মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Facebookৰ সৈতে উদযাপন কৰক Holi, ফেচবুকত শ্বেয়াৰ কৰক নিজৰ হোলী বিশেষ Personalised Avatar Sticker! জানি লওক কেনেদৰে ব্যৱহাৰ কৰিব

Facebookৰ সৈতে উদযাপন কৰক Holi, ফেচবুকত শ্বেয়াৰ কৰক নিজৰ হোলী বিশেষ Personalised Avatar Sticker! জানি লওক কেনেদৰে ব্যৱহাৰ কৰিব

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:04 PM IST
Facebookৰ সৈতে উদযাপন কৰক Holi, ফেচবুকত শ্বেয়াৰ কৰক নিজৰ হোলী বিশেষ Personalised Avatar Sticker! জানি লওক কেনেদৰে ব্যৱহাৰ কৰিব
মহামাৰীয়ে গ্ৰাস কৰা এই সময়ত সকলোকে ঘৰতেই হোলী উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ মাজতে ফেচবুকে আনিছে ভাল খবৰ ৷ ২০২০ৰ দিপাৱলীৰ দৰেই এইবেলি হোলীৰ উদযাপনৰ বাবে ফেচবুকে ঘোষণা কৰিছে হোলী বিশেষ Personalized Avatar Sticker ।

মহামাৰীয়ে গ্ৰাস কৰা এই সময়ত সকলোকে ঘৰতেই হোলী উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ মাজতে ফেচবুকে আনিছে ভাল খবৰ ৷ ২০২০ৰ দিপাৱলীৰ দৰেই এইবেলি হোলীৰ উদযাপনৰ বাবে ফেচবুকে ঘোষণা কৰিছে হোলী বিশেষ Personalized Avatar Sticker ।

  • Share this:
কাইলৈৰ পৰা দেশজুৰি উদযাপন কৰা হ’ব ৰঙৰ উৎসৱ হোলী ৷ মহামাৰীয়ে গ্ৰাস কৰা এই সময়ত সকলোকে ঘৰতেই ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ মাজতে ফেচবুকে আনিছে ভাল খবৰ ৷ হোলীৰ উছাহ যাতে ম্লান নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ফেচবুকে ঘোষণা কৰিছে হোলী বিশেষ Personalised Avatar Stickerৰ কথা ।

ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই নতুন Personalised Avatar ব্যৱহাৰকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কিয়নো এই Stickerবোৰে তেওঁলোকক কোভিদ১৯ মহামাৰীৰ সময়ত ফেচবুকৰ পৃষ্ঠাত নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ সুবিধা ইয়াৰ দ্বাৰাই প্ৰকাশৰ সুবিধা প্ৰদান কৰিব৷। এই নতুন হোলী থিমযুক্ত ষ্টিকাৰবোৰ মন্তব্য শাখাত থকা ষ্টিকাৰ লাইব্ৰেৰী বা ফেচবুক মেচেঞ্জাৰত দেখা যাব ।

মহামাৰীৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতেই উৎসৱ উদযাপন কৰি নিজকে প্ৰকাশ কৰিবলৈ ফেচবুকে বিগত বৰ্ষৰ দিপাৱলীৰ সময়তো একেধৰণৰ Personalised Avatar Stickerৰ ঘোষণা কৰিছিল। লগতে ইয়ে সকলোকে ঘৰৰ পৰাই দিপাৱলী উদযাপনৰ বাবে উৎসাহিত কৰিবলৈ #DiwaliAtHomeChallengeৰ দৰে এক Challengeও চলাইছিল ফেচবুকত ।

হোলীৰ এই Personalised Avatarবোৰত ৰঙৰ উৎসৱ চিহ্নিত কৰিবলৈ পিচকাৰী (Pichkari)ৰ লগতে ৰঙীন বেকগ্ৰাউণ্ডত ব্যৱহাৰকাৰীসকলৰ মুখত যাতে ৰং লাগি থাকে তেনেদৰে ডিজাইন কৰা হৈছে । হোলীৰ এই সময়ত ফেচবুকত আপোনাৰো Avatar সৃষ্টি কৰিবলৈ, এণ্ড্ৰইড বা iOS স্মাৰ্টফোনত ফেচবুক বা মেচেঞ্জাৰ এপটো খোলক আৰু যিকোনো Comment Sectionলৈ যাওক। আপোনাৰ অৱতাৰ সৃষ্টি কৰিবলৈ 'Smiley' Button> Sticker Tab> Create Your Avatar এনেদৰে কৰক ।

উল্লেখ কৰা অনুসৰি, ব্যৱহাৰকাৰীসকলে ফেচবুক পোষ্টত পোষ্ট বা মন্তব্য কৰাৰ সময়ত বা মেচেঞ্জাৰ ব্যৱহাৰ কৰোতে নতুন হোলী ষ্টিকাৰবোৰ ষ্টিকাৰ লাইব্ৰেৰীত দেখা যাব ।

ব্যৱহাৰকাৰীসকলে ফেচবুক এপত বুকমাৰ্ক শাখাতো Avatar Creatar বিচাৰি পাব পাৰে। যদি ব্যৱহাৰকাৰীসকলে হোলীৰ এই নতুন Personalised Avatar বিচাৰিবলৈ অক্ষম হয়, তেন্তে নিশ্চিত কৰক আপুনি Latest এপ ব্যৱহাৰ কৰি আছে নে নাই । গুগল প্লে ষ্ট'ৰ বা এপ’ল এপ ষ্টোৰৰ জৰিয়তে এপটো আপডেট কৰিব পাৰিব । এক বিবৃতিত ফেচবুকে উল্লেখ কৰিছে যে, ভাৰতত চাৰি মিলিয়নতকৈও অধিক লোকে বিগত দুটা সপ্তাহত হোলী বিষয়ক ৬.৬ মিলিয়নতকৈও অধিক পোষ্ট আৰু মন্তব্য প্ৰকাশ কৰিছে ফেচবুকত ।
First published: March 27, 2021, 6:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি