মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Vivekananda Boat Hospital : গহপুৰত অত্যাধুনিক সুবিধাৰে আৰম্ভ হ'ল বিবেকানন্দ নৌকা চিকিৎসালয়। মাইনৰ অ' টি আৰু অক্সিজেন কনচেনট্ৰেটৰো আছে চিকিৎসালয়খনত।

Vivekananda Boat Hospital : গহপুৰত অত্যাধুনিক সুবিধাৰে আৰম্ভ হ'ল বিবেকানন্দ নৌকা চিকিৎসালয়। মাইনৰ অ' টি আৰু অক্সিজেন কনচেনট্ৰেটৰো আছে চিকিৎসালয়খনত।

News18 Assam | News18-Assam
Updated:June 22, 2021, 3:40 PM IST
Vivekananda Boat Hospital : গহপুৰত অত্যাধুনিক সুবিধাৰে আৰম্ভ হ'ল বিবেকানন্দ নৌকা চিকিৎসালয়। মাইনৰ অ' টি আৰু অক্সিজেন কনচেনট্ৰেটৰো আছে চিকিৎসালয়খনত।
১০খন বিচনা যুক্ত চিকিৎসালয়খনত মাইনৰ অ' টি, জৰুৰীকালিন সেৱা, প্ৰসূতি কক্ষ, চকু চিকিৎসা বিভাগ, ঔষধালয়, লেবৰেটৰী আদিৰ সুবিধাও আছে।

১০খন বিচনা যুক্ত চিকিৎসালয়খনত মাইনৰ অ' টি, জৰুৰীকালিন সেৱা, প্ৰসূতি কক্ষ, চকু চিকিৎসা বিভাগ, ঔষধালয়, লেবৰেটৰী আদিৰ সুবিধাও আছে।

  • Share this:
গহপুৰৰ অন্তৰ্গত বৰঙাবাৰীত  গহপুৰবাসী ৰাইজৰ বাবে মুকলি হ'ল অত্যাধুনিক সা-সুবিধা যুক্ত এখন নৌকা চিকিৎসালয়। স্বেচ্ছসেৱী সংগঠন কৰুণা ট্ৰাষ্ট, বৰঙাবাৰী শাখাৰ উদ্যোগত বৰঙাবাৰীত স্থাপন কৰা  ১০খন বিচনাযুক্ত বিবেকানন্দ চিকিৎসালয়খন আজি  আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

১০খন বিচনা যুক্ত চিকিৎসালয়খনত  মাইনৰ অ' টি, জৰুৰীকালীন সেৱা, প্ৰসূতি কক্ষ, চকু চিকিৎসা বিভাগ, ঔষধালয়, লেবৰেটৰী আদিৰ সুবিধা আছে। সংকটজনক ৰোগী অথবা প্ৰসূতি ৰাখিব পৰাকৈ দুটা কক্ষত দুখন বিচনা সংযোজন কৰা হৈছে চিকিৎসালয়খনত। চিকিৎসালয়খনত চকু চিকিৎসা বিভাগৰ চিকিৎসকৰ লগতে অন্য দুগৰাকী বিশেষজ্ঞ চিকিৎসকৰ লগতে নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আদিও থাকিব। ইয়াৰ উপৰিও নৌকা চিকিৎসালয়খনত অক্সিজেনৰ ব্যৱস্থা কৰাৰ লগতে জৰুৰী চিকিৎসা সেৱাৰ সংযোজন কৰা বুলিও অনুপ শৰ্মাই জানিবলৈ দিয়ে।

চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰা হ'ব যদিও ভৰ্তী হোৱা ৰোগীয়ে যাৱতীয় খৰচৰ নামত নূন্যতম ব্যয় কৰিব লাগিব।

কোভিডৰ তৃতীয়টো ঢৌৰ প্ৰয়োজন সাপেক্ষে  চিকিৎসালয়খনক ডেজিগনেটেড কোভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰ কৰিবলৈ সাজু আছে বুলি জানিব দিছে কৰুণা ট্ৰাষ্ট বৰঙাবাৰী শাখাৰ পৰিচালক অনুপ শৰ্মাই। ইয়াৰ বাবে চিকিৎসালয়খনত ভেণ্টিলেশ্যন, অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন কনচেনট্ৰেটৰ (Oxygen Concentrator)ৰ ব্যৱস্থা কৰা হৈছে।

গহপুৰ, বিহালী আৰু বিহপুৰীয়াৰ নৈপৰীয়া ৰাইজক নৌকা চিকিৎসালয়খনৰৰ জৰিয়তে চিকিৎসা প্ৰদানৰ বাবে এই  বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কৰুণা ট্ৰাষ্টৈ। ফেব্ৰুৱাৰী মাহতে নিৰ্মাণ  সম্পূৰ্ণ হোৱা বিবেকানন্দ চিকিৎসালয়খনৰ আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে কৰুণা ট্ৰাষ্টৰ বাংগালুৰুৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডাঃ এইছ সুদৰ্শন, বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱে।
Published by: Manjumoni Borah
First published: June 22, 2021, 3:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি