• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • World Suicide Prevention Day: আজিৰ দিনটোত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস কিয় পালন কৰা হয়? এই দিনটোৰ ইতিহাস আৰু তাৎপৰ্য্য জানি লওক

World Suicide Prevention Day: আজিৰ দিনটোত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস কিয় পালন কৰা হয়? এই দিনটোৰ ইতিহাস আৰু তাৎপৰ্য্য জানি লওক

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০২২ ৰ এই বছৰৰ বিষয়বস্তু হৈছে ‘কাৰ্য্যৰ জৰিয়তে আশা সৃষ্টি কৰা’।

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০২২ ৰ এই বছৰৰ বিষয়বস্তু হৈছে ‘কাৰ্য্যৰ জৰিয়তে আশা সৃষ্টি কৰা’।

WHO ৰ তথ্য অনুসৰি প্ৰতি বছৰে আত্মহত্যাৰ বাবে প্ৰায় ৮০ লাখ লোকৰ জীৱন শেষ হয়। ইয়াৰে অধিকাংশ আত্মহত্যাৰ ঘটনা ১৫ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ মাজত সংঘটিত হয়।

  • Share this:
বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পোৱা আত্মহত্যাৰ সংখ্যাক লৈ সজাগতা তথা প্ৰচাৰ কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্বজুৰি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (World Suicide Prevention Day) পালন কৰা হয়। WHO ৰ তথ্য অনুসৰি প্ৰতি বছৰে আত্মহত্যাৰ বাবে প্ৰায় ৮০ লাখ লোকৰ জীৱন শেষ হয়। ইয়াৰে অধিকাংশ আত্মহত্যাৰ ঘটনা ১৫ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ মাজত সংঘটিত হয়। ইয়াৰ ভিতৰত আত্মহত্যাৰ অধিকাংশ গোচৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহত দেখা যায়।

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ ইতিহাসঃ

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০০৩ চনত আন্তঃৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ সংস্থাই (IASP) আৰম্ভ কৰিছিল। এই দিৱসৰ পৃষ্ঠপোষকতা কৰিছে ৱৰ্ল্ড ফেডাৰেচন ফৰ মেন্টেল হেল্থ আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেচনে। বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপনৰ প্ৰথম বছৰটো সফল হৈছিল। এই কাৰণেই ২০০৪ চনত পুনৰ আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ সহযোগী পৃষ্ঠপোষকতা কৰিবলৈ WHO সাজু হৈছিল। যাৰ বাবেই এই দিনটো এটা বছৰি স্বীকৃতিপ্ৰাপ্ত দিন (Annually Recognized Day) হৈ পৰিছে।

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱসৰ উদ্দেশ্যঃ

আত্মহত্যাৰ পৰা হাত সাৰিবলৈ আৰু যিকোনো প্ৰকাৰে ইয়াক প্ৰতিৰোধ কৰিবলৈ মানুহৰ মাজত সজাগতা বিয়পোৱাৰ উদ্দেশ্যে বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ কাৰণ হৈছে আত্মহত্যা কৰা লোকসকলৰ আচৰণৰ ওপৰত গৱেষণা, সজাগতা বিয়পোৱা আৰু তথ্য সংগ্ৰহ কৰা।

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০২২ ৰ বিষয়বস্তুঃ

বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস ২০২২ ৰ এই বছৰৰ বিষয়বস্তু হৈছে ‘কাৰ্য্যৰ জৰিয়তে আশা সৃষ্টি কৰা’। এই দিৱসত আয়োজন কৰা অনুষ্ঠানটো এই বিষয়বস্তুৰ ওপৰত আধাৰিত হ’ব। এই বিষয়বস্তুৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থাই এই বাৰ্তা প্ৰদান কৰিব বিচাৰিছে যে আত্মহত্যাৰ কথা চিন্তা কৰাসকলে কেতিয়াও আশা এৰি নিদিব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি