• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Yellow Fungus: ক'লা আৰু বগাৰ পিছত এইবাৰ দেশত হালধীয়া ফাংগাছৰ আতংক ! Black fungus, white fungusতকৈ অধিক মাৰাত্মক Yellow fungus !

Yellow Fungus: ক'লা আৰু বগাৰ পিছত এইবাৰ দেশত হালধীয়া ফাংগাছৰ আতংক ! Black fungus, white fungusতকৈ অধিক মাৰাত্মক Yellow fungus !

 ব্লেক আৰু হোৱাইট ফাংগাছৰ তুলনাত অধিক বিপদজনক এই হালধীয়া ফাংগাছ (Yellow Fungus) । ই হৈছে আটাইতকৈ মাৰাত্মক ৰোগবোৰৰ ভিতৰত অন্যতম ।

ব্লেক আৰু হোৱাইট ফাংগাছৰ তুলনাত অধিক বিপদজনক এই হালধীয়া ফাংগাছ (Yellow Fungus) । ই হৈছে আটাইতকৈ মাৰাত্মক ৰোগবোৰৰ ভিতৰত অন্যতম ।

ব্লেক আৰু হোৱাইট ফাংগাছৰ তুলনাত অধিক বিপদজনক এই হালধীয়া ফাংগাছ (Yellow Fungus) । ই হৈছে আটাইতকৈ মাৰাত্মক ৰোগবোৰৰ ভিতৰত অন্যতম ।

  • Share this:
দেশত দ্ৰুত হাৰত বৃদ্ধি কোৰোণা সংক্ৰমণৰ মাজতে প্ৰথমে ব্লেক,তাৰ পিছত দেখা দিয়া হোৱাইট ফাংগাছৰ পিছতে এইবাৰ পোহৰলৈ আহিছে হালধীয়া অৰ্থাত্ ইয়েল্ল' ফাংগাছ সংক্ৰমণৰ খবৰ । শেহতীয়াকৈ গাজিয়াবাদত পোৱা গৈছে এই হালধীয়া ভেঁকুৰত আক্ৰান্তৰ প্ৰথমটো খবৰ । হালধীয়া ভেঁকুৰত আক্ৰান্ত গাজিয়াবাদৰ লোকজনৰ বয়স ৩৪ বছৰ হোৱাৰ লগতে তেওঁ এগৰাকী ডায়েবেটিক ৰোগী বুলিও জানিব পৰা গৈছে ।

এতিয়ালৈকে ভিন্ন ৰোগীৰ ক্ষেত্ৰত দেখা পোৱা ক'লা আৰু বগা ভেঁকুৰৰ তুলনাত এই হালধীয়া ভেঁকুৰ অধিক বিপদজনক বুলি কোৱা হৈছে আৰু ই আটাইতকৈ মাৰাত্মক ৰোগবোৰৰ ভিতৰত অন্যতম বুলিও জানিব পৰা গৈছে। হালধীয়া ভেঁকুৰে এগৰাকী লোকক প্ৰথমে ভিতৰৰ পৰা দূৰ্বল কৰে আৰু ভোক কমাই আনে । পিছত ভেঁকুৰৰ প্ৰভাৱ বৃদ্ধি হোৱাৰ লগে লগে ৰোগীগৰাকীৰ ওজন দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে আৰু যথেষ্ট মাৰাত্মক হৈ পৰে।
এই সময়চোৱাত কোনো লোকৰ ঘাঁ হ'লে, তাৰ পৰা লেতেৰা পানী ওলাবলৈ আৰম্ভ কৰে আৰু অতি লেহেমীয়া গতিৰে ঘাঁ ঠিক হ'বলৈ আৰম্ভ কৰে । এই সময়ছোৱাত ৰোগীৰ চকু সোমাই যাবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ অংগসমূহে কাম কৰা বন্ধ কৰি দিয়ে ।

হালধীয়া ভেঁকুৰ হ'লে কি কৰিব ?

যদি কোনো ৰোগীয়ে দীৰ্ঘদিন ধৰি কম ভোক অনুভৱ কৰি আছে বা একেবাৰে খাবলৈ অনুভৱ নকৰে, ইয়াক উপেক্ষা কৰা উচিত নহয় । এনে ক্ষেত্ৰত আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত । ইয়াৰ একমাত্ৰ চিকিত্সা হৈছে এম্ফোটেৰাচিন বি বেজী । যিটো এক এণ্টিফাংগাল বেজী ।

লেতেৰা পৰিৱেশৰ বাবে হালধীয়া ভেঁকুৰ দ্ৰুতগতিত বিয়পে ।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি বাবে লেতেৰা পৰিৱেশৰ বাবেই কোনো লোক হালধীয়া ভেঁকুৰত আক্ৰান্ত হ'ব পাৰে। গতিকে আপোনাৰ ঘৰ পৰিষ্কাৰ কৰি ৰাখিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখি এই বেক্টেৰিয়া বা ভেঁকুৰ আঁতৰ কৰি ৰাখিব পাৰি ।
Published by:Kokil Sarma
First published: