কেবল স্বৰ্ণপদক লাভেই নহয়, ৰাষ্ট্ৰীয় অভিলেখো স্থাপন কৰে হিমা দাস থকা মহিলা দলটোৱে।
কেবল স্বৰ্ণপদক লাভেই নহয়, ৰাষ্ট্ৰীয় অভিলেখো স্থাপন কৰে হিমা দাস থকা মহিলা দলটোৱে।
টকিঅ’ অলিম্পিকৰ প্ৰাকমুহূৰ্তত তাৰকা এথলীট হিমা দাসে আনিলে সুখবৰ। অসমৰ সফল খেলুৱৈ হিমা দাসে পাটিয়ালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছৰ ৰীলেত সফলতা অৰ্জন কৰিছে। সোমবাৰে পাটিয়ালাৰ ট্ৰেকত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰীৰ মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত স্বৰ্ণপদক লাভ কৰে হিমা দাসে।
কেবল স্বৰ্ণপদক লাভেই নহয়, ৰাষ্ট্ৰীয় অভিলেখো স্থাপন কৰে হিমা দাস থকা মহিলা দলটোৱে। মহিলা ৰীলে দলটোত আছিল হিমা দাস, দুতি চান্দ, ধনলক্ষ্মী আৰু চুছীন্দ্ৰন। ইণ্ডিয়ান গ্ৰাঁ প্ৰীৰ মহিলাৰ ৪×১০০ মিটাৰ ৰীলে দৌৰত স্বৰ্ণপদক অৰ্জন কৰিলেও হিমা দাসে এইপৰ্যন্ত টকিঅ’ অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাই।
বৃহস্পতিবাৰৰ পৰা পাটিয়ালাতে আন্তঃৰাজ্যিক এথলেটিকছ অনুষ্ঠিত হ’ব, তাত সফল হ’লেহে হিমাই লাভ কৰিব টকিঅ’ অলিম্পিক গেমছৰ টিকট। তথাপিও ইণ্ডিয়ান গ্ৰাঁ প্ৰীৰ মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত স্বৰ্ণপদক পোৱা হিমা দাসক অভিনন্দন জনাইছে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|