প্ৰথমতে ক’ব বিচাৰিছো যে এই ভয়ংকৰ ঘটনা বাস্তৱ নহয়। এইটো এখন চিনেমাৰ কাহিনী আৰু কাহিনীৰ অভিনেত্ৰী হৈছে হিনা খান। এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে যথেষ্ট অন্তৰংগ দৃশ্যত অংশ লৈছে আৰু নায়িকাৰ সেই দৃশ্য ইণ্টাৰনেটত বিয়পি পৰাক লৈয়ে চিনেমাৰ কাহিনী।
পৰিচাবক বিক্ৰম ভাটে ‘ইণ্টাৰনেট হেকিং’ক লৈ নিৰ্মাণ কৰা ছবিখনৰ নাম ‘হেকড’। এই চিনেমাখনত ১৯বছৰীয়া এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰি জীৱনলৈ বিপদ মাতি আনে হিনা খানে। ইণ্টাৰনেটত বিয়পি পৰে হিনা খানৰ সেই দৃশ্য।
ইণ্টাৰনেটে চলোৱা পৃথিৱীত এতিয়া সকলো সহজলভ্য। নিজৰ ফটো আৰু ব্যক্তিগত তথ্যক লৈ সাৱধান নহ’লে ইণ্টাৰনেটে আপোনাৰ জীৱন শেষ কৰি দিব পাৰে। বিভিন্ন সময়ত তথ্য বিয়পি পৰাৰ ফলত যথেষ্ট বিপদতো পৰিছে অসংখ্যজন, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই মাধ্যম অতি স্পৰ্শকাতৰ। এই বিষয়বস্তু লৈয়ে নিৰ্মাণ কৰা হৈছে বিক্ৰম ভাটৰ ছবি ‘হেকড’
ছবিখনৰ ট্ৰেইলাৰ শেহতীয়াকৈ মুক্তি পাইছে। উত্তেজক দৃশ্য আৰু থ্ৰীলাৰেৰে যে ছবিখন ভৰপূৰ হ’ব সেয়া উমান পোৱা গৈছে।
চাওক ট্ৰেইলাৰঃ
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|