உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Vaginal Infection : কিয় হয় মহিলাৰ যোনিৰ সংক্ৰমণ (Vaginal infection) ,জানি থওক ইয়াৰ লক্ষণ  আৰু কাৰণ সমূহ.. 

    Vaginal Infection : কিয় হয় মহিলাৰ যোনিৰ সংক্ৰমণ (Vaginal infection) ,জানি থওক ইয়াৰ লক্ষণ  আৰু কাৰণ সমূহ.. 

    সেমেকা বতৰত মহিলাসকলে বিভিন্ন সমস্যা (Problems) ৰ সন্মূখীন হ'বলগীয়া হয়। ইয়াৰ ভিতৰত ভেজাইনেল কেনডিডিয়াছিছ  (Vaginal candidiasis) মহিলাৰ এটা অন্যতম যোনি সংক্ৰামক ৰোগ।

    সেমেকা বতৰত মহিলাসকলে বিভিন্ন সমস্যা (Problems) ৰ সন্মূখীন হ'বলগীয়া হয়। ইয়াৰ ভিতৰত ভেজাইনেল কেনডিডিয়াছিছ (Vaginal candidiasis) মহিলাৰ এটা অন্যতম যোনি সংক্ৰামক ৰোগ।

    সেমেকা বতৰত মহিলাসকলে বিভিন্ন সমস্যা (Problems) ৰ সন্মূখীন হ'বলগীয়া হয়। ইয়াৰ ভিতৰত ভেজাইনেল কেনডিডিয়াছিছ (Vaginal candidiasis) মহিলাৰ এটা অন্যতম যোনি সংক্ৰামক ৰোগ।

    • Share this:
    মহিলা সকলে শাৰীৰিক ভাবে বিভিন্ন ধৰণৰ সমস্যা সন্মূখীন হ'ব লগীয়া হয়।বহু সময়ত  তেওঁলোকে নিজৰ সমস্যাবোৰ আওকাণ কৰি চলে,যেনে, যদি তেওঁ প্ৰাইভেট পাৰ্টৰ লগত জড়িত কিবা সমস্যা (Problems related to private parts) ৰ সন্মূখীন হয়,তেন্তে লাজ-অপমান আৰু ভয়ত সেইবোৰৰ কথা খুলি ক'ব নোৱাৰে। ফলত সময়মতে উপযুক্ত চিকিৎসা নেপায় , যাৰবাবে পিছত তেওঁৰ সমস্যা আৰু বাঢ়িবলৈ ধৰে আৰু এটা সময়ত ই গৈ জীৱন মৰণ সমস্যা হৈ পৰে। আমি আজি আলোচনা কৰিম ভেজাইনেল ইনফেকছন(Vaginal infection) ৰ বিষয়ে,যাক ভেজাইনেল কেনডিডিআছিচ (Vaginal candidiasis) বা ইষ্ট সংক্ৰমণ(Yeast infection) বুলিও জনা যায়। এই ৰোগত কেৱল জ্বলা-পোৰা,ডিচাৰ্জ আৰু খজুৱতীয়ে নহয় লগতে আপোনাক মানসিক ভাবেও যথেষ্ট ক্ষতি কৰিব পাৰে।জানোঁ আহক এই ৰোগ কি কি কাৰণত হয় আৰু ইয়াৰ লক্ষণসূহ কেনেকুৱা ...

    সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ:

    আপুনাক জনাই থওঁ যে ,প্ৰথম অৱস্থাত ইষ্ট সংক্ৰমণ(Yeast infection)ৰ কাৰণে যোনিত জ্বলা-পোৰা,খজুৱতি (itching) আৰু যোনিৰ পৰা ডাঠ ,বগা গন্ধযুক্ত এবিধ তৰল (odourful discharge) ৰস নিৰ্গমন (Discharge) হ'বলৈ ধৰে।এই সমক্ৰমনৰ বাবে যোনিত জ্বলন শাৰীৰিক সম্পৰ্ক (Sex) স্থাপনৰ সময়ত বা প্ৰস্ৰাৱ কৰিবৰ সময়তো হয়।

    যোনীত গভীৰ সংক্ৰমণৰ লক্ষণ :

    যোনিত ঘা হোৱা আৰু ৰঙা (Swelling and redness) পৰা
    যোনিত অনবৰতে খজুৱতি হোৱা আৰু এই কাৰণতে ঘা হোৱা
    আপোনাৰ যদি বছৰত ৪ বা তাতকৈ অধিক বাৰ এই সংক্ৰমণ হয় তেন্তে জানিব এই সমস্যাই গভীৰ ৰূপ লৈছে।
    যোনিত অসহ্য বিষ হোৱা আৰু গুৰুতৰ ভাবে ৰঙা পৰি ফাটি যোৱা

    কি কি কাৰণত হ'ব পাৰে এই যোনি সংক্ৰমণ :

    গৰ্ভাৱস্থাত(Pregnancy)
    অনিয়ন্ত্ৰিত মধুমেহ (Diabetes) ৰোগত
    বিশেষ কিছুমান ঔষধ বা HIV সংক্ৰমিত হোৱাৰ কাৰনে দুৰ্বল ইমিউনিটি(Weak immunity)ৰ বাবে
    ভিজা বা ঘামযুক্ত অন্তৰ্বাস পিন্ধাৰ বাবে
    অত্যধিক মানসিক চাপত
    লেতেৰা শৌচাগাৰ বা লেতেৰা বাথৰূমৰ ব্যৱহাৰ
    মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যোনিৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান নিদিয়া

    আপোনাক জনাই থওঁ যে,ইষ্ট সংক্ৰমণৰ পৰা বাছি থাকিবলৈ হ'লে চাফ -চিকুণ হৈ থকা খুবেই প্ৰয়োজন।লগতে অযথা চিন্তাৰ পৰা আতৰি থকা,যথেষ্ট পৰিমাণৰ পানী খোৱা,খোৱা-বোৱাৰ প্ৰতি যত্ন ৰখা আৰু পৰিস্কাৰ কাপোৰ পৰিধান কৰাৰ উপদেশ দিয়া হয়। জানিব পৰা মতে ৪ৰ পৰা ৩ শতাংশ মহিলাই নিজৰ জীৱন কালত এই ৰোগৰ সন্মূখীন হয়েই।আপোনাক জনাই থওঁ যে,এই সংক্ৰমণক যৌন সংক্ৰামক (Sexually transmitted infection) ৰোগৰ ভিতৰত নপৰে। চিকিৎসক সকলৰ মতে,ইষ্ট সংক্ৰমণ উপযুক্ত চিকিৎসা আৰু দৰৱৰ দ্বাৰাহে উপশম ঘটাব পাৰি কিন্তু যদি এবছৰৰ ভিতৰত চাৰি বা ততোধিক এই ৰোগ হয় তেন্তে ইয়াৰ চকিৎসা যথেষ্ট দীঘলীয়া হ'ব পাৰে।(Disclaimer:  এই নিবন্ধটোত দিয়া তথ্য সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত।News18-Assam NorthEast ইয়াৰ বাবে জগৰীয়া নহয়।এইবোৰ কাৰ্যকৰী কৰাৰ আগতে বিভাগীীয় বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি ল'ব।)
    Published by:Manjumoni Borah
    First published: