• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Why People Should Not Eat Curd In Bhadon Month : ভাদ মাহত দৈ নেখাব ! খালে শৰীৰত হ'ব পাৰে ডাঙৰ ক্ষতি, জানোঁ আহক সবিশেষ...

Why People Should Not Eat Curd In Bhadon Month : ভাদ মাহত দৈ নেখাব ! খালে শৰীৰত হ'ব পাৰে ডাঙৰ ক্ষতি, জানোঁ আহক সবিশেষ...

ভাদ (Bhadon) মাহ ২৩ আগষ্টৰ পৰা ২২ ছেপ্তেম্বৰলৈকে পৰিছে। আয়ুৰ্বেদৰ মতে, এই সময়ছোৱাত দৈ (Curd)ৰ সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়।

ভাদ (Bhadon) মাহ ২৩ আগষ্টৰ পৰা ২২ ছেপ্তেম্বৰলৈকে পৰিছে। আয়ুৰ্বেদৰ মতে, এই সময়ছোৱাত দৈ (Curd)ৰ সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়।

ভাদ (Bhadon) মাহ ২৩ আগষ্টৰ পৰা ২২ ছেপ্তেম্বৰলৈকে পৰিছে। আয়ুৰ্বেদৰ মতে, এই সময়ছোৱাত দৈ (Curd)ৰ সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয়।

  • Share this:
Why People Should Not Eat Curd In Bhadon Month : স্বাস্থ্যৰ বাবে দৈ (Curd)  বৰ উপকাৰী। দৈত মজুত থকা বেক্টেৰিয়াই শৰীৰৰ বাবে যথেষ্ট উপকাৰী , যিয়ে আমাৰ পাচনপক্ৰিয়াত সহায় কৰে। ইয়াৰ লগতে দৈত মানুহৰ শৰীৰৰ প্ৰয়োজনীয় উপাদান কেলচিয়ামো থাকে যিয়ে হাড় মজবুত কৰে। কিন্তু আপুনি জানে নে দৈএ আপোনাৰ অপকাৰো কৰিব পাৰে। হয় ,আপুনি যদি ভুল সময়ত ভুলভাবে দৈ খায় তেতিয়া শৰীৰৰ অপকাৰ (Harmful)  হ'ব পাৰে। আয়ুৰ্বেদত এই সম্পৰ্কে উল্লেখ আছে যে ভাদ  (Bhadon) মাহত দৈ খালে শৰীৰৰ অপকাৰ হ'ব পাৰে।

ভাদমাহত দৈ খোৱাটো শৰীৰৰ বাবে অপকাৰীতা :

শাওন মাহ শেষ হোৱাৰ লগে লগে ভাদ্ৰপদ অৰ্থাৎ ভাদমাহ আৰম্ভ হয়। হিন্দু কেলেণ্ডাৰ অনুসৰি ভাদমাহটো বছৰৰ ষষ্ঠ মাহ। এই মাহত খোৱা-বোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা-নিষেধ আছে। ভাদমাহত দৈ আৰু দৈৰ পৰা বনোৱা যেনে- ছাছ,লাচ্চি আদি খোৱা অনুচিত। আয়ুৰ্বেদৰ মতে ,  এই সময়চোৱা বৰ্ষা কালত পৰে আৰু এই সময়ত দৈ খালে কফ হোৱাৰ  অধিক সম্ভাৱনা থাকে। আধুনিক বিজ্ঞানী সকলেও এই কথাত সমৰ্থন জনীয় কয় যে ,  এই কেইটা দিনত দৈত বেক্টেৰিয়াৰ পৰিমাণ বেছি থাকে যিয়ে অন্ত্ৰত আক্ৰমণ কৰাৰ অৱকাশ বেছিকৈ থাকে।

ভাদমাহত দৈ খোৱাৰ পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে ?

১.এই বতৰত দৈ খালে ডিঙিৰ অসুখ হ'ব পাৰে। লগতে কাহ, চৰ্দী আদিয়েও আমনি কৰিব পাৰে।
2. যদি আপোনাৰ গাঁঠিৰ বিষ আছে আৰু আপুনি ভাদমাহত দৈ খায়, বিষ পুনৰ উকাব পাৰে।

৩. বৰ্ষা কালত বেক্টেৰিয়াৰ উৎপত্তি বেছিকৈ হয়। কাজেই দৈত বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ে, যিয়ে আমাৰ পায়ু আৰু পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
এনে বতৰত এই সমূহ খাদ্য খোৱাৰ পৰামৰ্শ প্ৰদান কৰা হয় : 

খাদ্যাভাষত তিলৰ ব্যৱহাৰ:

ভাদমাহত তিল খোৱাৰ পৰামৰ্শ দিয়া হয়। তিলৰ ব্যৱহাৰে শৰীৰৰ যথেষ্ট উপকাৰ সাধন কৰে। সেয়হে মিঠাইৰ পৰা আৰম্ভ কৰি খাদ্যত বিভিন্ন ধৰণেৰে তিল ব্যৱহাৰ কৰিব পাৰি।আয়ুৰ্বেদৰ মতে,  ভাদমাহত তিল খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে , যিয়ে বেমাৰ দূৰতে বিদূৰ কৰে। (Disclaimer: এই প্ৰবন্ধত উল্লেখিত তথ্যসমূহ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। ইয়াৰ বাবে নিউজ-১৮ অসম নৰ্থইষ্ট সমূলি দায়বদ্ধ নহয়। এইবোৰ প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি ল'ব।)
Published by:Manjumoni Borah
First published: