মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Oxygen in Blood: কোৰোণাকালত তেজত সঠিক মাত্ৰাত অক্সিজেন থকাটো জৰুৰী, তাৰ বাবে দৈনিক খাওক এইকেইবিধ ফল...

Oxygen in Blood: কোৰোণাকালত তেজত সঠিক মাত্ৰাত অক্সিজেন থকাটো জৰুৰী, তাৰ বাবে দৈনিক খাওক এইকেইবিধ ফল...

News18 Assam | News18-Assam
Updated:May 22, 2021, 5:28 PM IST
Oxygen in Blood: কোৰোণাকালত তেজত সঠিক মাত্ৰাত অক্সিজেন থকাটো জৰুৰী, তাৰ বাবে দৈনিক খাওক এইকেইবিধ ফল...
আহাৰত এই ফলবোৰ অন্তৰ্ভুক্ত কৰিলে ই কেৱল অক্সিজেনৰ স্তৰ উন্নত কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে

আহাৰত এই ফলবোৰ অন্তৰ্ভুক্ত কৰিলে ই কেৱল অক্সিজেনৰ স্তৰ উন্নত কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে

  • Share this:

কোৰোণাকালীন এই সময়ত যিদৰে ৰোগ প্ৰতিৰোধী ক্ষমতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ একেদৰে তেজত অক্সিজেনৰ স্তৰ বজাই ৰখাটোও অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি আমাৰ আহাৰত বিভিন্ন ফল অন্তৰ্ভুক্ত কৰো । কিন্তু আজি আমি আপোনাক এনে কেইবিধমান ফলৰ বিষয়ে জনাম, যিয়ে আপোনাক তেজত অক্সিজেনৰ স্তৰ বজাই ৰখাত সহায় কৰিব পাৰে।


লগতে এই ফলবোৰে কেৱল অক্সিজেনৰ স্তৰ উন্নত কৰাই নহয়, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে । একে সময়তে ইয়াৰ পৰা শৰীৰে ভিন্ন ধৰণৰ স্বাস্থ্য লাভালাভ পাবলৈ সক্ষম হ'ব।


ব্লুবেৰী আৰু ষ্ট্ৰবেৰী



তেজত অক্সিজেনৰ স্তৰ বজাই ৰাখিবলৈ ব্লুবেৰী আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াত বহু পৰিমাণৰ পুষ্টি যেনে প্ৰ'টিন, আঁহ, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক, ভিটামিন ই, চি, বি৬ আৰু থাইমিন আদি থাকে, যিয়ে তেজত অক্সিজেনৰ সৈতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে । ইপিনে ষ্ট্ৰবেৰীতো ৰাইবোফ্লেভিন, নিয়াচিন, ভিটামিন বি6, ফলেট, কেলচিয়াম, আইৰন, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম আৰু জিংকৰ দৰে পুষ্টি থাকে। এই দুয়োবিধ বেৰীয়ে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বহু স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।


নাচপতি আৰু আনাৰস


নাচপতি আৰু আনাৰসে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। নাচপতিত ভিটামিন চি, ভিটামিন কে, পটেছিয়াম, প্ৰ'টিন, ফাইবাৰ আৰু কপাৰৰ দৰে পুষ্টি থাকে, আনহাতে আনাৰসত ভিটামিন বি, ফোলেট, থাইমিন, পেণ্টোথেনিক এচিড, ব্ৰোমেলান, নাইচিন আদি পুষ্টি থাকে । যিয়ে অক্সিজেনৰ স্তৰ বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে । ই শৰীৰক আন বহুতো লাভালাভ প্ৰদান কৰে।


কিৱি আৰু তৰমুজ 



কিৱি খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম,আইৰন, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, জিংক, তাম, চেলেনিয়াম আৰু প্ৰ'টিনৰ দৰে বহু পুষ্টি থাকে । যিয়ে শৰীৰত তেজৰ অক্সিজেন বৃদ্ধি কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আনফালে তৰমুজত ভিটামিন চি, ভিটামিন এ, পটেছিয়াম, মেগনেছিয়াম, ভিটামিন বি১, ভিটামিন বি৫, ভিটামিন বি৬ আদিৰ দৰে পুষ্টিৰ উপস্থিতিয়ে তেজৰ অক্সিজেন, ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাৰ লগতে আন বহু স্বাস্থ্য উপকাৰিতা বৃদ্ধি কৰাত সহায় কৰে।


অমিতা আৰু আম


অমিতা শৰীৰৰ বাবে ভিন্ন ধৰণে উপকাৰী। ইয়াত থকা পটেছিয়াম, কাৰ্বোহাইড্ৰেট, প্ৰ'টিন, ভিটামিন এ, বি, চি, ফাইবাৰ আৰু কেলচিয়ামৰ দৰে পুষ্টিয়ে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। লগতে ইয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰে। একেদৰে তেজত অক্সিজেনৰ স্তৰ বৃদ্ধিৰ বাবে আম সেৱন কৰাটো উপকাৰী। ভিটামিন চি, থাইমিন, ৰাইবোফ্লেভিন, নিয়াচিন, কেলচিয়াম, আইৰন, মেগনেছিয়াম, ফছফৰাছ, ছডিয়াম আৰু জিংক সমৃদ্ধ আমে সুস্থ হৈ থকাত শৰীৰক বিভিন্ন ধৰণ সহায় কৰে ।

Published by: Gautam Barman
First published: May 22, 2021, 5:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি