ঘৰ কিনিবলৈ বিচাৰে যদি অপেক্ষা কৰক! বাজেটত নতুন সুবিধা প্ৰদানৰ প্ৰস্তুতি!

News18 Assam | News18-Assam
Updated:January 15, 2020, 1:23 PM IST
ঘৰ কিনিবলৈ বিচাৰে যদি অপেক্ষা কৰক! বাজেটত নতুন সুবিধা প্ৰদানৰ প্ৰস্তুতি!
নিৰ্মীয়মান অৱস্থাত থকা ঘৰত কৰ ৰেহাই দিয়াৰ প্ৰস্তুতি চলিছে। বাজেটত হোম বায়াৰ্ছ সকলে পাব পাৰে ৩টা বিশেষ সুবিধা। 

নিৰ্মীয়মান অৱস্থাত থকা ঘৰত কৰ ৰেহাই দিয়াৰ প্ৰস্তুতি চলিছে। বাজেটত হোম বায়াৰ্ছ সকলে পাব পাৰে ৩টা বিশেষ সুবিধা। 

  • Share this:
১ফেব্ৰুৱাৰীত দাখিল হ’বলগীয়া বাজেটত চৰকাৰে ঘৰ ক্ৰয় কৰোতাসকলৰ কাৰণে অধিক কৰ ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা। চিএনবিচি আৱাজে লাভ কৰা এক্সক্লুছিভ খবৰ অনুসৰি ৰিয়েল ইষ্টেট চেক্টৰক উদ্গনি জনাবলৈ চৰকাৰে বহুকেইটা প্ৰস্তাৱ বিবেচনা কৰি আছে। ধাৰা ২৪ৰ অধীনত এতিয়া সুতৰ ওপৰত ২লাখ টকালৈ ৰেহাই লাভ কৰে। হাউচিং মিনিষ্ট্ৰীয়ে এই পৰিমাণ বৃদ্ধি কৰি ৫লাখ টকা কৰিব পাৰে। ইয়াৰ লগতে আণ্ডাৰ কনষ্ট্ৰাকশ্যন ঘৰৰ ওপৰতো কৰ ৰেহাই দিয়াৰ প্ৰস্তুতি চলোৱা হৈছে। হোম লোনৰ প্ৰিন্সিপাল এমাউণ্টৰ ওপৰত থকা ৰেহাইৰ পৰিমাণো বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ৮০চি ধাৰাৰ অধীনত প্ৰিন্সিপাল এমাউণ্টৰ ওপৰত ক্ৰেতাই ৰেহাই লাভ কৰে। লগতে চেকশ্যন ৫৪ৰ অধীনত কেপটেল গেইনছৰ চৰ্তাৱলীৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰা হ’ব পাৰে। এতিয়া কেপিটেল গেইনছ টেক্সৰ ৰেহাই দুটা ঘৰলৈকে সীমাৱদ্ধ। দুটা ঘৰৰ সীমা আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হ’ব পাৰে। এইক্ষেত্ৰত হাউচিং মিনিষ্ট্ৰী আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত প্ৰস্তাৱক লৈ কেইবালানিও বৈঠক হৈছে।

উল্লেখযোগ্য যে হোম লোন ল’লে ৮০চিৰ অধীনত বছৰেকত প্ৰিন্সিপাল এমাউণ্টৰ ওপৰত ১.৫লাখ টকালৈকে ডিডাকচনৰ সুবিধা লাভ কৰে। অৰ্থাৎ ইমান টকা আপুনি কৰ দিবলগীয়া টকাৰ পৰা হ্ৰাস কৰিব পাৰে।

একেধৰণে ইনকাম টেক্সৰ ধাৰা ২৪বিৰ অধীনত হোম লোনৰ সুতৰ ওপৰত বছৰেকত ২লাখ টকালৈকে কৰ ৰেহাই লাভ কৰে। বিগত বৰ্ষত বাজেটত বিত্ত মন্ত্ৰীয়ে কৈছিল যে এটা পৃথক ধাৰা ৮০ইইএৰ অধীনত ৪৫লাখ টকা পৰ্যন্তৰ ঘৰত ১.৫লাখ টকাৰ অতিৰিক্ত ৰেহাই হোম লোনৰ সুত আদায় দিওতে পাব।

এইধৰণে আপুনি বছৰেকত ৩.৫লাখ টকালৈকে আদায় কৰা হোম লোনৰ সুতৰ পৰিৱৰ্তে কৰ ৰেহাই লাভ কৰিছে। কিন্তু এই সুবিধা কেৱল চলিত বিত্তীয় বৰ্ষলৈকে আছিল। গতিকে এইবাৰৰ বাজেটত সকলোৰে দৃষ্টি আৱদ্ধ যে বিত্ত মন্ত্ৰীয়ে এই দিশত আগলৈ কি কৰে।

(লক্ষ্মণ ৰায়, ইক’নমিক পলিচী এডিটৰ,CNBC Awaaz)
Published by: Tulika Devi
First published: January 15, 2020, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading