• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য! চিগাৰেটতকৈ বেছি ক্ষতিকাৰক কণী!

গৱেষণাত ওলাইছে ভয়ংকৰ তথ্য! চিগাৰেটতকৈ বেছি ক্ষতিকাৰক কণী!

কিন্তু সম্প্ৰতি এক গৱেষণাত আজৱ তথ্য প্ৰকাশ  পাইছে।

কিন্তু সম্প্ৰতি এক গৱেষণাত আজৱ তথ্য প্ৰকাশ  পাইছে।

কিন্তু সম্প্ৰতি এক গৱেষণাত আজৱ তথ্য প্ৰকাশ  পাইছে।

  • Share this:
প্ৰতিদিনে পুৱাৰ আহাৰত কণী নহ’লে বহুতৰ নচলে। কিন্তু সম্প্ৰতি এক গৱেষণাত আজৱ তথ্য প্ৰকাশ  পাইছে। জনা গৈছে যে, প্ৰতিদিনে কণী খোৱা স্বাস্থ্যৰ পক্ষে
ক্ষতিকাৰক। ধূমপান কৰাতকৈও স্বাস্থ্যৰ পক্ষে বেছি ক্ষতিকাৰক কণী।

কানাডাৰ ওয়েষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে ১২০০  নাৰী আৰু পুৰুষৰ ওপৰত বিশেষ গৱেষণা চলাইছিল।  গৱেষণাত দেখা গৈছিল যে, অতিৰিক্ত বইল কণী খোৱাৰ ফলত সেইসকল লোকৰ শৰীৰত ক্যাৰোটিড আৰ্টাৰী  ষ্টেনোচিচ তৈয়াৰ হৈছে। ইয়াৰ ফলত ব্ৰেইন ষ্ট্ৰোক, হাৰ্ট  এটেক হোৱাৰ সম্ভাৱনা থাকে। এই সন্দৰ্ভত আমেৰিকাৰ  হাৰ্ট এছচিয়েশ্যনৰ কাৰ্ডিঅ’লজী বিভাৰ চিকিত্‍সক জৰ্ডান  টোমাচেলিয়ে জনাইছে যে, অতিৰিক্ত কণী খোৱাৰ পিছত ক্যাৰোটিড প্লেক যিমান উত্‍পন্ন হয়, সিমান ধূমপান  কৰিলেও প্লেক উত্‍পন্ন নহয় ধমনীত। ইয়াৰ ফলত ৰক্তচাপ বাঢ়ে।

আনকি হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰো সম্ভাৱনা থাকে।  ইয়াৰ পিচতো পুৱাৰ আহাৰৰ পৰা একাংশই এৰিব নোৱাৰে কণী। গতিকে সমস্যা সমাধানৰ বিধান দিছে চিকিত্‍সক
টোমাচেলিয়ে। প্ৰতিদিনে আমাৰ শৰীৰত ৩০০ মিলিগ্ৰাম  কোলেষ্ট’ৰেলৰ প্ৰয়োজন হয়। কিন্তু এটা কণীৰ কুহুমত থাকে ১৮৫ মিলিগ্ৰাম। কণীক বাদ দিও আমি প্ৰতিদিনে
খাও অন্য কলেষ্টোৰেল আৰু প্ৰটিনযুক্ত খাদ্য।

ইয়াৰ ফলত প্ৰতিদিনে ৩০০ মিলিগ্ৰামতকৈ বেছি  কলেষ্টৰেল শৰীৰত জমা হয়। গতিকে চিকিত্‍সকে পৰামৰ্শ  দিছে যে, কণীৰ কুহুমৰ পৰিৱৰ্তে বগা অংশ খালেও শৰীৰে
প্ৰয়োজনীয় কোলেষ্টৰেল আৰু ভিটামিন পাই থাকিব। ই স্বাস্থ্যক কোনো ধৰণে ক্ষতি নকৰে
Published by:Himangshu Bhuyan
First published: