তেন্তে দামী, ধুনীয়া নতুন ঘৰ বা ফ্লেট এটাইও আপোনাৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। এইবোৰে আপোনাক স্বাস্থ্য, চাকৰি, কেৰিয়াৰ আদিত বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে যেতিয়া মানুহে এটা নতুন ঘৰ বা ফ্লেট ক্ৰয় কৰে তেন্তে বাস্তু শাস্ত্ৰ (Vastu Sashtra)ৰ কিছুমান নিয়মৰ বিশেষ যত্ন লোৱা দৰকাৰ। নতুন ঘৰ বা ফ্লেট কিনাৰ সময়ত কোনবোৰ বাস্তু নিয়ম (Vastu Rules) মনত ৰাখিব লাগে জানি লওক।

ঘৰ বা ফ্লেট কিনাৰ সময়ত মনত ৰাখিব লাগে এইসমূহ বাস্তু নিয়ম-

1. মন কৰিব লাগিব যে ঘৰ বা ফ্লেটৰ মুখ্য দুৱাৰ উত্তৰ, উত্তৰ-পূব বা পূৱত হ'ব লাগে। এনে মুখ্য দুৱাৰ থকা ঘৰবোৰ বাস্তুত সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।

2. আপুনি যি ঘৰ বা ফ্লেট কিনি আছে ইয়াৰ আকৃতি বৰ্গ বা আয়তাকাৰ হ'ব লাগে। এইটো স্থাপত্যগতভাৱে সন্মত। যদি ফ্লেট বা ঘৰৰ আৰম্ভণি বা শেষত কোণ হৈ আছে ইয়াক লোৱাৰ আগতে এজন ভাল বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লওক।

3. আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বা ফ্লেটৰ ঠিক সন্মুখত লিফ্ট, বেৰ বা ডাঙৰ গছ আদিৰ দ্বাৰা অৱৰোধ নকৰিব। যদি কৰে তেন্তে ই বাস্তু দোষ সৃষ্টি কৰিব।

4. যদি ঘৰ বা ফ্লেটৰ দক্ষিণ বা পশ্চিম দিশত ডাঙৰ পুখুৰী, যেনে চুইমিং পুল আদি থাকে, তেনেহ'লে ইয়াক ক্ৰয় কৰাটো উচিত নহয়।

5. ঘৰ বা ফ্লেটৰ পাকঘৰ দক্ষিণ-পূবত থাকিলে ঠিক আছে। পূব দিশত থাকিলে সকলোতকৈ ভাল। নিশ্চিত কৰিব যাতে পাকঘৰৰ মুখখন মুখ্য দুৱাৰৰ সন্মুখত নাথাকে।

6. ফ্লেট বা ঘৰৰ পূব বা উত্তৰ-পূব দিশত খালী ঠাই থাকিব লাগে। যদি বাৰান্দাটো দক্ষিণ বা পশ্চিম দিশত আছে, ইয়াক ক্ৰয় নকৰিব।

7. উপাসনাৰ স্থান উত্তৰ দিশত হ'ব লাগে, শিশু কোঠাটো উত্তৰ-পশ্চিম দিশত আৰু শোৱা কোঠাটো দক্ষিণ-পশ্চিম দিশত থাকিব লাগে। ।

(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ বিশ্বাস আৰু ধাৰণাৰ ওপৰত আধাৰিত।NEWS18 Assam NEয়ে এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক)
Published by:Manjumoni Borah
First published: