আমি সকলোৱে তুলসী পাতৰ গুণৰ কথা জানো। ই কেৱল চৰ্দি কাহৰ ঔষধেই নহয় ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিও আমাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। কিন্তু খুব কম লোকেই জানে যে যদি তুলসী পাত (Tulsi Leaf) উতলাই পানীৰে খোৱা হয়, ইয়াৰ মান বহুগুণে বৃদ্ধি হয়। যদি আপোনাৰ পুৱা গৰম পানী বা চাহ খোৱাৰ অভ্যাস আছে, তেন্তে আপুনি খাব পাৰে এগিলাচ তুলসী পাত তিয়াই থোৱা পানী। ইয়াৰ লগতে তুলসী পানীৰ আছে অন্যান্য লাভালাভ (Benefits)। কি আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তুলসী পাত, জানি লও আহক।
তুলসী পাতৰ পানী কেনেদৰে প্ৰস্তুত কৰিব?
এটা পেনত এগিলাচ পানী দিয়ক আৰু ইয়াক উতলিবলৈ দিয়ক। এতিয়া অলপ তুলসী পাত দিয়ক আৰু পানী আধা নোহোৱালৈকে এই পানী উতলিবলৈ দিয়ক। গেছটো বন্ধ কৰক আৰু পেনৰ পৰা পানীখিনি চেকি লওক। এতিয়া ইয়াত মৌ মিহলাওক আৰু খাওক।
ইয়াৰ লাভালাভ কি কি
১. ছুগাৰ লেভেল নিয়ন্ত্ৰণ
এই তুলসী পানী খোৱাৰ ফলত বিপাক উন্নত হয়, যাৰ ফলত কাৰ্বছ আৰু চৰ্বি দহন কৰা সহজ হয়। ই আপোনাৰ তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। এই সকলোবোৰ গুণে ডায়েবেটিচ ৰোগীসকলৰ ছুগাৰ ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে।
২. ষ্ট্ৰেছ বা মানসিক চাপ আঁতৰাই
আজিৰ জীৱনশৈলীত সকলোৱে মানসিক চাপৰ সৈতে যুঁজি আছে। এই চাপৰ ফলত এটা সময়ত বহুতৰে গুৰুতৰ ৰোগ হয়। এইক্ষেত্ৰত এনে তুলসী পানীয়ে মানসিক চাপৰ পৰা সকাহ দিয়ে। তুলসীত থকা ক'ৰ্টিছোল হৰম'নৰ ভাৰসাম্য ৰাখে, যি হৈছে চাপৰ মুখ্য কাৰণ।
৩. ওজন বা মেদবহুলতা কম কৰে
ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত বহু লোক ভুগি আছে, ওজন বৃদ্ধি ভিন্ন ৰোগৰ কাৰক আৰু ই মানসিক চাপো সৃষ্টি কৰে। তুলসী পাত ব্যৱহাৰ কৰিলেও আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।
৪. হজমৰ ক্ষেত্ৰত
তুলসী পাতৰ বহুতো গুণ থাকে, যি হজম শক্তি উন্নত কৰে আৰু বদহজম, গেছ আদি আঁতৰ কৰে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও উলিয়াই দিব পাৰে।
৫. শ্বাস-প্ৰশ্বাসৰ ৰোগ প্ৰতিৰোধ
তুলসীপাতত ইমিউনোমডুলেচন আৰু এক্সপোজাৰ গুণ থাকে, যি আপোনাৰ শ্বাসতন্ত্ৰৰ যত্ন লয় আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা সমাধান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|