শৰীৰৰ অন্য অংশৰ তুলনাত যৌনাংগৰ ৰং ক'লা! সেই অংশ বগা কৰা কিমান দূৰ স্ৱাস্থ্যসন্মত, জনাইছে বিশেষজ্ঞই

News18 Assam | News18-Assam
Updated:January 11, 2021, 10:59 PM IST
শৰীৰৰ অন্য অংশৰ তুলনাত যৌনাংগৰ ৰং ক'লা! সেই অংশ বগা কৰা কিমান দূৰ স্ৱাস্থ্যসন্মত, জনাইছে বিশেষজ্ঞই
ফাইল ফটো

বিভিন্ন সময়ত শৰীৰৰ ৰঙকলৈ বিশ্ৱৰ বিভিন্ন প্ৰান্তত বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়।

  • Share this:
শৰীৰৰ ৰং! বিভিন্ন সময়ত শৰীৰৰ ৰঙকলৈ বিশ্ৱৰ বিভিন্ন প্ৰান্তত বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। এতিয়াও বহু ঠাই আছে,য'ত শৰীৰৰ ৰঙকলৈ বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়।

বিশেষজ্ঞ পল্লৱী বৰ্নৱালে জনাইছে যে, শৰীৰৰ ৰং কলা হোৱাৰ বিষয়টোত তেওঁলৈ মাজে মাজে চিঠি আহে। বহুতে কয় যে, তেওঁলোকে এই কাৰণেই সংগীৰ সন্মুখত নিশা যৌন কাৰ্য চলোৱাৰ সময়ত উলংগ হবলৈ অমান্তি হয়। এই দ্ৱিধা দূৰ কৰিবলৈ কি পৰিব পাৰি এতিয়া এইলৈ আলোচনা কৰিছে পল্লৱীয়ে।

নাম প্ৰকাশ কৰাৰ বিৰত থকা ব্যক্তিজনে জনাইছে যে, শৰীৰৰ ৰং বগা হলেও যৌনাংগৰ ৰং ক'লা কিয় হয়?

প্ৰথমে পল্লৱীয়ে কৈছে যে, এয়া সম্পূৰ্ণ ৰূপে জিনৰ লগত জড়িত। জিনৰ গঠনৰ বাবেই বহু ভাৰতীয় নাৰী আৰু পুৰুষৰ শৰীৰৰ ৰং বগা হ'লেও শৰীৰৰ কিছু অংশ যেনে, যৌনাংগ, নিতম্ৱৰ ভিতৰৰ ফালে, উৰুৰ পিছফালে, কাষলতিৰ তল আদি কলা হয়। পল্লৱীৰ মতে, বিষয়টো স্বাভাৱিক। কোনো লাজ বা হিনমান্যতাত ভুগাৰ প্ৰয়োজন নাই।

লগতে পল্লৱীয়ে সাৱধান কৰি দিছে যে, যৌনাংগ বগা কৰিবলৈ বৰ্তমান বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী বজাৰত উপলব্ধ। কিন্তু এয়া চালৰ কাৰণে ভাল নহয় বুলি জনাই পল্লৱীয়ে।
Published by: Himangshu Bhuyan
First published: January 11, 2021, 10:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading