কোভিডৰ বাবে আছে ঘৰতে, কিন্তু কম্পিউটাৰ–ম'বাইল চাই অজ্ঞাতে ক্ষতি কৰিছে নেকি চকুৰ? বিশেষজ্ঞৰ পৰামৰ্শ

News18 Assam | News18-Assam
Updated:June 7, 2021, 9:53 PM IST
কোভিডৰ বাবে আছে ঘৰতে, কিন্তু কম্পিউটাৰ–ম'বাইল চাই অজ্ঞাতে ক্ষতি কৰিছে নেকি চকুৰ? বিশেষজ্ঞৰ পৰামৰ্শ
স্ক্রীনৰ দ্বাৰা নির্গত হোৱা নীলা ৰশ্মি আমাৰ চকুৰ বাবে ক্ষতিকৰ, ই চকুৰ দৃষ্টিশক্তি কমায়।

স্ক্রীনৰ দ্বাৰা নির্গত হোৱা নীলা ৰশ্মি আমাৰ চকুৰ বাবে ক্ষতিকৰ, ই চকুৰ দৃষ্টিশক্তি কমায়।

  • Share this:

কোৰোণা ভাইৰাছে মানুহৰ পৰম্পৰাগত জীৱনশৈলী একপ্ৰকাৰ সলনি কৰিছে। ইয়াৰ উপৰি এই ভাইৰাছৰ বাবে লোকসকল গৃহবন্দী হৈ থাকিব লগা হৈছে। কিন্তু ঘৰত সময় কটাবৰ বাবে কম্পিউটাৰ–মবাইল–টিভিৰ ব্যৱহাৰো বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে দেহৰ অন্য অংগৰ তুলনাত চকুৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এইক্ষেত্ৰত কেইবাজনো চিকিৎসকে আঙুলিয়াই দিছে যে দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ–ম'বাইল–টিভিৰ স্ক্ৰীনত ব্যস্ত থকাৰ ফলত চকুৰ শুষ্কতা, খজুৱতি, চকু ৰঙা পৰা, চকুৰ পানী ওলোৱা আৰু মূৰৰ বিষ আদিৰ দৰে সমস্যা হ'ব পাৰে।


 এনে সমস্যাৰ পৰা মুক্ত থাকি চকু স্বাস্থ্যৱান কৰি ৰাখিবলৈ কেইবাটাও পৰামৰ্শ দি আছে বিশেষজ্ঞই।


১. স্বাস্থ্যকৰ খাদ্য খাওকঃ স্বাস্থ্যকৰ খাদ্য হৈছে চকুৰ যিকোনো সমস্যা বা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্য অস্ত্ৰ। চকু স্বাস্থ্যৱান ৰাখিবলৈ ভিটামিন থকা  খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞই।



২. স্ক্ৰীনৰ পৰা বিৰতিঃ লকডাউনৰ ফলত বেছিভাগ লোকে কম্পিউটাৰ–ম'বাইল–টিভিৰ আশ্ৰয় লৈছে। কিন্তু স্ক্ৰীনখনলৈ একেৰাহে চাই থাকিলে চকুৰ সমস্যা হ'ব পাৰে। চিকিৎসকৰ মতে, ন্যূনতম ১৫ৰ পৰা ২০ মিনিটৰ বাবেও স্ক্ৰীনৰ পৰা বিৰতি ল'ব লাগে। ইয়াৰ উপৰি হাতেৰে চকু খজুওৱা স্বভাৱ পৰিহাৰ কৰিব লাগে।


৩. চছমা পৰিধান কৰাঃ স্ক্রীনৰ দ্বাৰা নির্গত হোৱা নীলা ৰশ্মি আমাৰ চকুৰ বাবে ক্ষতিকৰ। ই চকুৰ দৃষ্টিশক্তি কমায়। সেই কাৰণে ডিভাইচবোৰৰ পৰা নিৰ্গত নীলা ৰশ্মি বাধা দিব পৰা আই প্ৰটেক্ট চছমা পৰিধান কৰা দৰকাৰ।


৪. চকুৰ বাবে স্বাস্থ্যকৰ খাদ্যঃ আলু, গাজৰ আৰু শাক–পাচলিত ভিটামিন এ থাকে। ই আমাৰ চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কল, আঙুৰত ভিটামিন চি থকাৰ লগতে আমত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে চকু স্বাস্থ্যৱান কৰি ৰাখিব পাৰে।

Published by: Gautam Barman
First published: June 7, 2021, 9:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি