உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • World Heart Day : সোণাৰিত বিশ্ব হৃদ দিৱস উপলক্ষে সজাগতা সভা, হৃদ ৰোগৰ পৰা হাত সাৰি থকাৰ উপায় সম্পৰ্কে কৰিলে সজাগ

    World Heart Day : সোণাৰিত বিশ্ব হৃদ দিৱস উপলক্ষে সজাগতা সভা, হৃদ ৰোগৰ পৰা হাত সাৰি থকাৰ উপায় সম্পৰ্কে কৰিলে সজাগ

    binary comment

    binary comment

    সমগ্ৰ বিশ্বত কাৰ্ডিঅ' ভাস্কুলাৰ ৰোগৰ ফলত বছৰি ১৮.৬ নিযুত লোকৰ মৃত্যু হয়। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ, নিয়মিত ব্যায়াম আৰু স্বাস্থ্য পৰীক্ষাৰে হৃদ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। আজিৰ সজাগতা সভাখনত প্ৰতিগৰাকী বক্তাৰ উপস্থিত জনতাৰ প্ৰতি আহ্বান।

    • Share this:
    ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত বিশ্ব হৃদ দিৱস পালন কৰা হয়। সোণাৰি নগৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত এই দিৱস উপলক্ষত আজি পুৱাৰ ভাগত এখনি সজাগতা সভা অনুষ্ঠিত হয়। স্থানীয় ৰাইজ ,আশাকৰ্মী, স্বাস্থ্য বিভাগৰ লোকৰ লগতে একাধিক দল সংগঠনৰলোক উপস্থিত থকা সভাখনত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিজৰা দেৱী, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দ্বৰিকা চাহু আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ জিলা আঁচনি বিষয়া অভিজিৎ শৰ্মা উপস্থিত থাকি হৃদযন্ত্ৰ  ওপৰত বক্তব্য আগবঢ়ায়।

    উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰ ফলত বছৰি ১৮.৬ নিযুত লোকৰ মৃত্যু হয়। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ, নিয়মিত ব্যায়াম আৰু স্বাস্থ্য পৰীক্ষাৰে হৃদ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। এই কথাই আজিৰ সজাগতা সভাখনত প্ৰতিগৰাকী বক্তাই উপস্থিত জনতাৰ প্ৰতি আহ্বান জনায়।
    Published by:Manjumoni Borah
    First published: