মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »বিলাসী বাহন এৰি ঘোঁৰাৰ পিঠিত হিমন্ত বিশ্ব শৰ্মা! কিয়?

বিলাসী বাহন এৰি ঘোঁৰাৰ পিঠিত হিমন্ত বিশ্ব শৰ্মা! কিয়?

চুলতানৰ পিঠিত উঠি ৰাইডিং কৰিলে ৰাজ্যৰ বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

চুলতানৰ পিঠিত উঠি ৰাইডিং কৰিলে ৰাজ্যৰ বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

চুলতানৰ পিঠিত উঠি ৰাইডিং কৰিলে ৰাজ্যৰ বিত্ত, স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  • Share this:
    লোকসভা নিৰ্বাচনৰ সময়ত ৰোড শ্বো কৰি সকলোকে আকৰ্ষিত কৰা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ দেখা গ’ল হৰ্ছ ৰাইডাৰৰ ৰূপত।দেওবাৰৰ দিনটোত তেজস্বী চুলতানৰ পিঠিত উঠি ৰাইডিং কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখৰাৰ গুৱাহাটী হৰ্চ ৰাইডিং আৰু পলৰ অত্যাধুনিক চেন্টাৰ মুকলি কৰি নিজেই তিনি পাক ঘোঁৰা চলাই আনন্দ ললে হিমন্ত বিশ্ব শৰ্মাই।

    উল্লেখযোগ্য যে একক প্ৰচেষ্টাৰে গুৱাহাটীত এই হৰ্ছ ৰাইডিং ইকুষ্টেৰিয়ান পল ইভেন্টটোৰ প্ৰশিক্ষণ শিৱিৰ আৰম্ভ কৰিছে আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ তথা ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেন্ট কৰ্ণেল ড: আশুতোশ ত্ৰিপাথীয়ে। দেওবাৰে ৰাজ্যৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে মুকলি কৰে লখৰাৰ গুৱাহাটী হৰ্ছ ৰাইডিং আৰু পলৰ অত্যাধুনিক চেন্টাৰ। লগতে মন্ত্ৰীজনে নিজেই ঘোঁৰা চলাইয়ো আকৰ্ষিত কৰিলে উপস্থিত সকলোকে।



    সেইদৰে প্ৰথমবাৰলৈ গুৱাহাটীত আৰম্ভ হোৱা এই ইকুষ্টেৰিয়ানৰ শিৱিৰত বিশেষভাৱে সক্ষম শিশু সকলৰ প্ৰশিক্ষনৰ বাবেও কৰা হৈছে বিশেষ ব্যৱস্থা।

    শেহতীয়া বাতৰি