মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»এনেদৰে বনাওক আপোনাৰ পুৱাৰ বিশেষ চাহকাপ! যি হ'ব সুস্বাদু আৰু স্বাস্থ্যকৰ

এনেদৰে বনাওক আপোনাৰ পুৱাৰ বিশেষ চাহকাপ! যি হ'ব সুস্বাদু আৰু স্বাস্থ্যকৰ

News18 Assam | News18-Assam
Updated:June 1, 2021, 2:25 PM IST
এনেদৰে বনাওক আপোনাৰ পুৱাৰ বিশেষ চাহকাপ! যি হ'ব সুস্বাদু আৰু স্বাস্থ্যকৰ
পুৱাৰ একাপ চাহে আমাক সতেজ কৰি তোলে দিনটোৰ বাবে। Photo : insauga.com

আমাৰ দেশত চাহৰ পৰম্পৰা অতি পুৰণি আৰু আজিৰ প্ৰজন্মৰ মাজতো হ্ৰাস পোৱা নাই ইয়াৰ মাদকতা, প্ৰয়োজনীয়তা।

  • Share this:
Add Taste And Health In Your Regular Tea: পুৱাৰ একাপ চাহে আমাক সতেজ কৰি তোলে দিনটোৰ বাবে আৰু যদিহে সেই চাহ কাপ বিশেষভাৱে বনোৱা হয় তেন্তে ইয়াৰ কথাই সুকীয়া হৈ পৰে। আমাৰ দেশত চাহৰ পৰম্পৰা অতি পুৰণি আৰু আজিৰ প্ৰজন্মৰ মাজতো হ্ৰাস পোৱা নাই ইয়াৰ মাদকতা, প্ৰয়োজনীয়তা।

যদিও পূৰ্বৰ সময়ত মানুহে গাখীৰেৰে চাহ খাবলৈ পছন্দ কৰিছিল, কিন্তু আজিৰ সময়তো গাখীৰ চাহ খোৱা দেখা যায় যদিও কিছু পৰিৱৰ্তন নিশ্চয়কৈ আহিছে। আজিৰ সময়ত দেশৰ চহৰবোৰত এনে লোকৰ অভাৱ নাই, যিয়ে ওজন হ্ৰাস কৰিবলৈ বা বডী ডিটক্স (Detox) কৰিবলৈহে চাহ খাবলৈ লৈছে। সেয়েহে এই প্ৰতিবেদনত আপোনাক জনাম চাহ বনোৱাৰ কিছুমান উপায়, যিয়ে আপোনাৰ পুৱাৰ চাহকাপত সোৱাদযুক্ত কৰাৰ লগতে স্বাস্থ্যকৰ কৰি তুলিব।

গ্ৰীণ টি (Green Tea)-

গ্ৰীণ টি (Green Tea)ত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আমাৰ শৰীৰক ডিটক্স (Detox) কৰি ৰখাত সহায় কৰে। জাপান, চীনৰ দৰে দেশত ইয়াক শীতল পানীয়ৰ দৰেও খোৱা হয়। ই তৎক্ষণাৎ শৰীৰক হাইড্ৰেট কৰিবলৈ সক্ষম হয়। ইয়াৰ পাতবোৰ আটাইতকৈ কম অক্সিডাইজড আৰু সেইকাৰণে এই চাহৰ ৰং অতি পাতল।

আদা চাহ -

একাপ আদা চাহৰ সৈতে পুৱাটো আৰম্ভ কৰিলে ইয়াতকৈ ভাল একো হ'ব নোৱাৰে। ইয়াতো এণ্টিঅক্সিডেণ্ট গুণাগুণো আছে, যিয়ে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে। ইয়াৰ উপৰি ই আপোনাক বতৰৰ ভিন্ন ৰোগৰ পৰাও সুৰক্ষিত কৰি ৰাখে।

নেমু চাহ -

যদি আপুনি কেইদিনমানৰ পৰা চিন্তিত হৈ আছে আৰু বিভিন্ন চিন্তাৰ বাবে হতাশা বা চাপ অনুভৱ কৰি আছে, তেন্তে আপুনি নেমু দিয়া চাহ খাব লাগে। এয়া তৈয়াৰ কৰাও সহজ আৰু অতি সুস্বাদু। ইয়ে আপোনাক স্বাস্থ্যৱান হৈ থকাত সহায় কৰিব।

এনেদৰে স্বাস্থ্যকৰ আৰু সুস্বাদু কৰক আপোনাৰ চাহ কাপ -

- চাহ বনোৱাৰ সময়ত অত্যধিক সময় চাহপাতখিনি পানীত উতলাব নালাগে। কিছুমান গৱেষণা অনুসৰি, এনে কৰিলে খাদ্যনলীত কৰ্কট ৰোগ হ'ব পাৰে।

- গাখীৰ চাহৰ লগতে কেতিয়াবা ক'লা বা ৰঙা চাহেৰেও দিনটো আৰম্ভ কৰিব লাগে। ইয়ে আপোনাৰ হজম সম্বন্ধীয় সমস্যাবোৰ ঠিক কৰিব।

- পানী উতলাওতে চাহ পাত দিয়াৰ আগতে তুলসী, আদা, ইলাচী আৰু ডালচেনিৰ দৰে ঔষধী গুণসম্পন্ন বনৌষধি দিয়ক। ইয়ে আপোনাক বহু ৰোগৰ পৰা সুৰক্ষিত কৰিব।

- ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ বাবে চাহত আদাৰ টুকুৰা এটা দিয়ক আৰু খাওক। আৰাম লাভ কৰিব।

- চাহত চেনী দিয়াৰ অভ্যাস ত্যাগ কৰক। তাৰ সলনি, আপুনি মৌ, গুৰ আদি দিহে খাব লাগে। আপোনাৰ ছালৰ সমস্যা দূৰ হ'ব আৰু ডায়েবেটিচ নিয়ন্ত্ৰণত থাকিব।

- যদি পেটত গেছৰ সমস্যা হয়, চাহত অলপ আজনি অৰ্থাৎ আজৱাইন যোগ দিয়ক।
Published by: Sanjay Kumar Das
First published: June 1, 2021, 2:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি