মহিলাই দীঘল, ডাঠ আৰু ঘন চুলি খুব ভাল পায়। অৱশ্যে, প্ৰদূষণ, ৰাসায়নিক সামগ্ৰী আৰু জীৱনশৈলীৰ প্ৰভাৱৰ বাবে চুলি গজা আৰু দীঘল হোৱা কঠিন হৈ পৰিছে। কিছুমান কাৰ্যকৰী ঘৰুৱা প্ৰতিকাৰ চুলিৰ বিকাশৰ বাবে ভাল বুলি প্ৰমাণিত হয়। ফ্লেক্স বীজৰ ব্যৱহাৰ হৈছে চুলিৰ বিকাশৰ বাবে এটা কাৰ্যকৰী উপকৰণ। অমেগা-৩ ফেটি এচিড, ফাইবাৰ আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণেৰে সমৃদ্ধ ফ্লেক্স বীজে চুলিৰ দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগতে সেইবোৰ সৰা, ফটা আৰু পাতল হোৱা প্ৰতিহত কৰে। দীঘল চুলিৰ বাবে ফ্লেক্স বীজ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানক।
দীঘল চুলিৰ বাবে ফ্লেক্স বীজৰ ব্যৱহাৰঃমূৰ মালিচ কৰক-মূৰ ফ্লেক্স বীজ তেলেৰে মালিচ কৰিলে ভাল। গা ধোৱাৰ প্ৰায় আধা ঘণ্টা আগতে চুলিত ফ্লেক্স বীজৰ তেল প্ৰয়োগ কৰি কিছু সময়ৰ পিছত মূৰটো ধুব। এই পদ্ধতিটো চুলিৰ দৈৰ্ঘ্য বৃদ্ধি কৰাত কাৰ্যকৰী হ’ব।
ফ্লেক্স চীড জেল-ফ্লেক্স বীজ চুলিৰ জেলৰ দৰেও ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে, এটা পাত্ৰত পানী ঢালি তাত ফ্লেক্স বীজ দি জুইত দিব। যেতিয়া পানী উতলিবলৈ আৰম্ভ কৰিলে ফ্লেক্স বীজবোৰ উজ্জ্বল হ'বলৈ আৰম্ভ কৰিব। ঠাণ্ডা হোৱাৰ পিছত কপাহৰ কাপোৰ এখনেৰে ফ্লেক্স বীজৰ এই মিশ্ৰণটো ঢালি ইয়াক কাপোৰেৰে নিগৰিবলৈ দিয়ক। নিগৰি অহা এই জেল সদৃশ অৱশিষ্টখিনিয়ে ফ্লেক্স চীডছ জেল। এই জেলটো চুলিৰ শিপাৰ পৰা গুৰিলৈ প্ৰয়োগ কৰিব পাৰি।
ফ্লেক্স বীজ চুলিৰ মাস্ক-ফ্লেক্স বীজৰ পৰা প্ৰস্তুত কৰা জেল ব্যৱহাৰ কৰি চুলিৰ বাবে হেয়াৰ মাস্ক তৈয়াৰ কৰিব পাৰি। চুলিৰ মাস্কে চুলি দীঘল কৰাত সহায় কৰে। প্ৰথমে, ৩ চাহ চামুচ ফ্লেক্স বীজৰ জেলত এক চাহ চামুচ এল'ভেৰা জেল, ২ টা ভিটামিন-ই কেপচুল আৰু ২ চাহ চামুচ বাদাম তেল মিহলাওক। এই মিশ্ৰণ ভালদৰে মিহলি কৰি চুলিত প্ৰয়োগ কৰক। দীঘল চুলি পাবলৈ এই মাস্কটো সপ্তাহত ২ বাৰ ব্যৱহাৰ কৰিব পাৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 05, 2023, 09:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।