Home Remedies for heartburn: আয়ুৰ্বেদত হাৰ্টবান নিৰাময়ৰ বাবে বহুতো ঔষধ আছে। আপুনি ঘৰতে কৰিব পাৰে, যাৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। এই বিধানসমূহো সম্পূৰ্ণ সুৰক্ষিত। Home Remedies for heartburn: আয়ুৰ্বেদত হাৰ্টবান নিৰাময়ৰ বাবে বহুতো ঔষধ আছে। আপুনি ঘৰতে কৰিব পাৰে, যাৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। এই বিধানসমূহো সম্পূৰ্ণ সুৰক্ষিত। বুকুত জ্বলা-পোৰা কৰা সমস্যাই বেছিভাগ মানুহকে আমনি কৰে। যদি কাৰোবাৰ এচিডিটি (Acidity)ৰ সমস্যা থাকে, তেন্তে এই সমস্যাৰ বাবেই প্ৰায়ে বুকুত জ্বলা-পোৰাৰ সৃষ্টি হয়। বুকুত হোৱা জ্বলা-পোৰা কিছুসময়তে নিজেই ভাল কৰিব পাৰে। কিন্তু এই সমস্যাটো সদায় স্থায়ী হৈ থাকি যাব পাৰে, গতিকে ইয়াক একেবাৰেই আওকাণ নকৰিব। এই সমস্যাটো অতি গুৰুতৰ হ’ব পাৰে। আয়ুৰ্বেদত হাৰ্টবাৰ্ণ (Heartburn) নিৰাময়ৰ বাবে বহুতো ঔষধ আছে। আপুনি ঘৰতে কৰিব পাৰে, যাৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাই। এই বিধানসমূহো সম্পূৰ্ণ সুৰক্ষিত। এই ৪টা প্ৰতিকাৰৰ বিষয়ে জানি লওক।
গাখীৰে সকাহ দিব
Stylecrazeৰ মতে, যদি আপুনি হাৰ্টবাৰ্ণৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে ৰাতি শুবৰ আগতে চেনি নোহোৱাকৈ এগিলাচ গাখীৰ খাব লাগে। ই এচিডিটিৰ সমস্যাও নিৰাময় কৰে। ইয়াৰ সমান্তৰালভাৱে হজম শক্তিও ঠিকেই থাকে।
এলোভেৰাৰ ৰস
স্বাস্থ্যৰ বাবে অগণন উপকাৰিতা প্ৰদান কৰা এলোভেৰাৰ ৰস সকলো দিশতে উপকাৰী। যদি এচিডিটিৰ বাবে হাৰ্টবাৰ্ণৰ সমস্যা অব্যাহত থাকে, তেন্তে ইয়াক নিৰাময় কৰিবলৈ খাদ্য খোৱাৰ প্ৰায় আধা ঘণ্টা আগতে এলোভেৰাৰ ৰস খাব লাগে। ইয়াৰ ফলত হাৰ্টবাৰ্ণ ভাল হ’ব।
হালধীয়া সৰিয়হ
সঠিক হজম শক্তি বজাই ৰখাৰ বাবে হালধীয়া সৰিয়হ অতি উপকাৰী বুলি ধৰা হয়। খাদ্যতো ইয়াক ব্যৱহাৰ কৰা হয়। এচিডিটি আৰু হাৰ্টবাৰ্ণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হালধীয়া সৰিয়হও অতি ফলপ্ৰসূ। লাচীত এচিকুট হালধীয়া সৰিয়হৰ গুড়ি মিহলাই খালে এচিডিটিৰ সমস্যা দূৰ হৈ থাকে।
আপেলৰ ভিনেগাৰ
স্বাস্থ্য আৰু ছালৰ বাবে উপকাৰী এপল চাইডাৰ ভিনেগাৰ এচিডিটি আৰু হাৰ্টবাৰ্ণ নিৰাময় কৰাত ফলপ্ৰসূ। এচামুচ মৌ আৰু এচামুচ আপেল ভিনেগাৰ আধা গিলাচ পানীত মিহলাই খালে আপুনি নিজেই লাভ অনুভৱ কৰিব। এপল চাইডাৰ ভিনেগাৰ প্ৰতিদিনে সেৱন কৰাটো ভাল বুলি গণ্য কৰা হয়।
Published by: Manjumoni Borah
First published: August 02, 2022, 22:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|