মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Alert: কল সস্তাই হওক বা দামী, কিন্তু এনে সময়ত কেতিয়াও ইয়াক খাব নালাগে

Health Alert: কল সস্তাই হওক বা দামী, কিন্তু এনে সময়ত কেতিয়াও ইয়াক খাব নালাগে

News18 Assam | News18-Assam
Updated:July 22, 2021, 7:11 PM IST
Health Alert: কল সস্তাই হওক বা দামী, কিন্তু এনে সময়ত কেতিয়াও ইয়াক খাব নালাগে
কলত লো, ট্ৰাইটোফেন, ভিটামিন বি–৬ আৰু ভিটামিন বিৰ লগতে পটাছিয়াম, ফাইবাৰ আৰু মেগনেছিয়াম থাকে।

কলত লো, ট্ৰাইটোফেন, ভিটামিন বি–৬ আৰু ভিটামিন বিৰ লগতে পটাছিয়াম, ফাইবাৰ আৰু মেগনেছিয়াম থাকে।

  • Share this:

আপুনি নিশ্চয় সৰুৰে পৰা শুনিছে যে কল খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপুনি শুনিছে ইয়াৰ লাভালাভৰ কথাও। এয়া সম্পূৰ্ণ সত্য কথা। কিন্তু আমি জানো যে যিকোনো কাম সঠিক সময়ত কৰিব লগাৰ দৰে খাদ্য খোৱাৰো এটা সঠিক সময় আছে। সেয়ে কল স্বাস্থ্যৰ বাবে অতি উপকাৰী হ'ব পাৰে, কিন্তু সঠিক সময়ত কল নাখালে ই অনিষ্ট কৰিব পাৰে।


ৰাতি এনে সময়ত কল নাখাব
কলত লো, ট্ৰাইটোফেন, ভিটামিন বি–৬ আৰু ভিটামিন বিৰ লগতে পটাছিয়াম, ফাইবাৰ আৰু মেগনেছিয়াম থাকে, যি বিভিন্ন ধৰণে আপোনাৰ স্বাস্থ্য উপকৃত কৰে। বহুতে ৰাতি কল খালে অপকাৰ নহয় বুলি কয় যদিও শোৱাৰ ঠিক আগেয়ে কল খোৱা উচিত নহয়। দৰাচলতে কলত বহুতো পদাৰ্থ থাকে, যি আপোনাক শক্তি প্ৰদান কৰে। এই ক্ষেত্ৰত আপোনাৰ শৰীৰে ৰাতি বিশ্ৰাম বিচাৰে আৰু যদি আপুনি এই সময়ত কল খায়, আপুনি শক্তি পায়, ফলত আপোনাৰ টোপনি অহাত পলম হয়। লগতে কল হজম হ'বলৈ অলপ সময় লয়, সেয়েহে শোৱাৰ আগেয়ে কেতিয়াও কল খাব নালাগে।



চৰ্দি আৰু কাহত কল পৰিহাৰ কৰিব লাগে
আয়ুৰ্বেদ মতে চৰ্দি, কাহ থকা লোকসকলে কল খাব নালাগে। দৰাচলতে, আয়ুৰ্বেদৰ তিনিটা প্ৰকৃতি আছে, যাৰ ভিতৰত আছে বাত, কফ আৰু পিত্ত। ইয়াত থকা কফ প্ৰকৃতিৰ ৰোগীসকলে কল পৰিহাৰ কৰিব লাগে। আনহাতে এনে লোকে সন্ধিয়াৰ সময়ত কল খোৱাটো একেবাৰে বাৰণ কৰা হৈছে।


খালী পেটত খাব নালাগে
সদায় কোৱা হয় যে ৰাতিপুৱাৰ আহাৰত কল অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু খালী পেটত কল নাখাব। অৱশ্যে কলৰ সৈতে শুকান ফল বা অন্যান্য ফল খাব পাৰে। কলত মেগনেছিয়াম থাকে আৰু ই তেজত কেলচিয়াম আৰু মেগনেছিয়ামৰ পৰিমাণ নষ্ট কৰে। সেয়েহে খালী পেটত কেতিয়াও কল খাব নালাগে।

Published by: Gautam Barman
First published: July 22, 2021, 7:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি