বয়সৰ লগে লগে সকলো মানুহৰে শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ আজিকালি লাইফষ্টাইলৰ প্ৰভাৱ পৰিছে শৰীৰত। ফলত বহুতে কৈছে- বেছি বয়সত মা হ'লে শৰীৰত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। কিন্তু ডাক্তৰে কিছুমান কথা একেবাৰে গুৰুত্ব নিদিবলৈ কৈছে।
নিচা পৰিত্যাগ কৰকঃ যদি আপুনি চিগাৰেট, মদ বা অতিৰিক্ত কফি খোৱাৰ নিচা আছে, তেন্তে অতি শীঘ্ৰে পৰিত্যাগ কৰক। এইবোৰ নিচাই জীৱনৰ ষ্ট্ৰেচ বঢ়ায়। ৩৫ বছৰৰ পিছত মা হ'বলৈ গলে আপুনি এইবোৰ নিচা এৰিব লাগিব।
ষ্ট্ৰেচ আৰু এক্সাৰচাইজঃ বয়স বাঢ়িলে মা হোৱাৰ পথত প্ৰধান বাধা হৈ দেখা দিয়ে ষ্ট্ৰেচ। প্ৰেগনেণ্ট হোৱাৰ লগতে সুস্থ সন্তানৰ জন্ম দিবলৈ হলে ষ্ট্ৰেচ কমাবই লাগিব।
থাইৰয়েডঃ যদি থাইৰয়েডৰ সমস্যা নাই তথাপিও ৩৫ বছৰৰ পিছত অৱশ্যেই পৰীক্ষা কৰাই লওক। যদি আগৰে পৰা থাইৰয়েডৰ সমস্যা আছে তেন্তে মা হোৱাৰ পূৰ্বে কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। নহলে জটিলতা বাঢ়িব পাৰে।