உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Coriander Seeds Water: ধনীয়া পানী খোৱাৰ বহুতো উপকাৰিতা আছে, সেইবোৰৰ বিষয়ে জানেনে?

    Coriander Seeds Water: ধনীয়া পানী খোৱাৰ বহুতো উপকাৰিতা আছে, সেইবোৰৰ বিষয়ে জানেনে?

    Coriander Seeds Water: ধনীয়াই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো ই ফলপ্ৰসূ বুলি প্ৰমাণিত।

    Coriander Seeds Water: ধনীয়াই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো ই ফলপ্ৰসূ বুলি প্ৰমাণিত।

    Coriander Seeds Water: ধনীয়াই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো ই ফলপ্ৰসূ বুলি প্ৰমাণিত।

    • Share this:
    আমি সকলোৱে ঘৰত দৈনন্দিন আহাৰত ধনীয়া (Coriander) ব্যৱহাৰ কৰো। সাধাৰণ শাক হওক বা যিকোনো বিশেষ ব্যঞ্জনেই হওক, ধনীয়া অবিহনে ইয়াৰ সোৱাদ আধৰুৱা হৈ থাকে। দাইল- তড়কা আদিতো বহুতে ধনীয়া ব্যৱহাৰ কৰে। পাকঘৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ধনীয়াৰ উপকাৰীতা কেৱল শাক-পাচলিৰ সোৱাদ বৃদ্ধি কৰাতেই সীমাবদ্ধ নহয়, ই স্বাস্থ্যৰ বাবেও উপযোগী বুলি প্ৰমাণিত।

    দৈনন্দিন খাদ্যত ব্যৱহৃত ধনীয়াত ভিটামিন এ আৰু ভিটামিন চিৰ বাহিৰেও বহুতো পুষ্টিকৰ উপাদান থাকে। বহুতে হাৰ্বেল চাহ আৰু কাঢ়া বনোৱাতো ধনীয়া ব্যৱহাৰ কৰে। ধনীয়া গুটীৰ (Coriander Seeds) পানী খোৱাৰ অভ্যাস যদি ৰুটিনত অন্তৰ্ভুক্ত হয়, তেন্তে ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ধনীয়া পানী (Coriander Seeds Water) কিয় সেৱন কৰিব লাগে জানো আহক।

    হেল্থলাইনৰ মতে, যিসকল লোকৰ হজম শক্তিৰ লগত জড়িত সমস্যা আছে, ধনীয়া পানী সেইসকল লোকৰ বাবে এক আশীৰ্বাদ। ই পেটৰ বিষ আৰু গেছৰ দৰে সমস্যাৰ পৰা উপশম দিয়ে।

    গ্ৰীষ্মকালত ধনীয়া পানী খালে শৰীৰ জলসিঞ্চিত হৈ থাকে। লগতে ই শৰীৰত সতেজতা আৰু পানীৰ পৰিমাণ বজাই ৰাখে।

    যিসকল লোকৰ গাঁঠি বা বাত বিষ হয়, তেওঁলোকে নিয়মীয়াকৈ ধনীয়া পানী খাব লাগে। বিষ কমাবলৈ ই সহায়ক।

    ধনীয়াৰ পানীয়ে শৰীৰত বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু ওজন হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত।

    ধনীয়া পানী সেৱন কৰিলে ছালৰ ভাল হয়। ইয়াৰ এণ্টিফাংগেল আৰু এণ্টি বেক্টেৰিয়েল গুণ আছে। যিয়ে ছালখন পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰে।

    ধনীয়াৰ পানী চুলিৰ বাবেও অতি উপকাৰী। ইয়াত থকা ভিটামিন-চিয়ে চুলি মজবুত কৰে।

    প্ৰতিদিনে ধনীয়া পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বৃদ্ধি পায়।

    ধনীয়াত থকা গুণসমূহে পাৰ্কিনছন, এলঝেইমাৰৰ দৰে ৰোগ নিয়ন্ত্ৰণতো সহায়ক বুলি প্ৰমাণিত হয়। ই স্নায়ুকোষক ক্ষতিৰ পৰা ৰক্ষা কৰে।

    ধনীয়াই বেয়া কলেষ্টেৰল (Bad Cholesterol) হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাতো ই ফলপ্ৰসূ বুলি প্ৰমাণিত।
    Published by:Manjumoni Borah
    First published: