உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Weight Loss Tips : বহুত চেষ্টা কৰিও ওজন কমাব পৰা নাই নেকি ? মাত্ৰ এই তিনিটা নিয়ম মানি চলিলেই পাব পাৰে সুফল !  

    Weight Loss Tips : বহুত চেষ্টা কৰিও ওজন কমাব পৰা নাই নেকি ? মাত্ৰ এই তিনিটা নিয়ম মানি চলিলেই পাব পাৰে সুফল !  

    Image Credit : shutterstock

    Image Credit : shutterstock

    Weight Loss Tips: দীৰ্ঘ সময় ঘৰত বহি বহি কাম কৰি থাকিলে ওজন বাঢ়িব পাৰে। বহুত চেষ্টা কৰিও ওজন কমাব পৰা নাই ? মাত্ৰ এই তিনিটা নিয়ম মানি চলিলেই পাব পাৰে ফল ! 

    • Share this:
    Covid 19 ৰ লকডাউন তথা কাৰ্ফিউ আৰম্ভ হোৱাৰ পিছৰে পৰা সাধাৰণ মানুহ গৃহবন্দী হৈ পৰিছে। এনে পৰিস্থিতিত বহুতেই কব বিচাৰে যে তেওঁলোকৰ দেহ মেদ বহুল হৈ ওজন বৃদ্ধি (weight) পাইছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেয়াও বৰ্তমানে অস্বাভাৱিক নহয়। কাৰণ ঘৰত বহি দীৰ্ঘ সময় কাম কৰাৰ বাবে ওজন বাঢ়ি যোৱাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে। এতিয়া কথা শৰীৰৰ বৃদ্ধি পোৱা ওজন কমাব নোৱাৰি তেনে নহয় কেৱল ইয়াৰ বাবে প্ৰয়োজন সঠিক খাদ্য তালিকা , খোজ কঢ়া অথবা ব্যয়ামৰ লগতে তলৰ এই  তিনিটা মূল মন্ত্ৰ।

    বহু সময়ত দেখা যায় খাদ্য তালিকা সংকুচিত কৰি কঠোৰ ব্যয়াম কৰাৰ পিছতো ওজন একেই ঠাইতেই ৰৈ থাকে। সঠিক অনুসন্ধান কৰিলে দেখা যাব তলৰ এই নিয়ম কেইটা ভালদৰে মানি নচলাৰ ফলেতেই খাদ্য অভ্যাস পৰিবৰ্তন আৰু কঠোৰ যোগ ব্যয়ামৰ পিছতো শৰীৰৰ ওজন কমা নাই।

    ১, সঠিক খদ্য গ্ৰহণ-আপুনি কম খাইছে নে বেছি খাইছে সেয়া গুৰুত্বপূৰ্ণ নহয়। মূলতঃ আপুনি কি খাইছে সেয়া অধিক গুৰুত্বপূৰ্ণ। পুষ্টিকৰ বেলেন্চ ডাইড খোৱাৰ চেষ্টা কৰাৰ লগতে পেকেট জাতীয় ফ্ৰাইড খাদ্য পৰিহাৰ কৰিব লাগিব সম্পূৰ্ণ ৰূপে। ফ্ৰাইড আহাৰত অধিক পৰিমাণে তেল থকাৰ বাবে ই ওজন অতি সোনকালে বঢ়াই দিব পাৰে। আনহতে পেকেট জাতীয় খাদ্য সামগ্ৰীত বহু ধৰনৰ প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰা হয়। সেই প্ৰিজাৰভেটিভ সমূহ শৰীৰত মেদ বহুল কৰাৰ ক্ষেত্ৰত কাৰক হব পাৰে। দুপৰীয়াৰ আহাৰ অথবা ৰাতিৰ আহাৰৰ পূৰ্বে আপোনাৰ অধিক ভোক লাগিব পাৰে আৰু তেতিয়া যিতি বস্তু খাই পেট ভৰাবলৈ চেষ্টা নকৰি চেনি নিদিয়াকৈ নেমু পানী ,দৈৰ ঘোল আদিৰ লগতে অলপ পৰিমানত কিচমিচ অথবা আলমন্ড খাব পাৰে। এই খাদ্য তালিকাই আপোনাৰ মূল আহাৰৰ পূৰ্বে হোৱা ভোক নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব পাৰে।

    ২, শাৰীৰিক পৰিশ্ৰম-কম খোৱাৰ পিছতো ওজন কমা নাই। এনে অভিযোগ বহুতেই কৰা দেখা যায়। কেৱল কম খালেই ওজন নকমে ইয়াৰ বাবে প্ৰয়োজন পৰিশ্ৰম অথবা ৱাৰ্ক আউট। প্ৰতিজন ব্যক্তিৰ বাবে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হয়তো জিম যোৱা সম্ভৱ নহয়। তেনেক্ষেত্ৰত ঘৰতে অথবা সন্মুখৰ পদুলিত প্ৰতিদিনে খোজ কঢ়াৰ লগতে নিয়মিত ফ্ৰিহেন্ড এক্সাৰছাইজ অতি প্ৰয়োজন। কাৰণ শাৰীৰিক এক্সাৰছাইজে শৰীৰত উৎপন্ন হোৱা অধিক চৰ্বি কমাই অনাৰ ক্ষেত্ৰত সহায় কৰে। আন ব্যয়াম কৰিব নোৱাৰিলেও প্ৰতিদিনে ৰাতিপুৱা অথবা গধূলি এঘন্টা খোজ কাঢ়িলে শৰীৰ সঠিক থকাৰ লগতে অপ্ৰয়োজনীয় মেদ কমাবলৈ সহায় কৰে।

    ৩, পৰ্য্যাপ্ত নিদ্ৰা
    মানুহৰ শৰীৰ এটা যন্ত্ৰৰ নিচিনা। অত্যাধিক কাম কৰিলে সেয়া বিকল হৈ যাব পাৰে। যেতিয়া আমি টোপনি যাওঁ তেতিয়া আমাৰ শৰীৰ সম্পূৰ্ণ বিশ্ৰাম পায়। এজন সুস্থ মানুহৰ  প্ৰতিদিনে ৬ ৰ পৰা ৮ ঘন্টা টোপনি নহ'লে শৰীৰৰ ক্ষতি হৈ যাব পাৰে। আনহতে সঠিক পৰিমাণে টোপনি নহলে সেয়া হজম ক্ষমতাত প্ৰভাৱ পেলায় আৰু খাদ্য সঠিক ভাবে হজম নহ'লে সেয়া শৰীৰৰ ওজন বঢ়াই তুলিব পাৰে।
    Published by:Kokil Sarma
    First published: