সন্তানে জানিব বিচাৰে মহিলা কিদৰে গৰ্ভৱতী হয়! কি কৰিব তেতিয়া? কৈছে বিশেষজ্ঞই

সন্তানে যদি মহিলা অন্তঃসত্ত্বা হোৱাৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া এই প্ৰসংগত কিদৰে উত্তৰ দিব? কি কৰিব আপুনি?
সন্তানে যদি মহিলা অন্তঃসত্ত্বা হোৱাৰ বিষয়ে প্ৰশ্ন কৰে তেতিয়া এই প্ৰসংগত কিদৰে উত্তৰ দিব? কি কৰিব আপুনি?
- News18 Assam
- Last Updated: January 14, 2021, 9:45 PM IST
এই সন্দৰ্ভত প্ৰশ্ন কৰি এগৰাকী মহিলাই পল্লৱীলৈ চিঠি পঠিয়াইছিল। মহিলাগৰাকীয়ে লিখিছিল যে, সন্তানৰ সৈতে এখন ছবি চাইছিল। ছবিখন চাই থকাৰ সময়তে হঠাত্ সন্তানে প্ৰশ্ন কৰে যে, এই যে নায়ক-নায়িকাই চুম্বন কৰাৰ পিছত নায়িকাক গৰ্ভৱতী দেখুওৱা হ’ল, এয়া কি বাস্তৱতো হয় নেকি? কোনোৱে যদি চুমা খাই, তেন্তে গৰ্ভৱতী হৈ যায় নেকি?
বিশেষজ্ঞাই সন্তানৰ প্ৰশ্নক অতি গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ কৈছে। তেওঁ জনাইছে যে, সকলো মাক-দেউতাকে যৌন সংক্ৰান্তীয় কিছু জ্ঞান সন্তানক দিয়াটো প্ৰয়োজন। তেতিয়া সন্তান সমাজৰ ভুল ধাৰণাৰ প্ৰতি প্ৰভাৱিত নহয়।
বিশেষজ্ঞই কৈছে যে, এই ক্ষেত্ৰত সন্তানক নাৰী আৰু পুৰুষৰ শাৰীৰিক গঠনৰ সম্পৰ্কতো জ্ঞান দিয়াটো প্ৰয়োজন।