পাটিয়ালাৰ শিবিৰত গামোচাৰ টি-চাৰ্ট পিন্ধি অসমৰ হস্ততাঁত- বস্ত্ৰশিল্পৰ প্ৰচাৰ হিমা দাসৰ 

News18 Assam | News18-Assam
Updated:August 9, 2020, 12:23 AM IST
পাটিয়ালাৰ শিবিৰত গামোচাৰ টি-চাৰ্ট পিন্ধি অসমৰ হস্ততাঁত- বস্ত্ৰশিল্পৰ প্ৰচাৰ হিমা দাসৰ 
এতিয়া পাঞ্জাৱৰ পাটিয়ালাত কঠোৰ অনুশীলনত ব্যস্ত অসমৰ তাৰকা এথলীট হিমা দাস।

এতিয়া পাঞ্জাৱৰ পাটিয়ালাত কঠোৰ অনুশীলনত ব্যস্ত অসমৰ তাৰকা এথলীট হিমা দাস।

  • Share this:
এতিয়া পাঞ্জাৱৰ পাটিয়ালাত কঠৈৰ অনুশীলনত ব্যস্ত অসমৰ তাৰকা এথলীট হিমা দাস।  হিমা দাসে পাঞ্জাৱত থাকিয়েই অসমৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে চেষ্টা চলাইছে। আজৰি সময়ত অসমীয়া গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পৰিধান কৰি অসমৰ হস্ততাঁত বস্ত্ৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে এক সুকীয়া বাৰ্তা প্ৰেৰণ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে।

Photo : Facebook


সেয়াই নহয়, হিমা দাসে তেওঁৰ ইনষ্টাগ্ৰাম পেজত অসমীয়া গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পিন্ধি ফটো আপলোড কৰি সকলো অসমীয়াকে অসমৰ হস্ততাঁত বস্ত্ৰ শিল্পক আদৰি লবলৈ আহ্বান জনাইছে। আনকি অসমৰ গামোচাৰে প্ৰস্তুত কৰা টি-চাৰ্ট পৰিধান কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও চেষ্টা কৰিছে হিমা দাসে।
Published by: Himangshu Bhuyan
First published: August 8, 2020, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading