• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Home Remedies For Facial Hair Removal: মুখৰ অবাঞ্ছিত চুলিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি, এই ৪টা সহজ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক, মুখখন পৰিষ্কাৰ দেখাব

Home Remedies For Facial Hair Removal: মুখৰ অবাঞ্ছিত চুলিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি, এই ৪টা সহজ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক, মুখখন পৰিষ্কাৰ দেখাব

সাংকেতিক ছবি

সাংকেতিক ছবি

Home Remedies For Facial Hair Removal: ঘৰুৱা প্ৰতিকাৰবোৰ পাৰ্লাৰত ব্যৱহৃত ৰাসায়নিক সামগ্ৰীৰ তুলনাত আপোনাৰ ছালৰ বাবে অধিক সুৰক্ষিত হ'ব, যাৰ সহায়ত আপুনি কোনো খৰচ নকৰাকৈ সহজে মুখখন পৰিষ্কাৰ কৰিব পাৰে।

  • Share this:
যদি আপোনাৰ পাৰ্লাৰলৈ গৈ মুখৰ অবাঞ্ছিত নোমবোৰ (Unwanted Facial Hair) আঁতৰাবলৈ ভাল নাপায়, তেনেহ'লে ঘৰতো কিছুমান প্ৰাকৃতিক বস্তুৰ সহায়ত আপুনি সেইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই ঘৰুৱা প্ৰতিকাৰবোৰৰ সহায়ত মুখৰ নোমবোৰ আঁতৰাবলৈ সক্ষম হ'ব আৰু লগতে নোমবোৰৰ বৃদ্ধিও হ্ৰাস হ'ব। ইয়াৰ বাহিৰেও এই ঘৰুৱা প্ৰতিকাৰবোৰ পাৰ্লাৰত ব্যৱহৃত ৰাসায়নিক সামগ্ৰীৰ তুলনাত আপোনাৰ ছালৰ বাবে অধিক সুৰক্ষিত হ'ব, যাৰ সহায়ত আপুনি কোনো খৰচ নকৰাকৈ সহজে মুখখন পৰিষ্কাৰ কৰিব পাৰে।

একেলগে অমিতা আৰু হালধি ব্যৱহাৰ কৰা
মুখৰ চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ অমিতাৰ পেষ্ট এটা বনাওক আৰু ইয়াত এক চিকুট হালধি যোগ দিয়ক। আপুনি ইয়াত এলোভেৰা জেল আৰু ভিটামিন ই তেল যোগ দিব পাৰে। এতিয়া এই পেষ্টটো ভালদৰে ফেটি লওক আৰু ইয়াক ২ মিনিটৰ বাবে ৰাখক। এতিয়া মুখখন পৰিষ্কাৰ কৰক আৰু মচি দিয়ক। এতিয়া এই পেষ্টটো মুখ আৰু ডিঙিত প্ৰয়োগ কৰক। ১৫ মিনিটৰ পিছত মুখখন পাতলকৈ তিতা হাতেৰে ঘঁহি দিয়ক আৰু পেষ্টটো আঁতৰাবলৈ চেষ্টা কৰক। এতিয়া মুখখন ধুই দিয়ক।

আখৰোটৰ বাকলি আৰু মৌৰ পেষ্ট
প্ৰথমে আখৰোটৰ কিছুমান বাকলি ভাঙি মিক্সিত ৰাখক আৰু পাউডাৰ এটা বনাওক। এতিয়া এটা বাটিত একৰ পৰা দুই চাহ চামুচ পাউডাৰ লওক আৰু ইয়াত সমান পৰিমাণে মৌ যোগ দিয়ক। এই পেষ্টটো স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰক। নিয়মীয়া ব্যৱহাৰে মুখৰ চুলিৰ বৃদ্ধি হ্ৰাস কৰিব।

কল আৰু ওটছৰ পেষ্ট
প্ৰথমে ওটচখিনি গুৰি কৰি পাউডাৰ তৈয়াৰ কৰি লওক আৰু ইয়াত কল মিহলি কৰক। এই মিশ্ৰণটো মুখত প্ৰয়োগ কৰক আৰু ১৫ মিনিটৰ পিছত অলপ সময়ৰ বাবে ঘঁহি থাকক। অলপ সময়ৰ পিছত ধুই পেলাওক।

মৌ, চেনী আৰু নেমু
পেষ্ট এটা তৈয়াৰ কৰিবলৈ আৰু গেছ অন কৰি লৈ দুই চাহ চামুচ চেনী, দুই চাহ চামুচ নেমুৰ ৰস, এক চামুচ মৌ এটা পেনত মিহলি কৰক। কাঠৰ চামুচৰ সহায়ত, ইয়াক একেৰাহে চলাই থাকক আৰু ইয়াক তলত লাগি থাকিবলৈ নিদিব। যদি পেষ্টটো অত্যধিক ডাঠ হয়, আপুনি ইয়াত অলপ পানী যোগ দিব পাৰে। লাহে লাহে ইয়াৰ ৰং পাতল মুগা সোণালী হ'বলৈ আৰম্ভ কৰিব। তাৰ পিছত গেছটো বন্ধ কৰক আৰু ৱেক্সখিনি অলপ ঠাণ্ডা হ'বলৈ দিয়ক। এতিয়া ইয়াক আপোনাৰ ছালত মমৰ দৰে ব্যৱহাৰ কৰক।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি