• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ছৱাই ভাটৰ সৈতে হিমেশ ৰেশামিয়াৰ নতুন মিউজিক এলবাম ‘হিমেশ কে দিল ছে’

ছৱাই ভাটৰ সৈতে হিমেশ ৰেশামিয়াৰ নতুন মিউজিক এলবাম ‘হিমেশ কে দিল ছে’

হিমেশ ৰেশামিয়া (Himesh Reshammiya)ই ছৱাই ভাটৰ সৈতে নিজৰ মিউজিক এলবামৰ কথা ঘোষণা কৰিছে।

হিমেশ ৰেশামিয়া (Himesh Reshammiya)ই ছৱাই ভাটৰ সৈতে নিজৰ মিউজিক এলবামৰ কথা ঘোষণা কৰিছে।

হিমেশ ৰেশামিয়া (Himesh Reshammiya)ই ছৱাই ভাটৰ সৈতে নিজৰ মিউজিক এলবামৰ কথা ঘোষণা কৰিছে।

  • Share this:
টিভি জগতৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ইণ্ডিয়ান আইডল ১২ (Indian Idol 12) চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ ছৱাই ভাট (Sawai Bhatt) শ্ব’ৰ পৰা বাহিৰ হয়। ছৱাই বাহিৰ হোৱাৰ পিছতে এই শ্ব’ পুনৰ চৰ্চালৈ আহে। দৰ্শকে ইণ্ডিয়ান আইডলৰ ওপৰত পক্ষপাত কৰাৰ অভিযোগ কৰে আৰু শ্ব’টো ফিক্সড হোৱা বুলিও দাবী কৰে। ছৱাই ভাটৰ এলিমিনেচনে তেওঁৰ অনুৰাগীসকলক দুখিত কৰিছে। শ্ব’ৰ পৰা বাহিৰ হোৱাৰ পিছতে টুইটাৰত ছৱাই ভাটৰ নাম ট্ৰেণ্ডিং কৰিবলৈ লয়। অনুৰাগীসকলে ছৱাইক শ্ব’ৰ পৰা বাহিৰ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে। কিন্তু এতিয়া তেওঁৰ অনুৰাগীসকলৰ বাবে এক ভাল খবৰ।

হিমেশ ৰেশামিয়া (Himesh Reshammiya)ই ছৱাই ভাটৰ সৈতে নিজৰ মিউজিক এলবামৰ কথা ঘোষণা কৰিছে। দুটাকৈ ব্লকব্লাষ্টাৰ এলবামৰ সফলতাৰ পিছত এতিয়া ৰকষ্টাৰ হিমেশ ৰেশামিয়াই ইণ্ডিয়ান আইডলৰ ছৱাই ভাটৰ সৈতে পৰৱৰ্তী এবাম ‘হিমেশ কে দিল ছে’ৰ ঘোষণা কৰিছে। হিমেশ ৰেশামিয়াই ছচিয়েল মিডিয়াৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। তেওঁ নিজৰ আৰু ছৱাইৰ এখন ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই খবৰ জনাইছে।



নিজৰ পোষ্টত হিমেশে লিখিছে – ‘কম্পোজাৰ হিচাপে মোৰ প্ৰথম আৰু নতুন এলবাম ‘হিমেশ কে দিল ছে’ মোৰ মিউজিক লেবেল হিমেশ ৰেশামিয়া মেল’ডিজত ৰিলিজ হ’ব। এই গানটো ছৱাই ভাটে গাইছে আৰু শেহতীয়াকৈ মই তেওঁৰ গানটো ৰেকৰ্ড কৰিছো। আৰু এই এলবামৰ প্ৰথমটো গান ৰিলিজৰ তাৰিখ শীঘ্ৰে ঘোষণা কৰিম।


Published by:Sanjay Kumar Das
First published: