সৰু ল'ৰা–ছোৱালীয়ে নিজৰ স্বাস্থ্যজনিত সুবিধা–অসুবিধাৰ কথা ক'ব নোৱাৰে, তাৰ বাবে অভিভাৱকসকল তেওঁলোকৰ স্বাস্থ্যৰ সমস্যাক লৈ সচেতন। এনে অৱস্থাত শিশুৱে কি খাই আছে সেয়াও প্ৰায়ে চকুৰ আঁতৰত থাকি যায়। ফলত কেতিয়াবা বিপদ হয়। এনে বহুতো খাদ্য আছে যি শিশুৰ ডিঙিত লাগি সহজে সমস্যা সৃষ্টি কৰিব পাৰে। গতিকে চিকিৎসকসকলে তেওঁলোকক এই খাদ্যবোৰ খুৱাবলৈ অতিৰিক্ত মনোযোগ দিবলৈ কৈছে।
১. শিশুসকলক কম বয়সৰ পৰাই ফল খুওৱা হয়। যদি ফলৰ টুকুৰাবোৰ ডাঙৰ হয়, শিশুৱে এইবোৰ খোৱাত সমস্যা হ'ব পাৰে, লগতে ডাঙৰ টুকুৰাবোৰ সোনকালে ডিঙিত লাগি যাব পাৰে। গতিকে ৰস উলিয়াই খুওৱা ভাল। অন্যথা, ইয়াক সৰু সৰু টুকুৰা কৰি কাটি ভালদৰে খুৱাব লাগে।
লজেন্স, চকলেট বা এনে খাদ্যৰ ডাঙৰ টুকুৰা হ'লে ডিঙিত লাগি যাব পাৰে। ফলস্বৰূপে, ইয়াক সৰু সৰু টুকুৰা কৰি খুৱাব লাগে।
২. বিস্কুটবোৰ শুকান হোৱাৰ বাবে ডিঙিত লগাৰ আশংকা থাকে। বিস্কুট খুৱাওঁতে সদায়ে পানী সন্মুখত ৰাখিব লাগে আৰু এই ক্ষেত্ৰত বিস্কুটৰ সৰু টুকুৰা কৰিও খুৱাব পাৰে। কেতিয়াবা শিশুৱে গোটেই বিস্কুট মুখত সুমুৱাই দিয়ে। অভিভাৱকে এইক্ষেত্ৰত চকু ৰখা ভাল।
৩. পপকৰ্ণ বা চিপছ শুকান খাদ্য। আকাৰত সৰু। কিন্তু কেতিয়াবা বিশেষকৈ পপকৰ্ণ শিশুৰ ডিঙিত লাগি যায়। ফলস্বৰূপে, যদি আপুনি পপকৰ্ণ খুৱায়, সেই সময়ত অতিৰিক্ত মনোযোগ দিব লাগে।
আনহাতে, খোৱাৰ সময়ত কোনো কথা নকোৱা ভাল। কেৱল শিশুৱেই নহয়, ই প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। এই অভ্যাসটো সৰুৰে পৰা শিকাব লাগে। কিয়নো যেতিয়া আপুনি খোৱাৰ সময়ত কথা কয়, কেতিয়াবা ই আপোনাৰ ডিঙিত লাগি ধৰে, ফলত মৃত্যুপৰ্যন্ত হ'ব পাৰে।
আনহাতে, শিশুৱে খাদ্য বুলি ভাবি ঘৰত পৰি থকা বহুতো বস্তু খায়। গতিকে কোঠাটোত বুটাম, পেন, মুদ্ৰা আদি সৰু সৰু বস্তুবোৰ কোঠাৰ পৰা আঁতৰ কৰা ভাল।
গতিকে খাদ্য খুওৱাৰ সময়ত শিশুক অতিৰিক্ত গুৰুত্ব দিয়া দৰকাৰ। ই বহু বিপদৰ পৰা শিশুৰ লগতে অভিভাৱককো আঁতৰত ৰাখিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|