• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Second Heart Attack : এই ৭ অভ্যাসৰ বাবে বাৰে বাৰে হয় হাৰ্ট এটেক, সতৰ্ক হওক আজিৰ পৰাই...

Second Heart Attack : এই ৭ অভ্যাসৰ বাবে বাৰে বাৰে হয় হাৰ্ট এটেক, সতৰ্ক হওক আজিৰ পৰাই...

যদি আপুনি এবাৰ হাৰ্ট এটেক (Heart Attack)ত ভোগাৰ পাছতো নিজৰ বদ অভ্যাস  (Habits)বোৰ ত্যাগ নকৰে তেন্তে নিশ্চিতভাৱে সাজু থাকক মেছিভ হাৰ্ট এটেকলৈ।

যদি আপুনি এবাৰ হাৰ্ট এটেক (Heart Attack)ত ভোগাৰ পাছতো নিজৰ বদ অভ্যাস (Habits)বোৰ ত্যাগ নকৰে তেন্তে নিশ্চিতভাৱে সাজু থাকক মেছিভ হাৰ্ট এটেকলৈ।

যদি আপুনি এবাৰ হাৰ্ট এটেক (Heart Attack)ত ভোগাৰ পাছতো নিজৰ বদ অভ্যাস (Habits)বোৰ ত্যাগ নকৰে তেন্তে নিশ্চিতভাৱে সাজু থাকক মেছিভ হাৰ্ট এটেকলৈ।

  • Share this:
প্ৰতিবছৰে বিশ্বজুৰি হৃদৰোগ (Heart Disease)ত ১৮.৬ নিযুত লোকৰ মৃত্যু হয়। বৰ্তমান বিশ্বব্যাপী হৃদৰোগ মানুহৰ মৃত্যুৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে আমাৰ নিজৰ বদ অভ্যাস আৰু উশৃংখল জীৱনশৈলী (Lifestyle))। আমাৰ চাৰিওফালে এনে বহুলোক আছে যি এবাৰ হাৰ্ট এটেক (Heart Attack)ৰ চিকাৰ হৈছে । এনে লোকসকলৰ এটা ডাঙৰ চিন্তা হৈছে পুনৰ হৃদৰোগত আক্ৰান্ত হ'ব নেকি? চিকিৎসকসকলে  ইয়াৰ বাবে তেওঁলোকক জীৱনশৈলীৰ আৰু খাদ্যৰ পৰিৱৰ্তনৰ বিষয়ে পৰামৰ্শ দিয়ে। গতিকে দ্বিতীয়বাৰ Heart Attack প্ৰতিহত কৰিবলৈ আমি কি অভ্যাস সলনি কৰিব পাৰোঁ জানোঁ আহক।

১. অত্যধিক চাপ :

চাপ পোনপটীয়াকৈ হৃদযন্ত্ৰৰ সৈতে সম্পৰ্কিত। যদি আপুনি অত্যধিক চাপ লয়, আপোনাৰ পুনৰ হাৰ্ট এটেক হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। আপোনাৰ চাপ নিয়ন্ত্ৰণ কৰিবলৈ শিকক আৰু জীৱনশৈলীত যোগাভ্যাস-ধ্যান অন্তৰ্ভুক্ত কৰা ভাল।

২. ওজন বৃদ্ধি :

যদি আপোনাৰ ওজন বৃদ্ধি পাইছে ই আপোনাৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। আপোনাৰ ওজন বৃদ্ধিৰ ফলতো হাৰ্ট এটেক হ'ব পাৰে। যিমান সম্ভৱ সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব ।

৩. ব্যায়াম কৰাত অলসতা :

যদি আপুনি নিজকে আৰু আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিব বিচাৰে তেনেহ'লে জীৱনশৈলীত খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, নৃত্য আদি অন্তৰ্ভুক্ত কৰিব। ই আপোনাৰ কলেষ্টেৰলৰ সমস্যাও দূৰ কৰিব। আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ মতে, যদি আপুনি সপ্তাহত কমেও ১৫০ মিনিট ব্যায়াম কৰে বা ৭৫ মিনিটৰ বাবে সাধাৰণ কেইটামান ব্যায়াম কৰে অথবা দিনত কমেও ৩০ মিনিট সময় ব্যায়াম কৰে, আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰে।

৪. স্বাস্থ্যকৰ খাদ্যাভ্যাস উপেক্ষা :

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ  চৰ্বি যুক্ত আৰু ট্ৰেন্স চৰ্বিৰ পৰা নিজকে আঁতৰাই ৰখাটো অতিশয় গুৰুত্বপূৰ্ণ। এইবোৰে আপোনাৰ ৰক্তনলীবোৰত বাধা সৃষ্টি কৰে যি হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহত বাধা প্ৰদান কৰে। গতিকে হৃদযন্ত্ৰ আক্ৰমণৰ দৰে ৰোগৰ পৰা নিৰাময় পাবলৈ স্বাস্থ্যকৰ খাদ্যাভ্যাসত মনোযোগ দিয়ক।

৫. ডায়েবেটিছ :

ডায়েবেটিছে হাৰ্ট এটেকৰ আশংকা যথেষ্ট বৃদ্ধি কৰে, সেয়েহে আপুনি ডায়েবেটিছ বৃদ্ধি কৰিব পৰা খাদ্য পৰিহাৰ কৰাটো খুবেই জৰুৰী। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মিত ব্যায়াম কৰক, আৰু সঠিক সময়ত ঔষধ আদি গ্ৰহণ কৰক।

৬. কলেষ্টেৰল :

ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ব্যায়াম কৰক আৰু আহাৰত স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰক। মাজে মাজে কলেষ্টেৰল পৰীক্ষা কৰাব।

৭. ধূমপানৰ প্ৰতি আসক্তি :

যদি আপুনি এতিয়াও ধূমপানৰ আসক্তিৰ পৰা ওলাই আহিব পৰা নাই তেন্তে এতিয়াৰ পৰাই এই আসক্তি সম্পূৰ্ণৰূপে পৰিহাৰ কৰক। ধূমপানৰ ফলত তেজ গোট বান্ধে আৰু শৰীৰৰ বিভিন্ন অংশত তেজৰ প্ৰবাহ ৰূদ্ধ কৰে। (Disclaimer: এই প্ৰবন্ধৰ সকলো তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। নিউজ১৮ অসম নৰ্থইষ্ট-এ এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব।)
Published by:Manjumoni Borah
First published: