মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Breastfeeding: শিশুক স্তনপান কৰোৱাৰ আগেয়ে বা পিছত এনে কাম কৰিছেনে? নহ'লে ক্ষতি হ'ব পাৰে আপোনাৰ সন্তানৰ

Breastfeeding: শিশুক স্তনপান কৰোৱাৰ আগেয়ে বা পিছত এনে কাম কৰিছেনে? নহ'লে ক্ষতি হ'ব পাৰে আপোনাৰ সন্তানৰ

News18 Assam | News18-Assam
Updated:August 3, 2021, 8:39 PM IST
Breastfeeding: শিশুক স্তনপান কৰোৱাৰ আগেয়ে বা পিছত এনে কাম কৰিছেনে? নহ'লে ক্ষতি হ'ব পাৰে আপোনাৰ সন্তানৰ
বিশ্ব স্তনপান সপ্তাহত (World Breast Feeding Week) নতুন মাতৃসকলৰ বাবে ইয়াত কেইবাটাও টিপছ দিয়া হৈছে, যি মাতৃ আৰু শিশু দুয়োকে উপকৃত কৰিব।

বিশ্ব স্তনপান সপ্তাহত (World Breast Feeding Week) নতুন মাতৃসকলৰ বাবে ইয়াত কেইবাটাও টিপছ দিয়া হৈছে, যি মাতৃ আৰু শিশু দুয়োকে উপকৃত কৰিব।

  • Share this:

প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ পিছত সকলোৰে মনত কেইবাটাও প্ৰশ্ন থাকে। ইয়াৰ বেছিভাগ প্ৰশ্নই স্তনপান কৰোৱাৰ বিষয়ে উদ্ৰেক হয়। বিশ্ব স্তনপান সপ্তাহত (World Breast Feeding Week) নতুন মাতৃসকলৰ বাবে দিয়া হ'ল কেইবাটাও টিপছ। ই মাতৃ আৰু শিশু দুয়োকে উপকৃত কৰাৰ আশা কৰা হৈছে।


কি কৰিব লাগে


# মাতৃ আৰু নৱজাতকৰ শাৰীৰিক জটিলতা নহ'লে সন্তানৰ জন্মৰ পিছতে স্তনপান আৰম্ভ কৰক।



# প্ৰসৱৰ পিছৰে পৰা মাতৃৰ স্তনত হালধীয়া কলোষ্ট্ৰাম নিঃসৰণ হয়। ই নৱজাতকৰ বাবে অতি গুৰুত্বপূৰ্ণ। পুষ্টিগত মূল্যসমৃদ্ধ কলোষ্ট্ৰাম নৱজাতকক অৱশ্যই পান কৰাব লাগে।


# প্ৰতি দুই ঘণ্টাৰ মূৰে মূৰে স্তনপান কৰোৱাৰ চেষ্টা কৰক। শিশুটোৰ বাবে 'এক্সক্লুচিভ ব্ৰেষ্টফিডিং' ৰুটিন অনুসৰণ কৰাটো অতি ভাল। ইয়াৰ অৰ্থ হৈছে কেঁচুৱাটোক জন্মৰ পৰা ৬ মাহ পৰ্যন্ত কেৱল মাতৃদুগ্ধ যোগান ধৰা।


# স্তনপান কৰোৱাৰ আগতে কুহুমীয়া পানীত গা ধোৱা ভাল। ই শৰীৰক পৰিষ্কাৰ দেখায়। গাখীৰ যোগানো পৰ্যাপ্ত হয়।


# যদি ৰাজহুৱাভাৱে স্তনপান কৰাব লগা হয়, কোণটো বাছনি কৰক। আপুনি নিজকে আৰামদায়ক পৰিৱেশত থকা যেন নাপালে সঠিকভাৱে স্তনপান কৰাব নোৱাৰে। স্তনপান কৰোৱাৰ সময়ত চিন্তামুক্ত হ'বলৈ চেষ্টা কৰক।



# কেঁচুৱাটোৰ খোৱাৰ সময়সূচী নিৰূপণ কৰিবলৈ চেষ্টা কৰক। পলম নকৰিব। যদি কেঁচুৱাটোৱে কান্দিব নোৱাৰে, নিৰ্দিষ্ট সময়ত স্তনপান কৰাওক। মনত ৰাখিব শিশুটোৱে কন্দা মানে সাধাৰণতে তাৰ ভোক লগা। বহুক্ষেত্ৰত, যেতিয়া ভোক লাগে, শিশুটোৱে জিভা উলিয়াই ওঁঠ চেলেকে। এই ভংগীমাবোৰ দেখিলে সাৱধান হওক। বুজিব যে সন্তানৰ ভোক লাগিছে।


# স্তনপান কৰোৱাৰ আগতে কেঁচুৱাৰ ডাইপাৰ সলনি কৰক। কোনো শিশুৱে তিতা আৰু অস্বস্তিকৰ অৱস্থাত ভালদৰে খাব নোৱাৰে। লগতে নিজকে পৰিষ্কাৰ কৰক। স্তনপান কৰোৱাৰ আগতে আৰু পিছত প্ৰতিবাৰ স্তনবৃন্ত পৰিষ্কাৰ কৰক। চাবোনেৰে আপোনাৰ হাত ধুব। যদি আপুনি ইয়াৰ যত্ন নলয়, তেন্তে আপোনাৰ সন্তানৰ ক্ষতি হ'ব পাৰে।


# সন্তানক স্তনপান কৰোৱাৰ আগতে যথেষ্ট পৰিমাণে পানী বা ফলৰ ৰস খাব। যদি মাতৃৰ শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য সন্তুলিত নহয়, গাখীৰ উৎপাদন ব্যাহত হয়। লগতে আপোনাৰ আহাৰৰো যত্ন লওক। আহাৰত প্ৰ'টিন আৰু ভিটামিন ৰাখক। নতুন মাতৃসকলে কেলচিয়ামসমৃদ্ধ খাদ্যও খাব লাগে।


# চিকিৎসালয়ৰ নাৰ্ছ বা ঘৰৰ অভিজ্ঞ কাৰোবাৰ পৰা স্তনপান কৰোৱাৰ সময়ত শিশুক কেনেদৰে ধৰিব লাগে বা ৰাখিব লাগে, জানি লওক। সঠিক ভংগীত সন্তানক নাৰাখিলে মাতৃ আৰু শিশু দুয়োৰে অসুবিধা হয়।


শেষত আৰু এটা কথা। স্তনপান কৰোৱাটো এটা অত্যাচাৰ বা কষ্ট নহয়৷ এই অভ্যাসে যেনেকৈ এফালে নৱজাতক স্বাস্থ্যৱান কৰে, আনফালে মাতৃৰ বাবে সমানে ভাল৷ গতিকে আপোনাৰ সন্তানক স্তনপান কৰাবলৈ সুখী অনুভৱ কৰক৷ ধৈৰ্য হেৰুৱাব নালাগে৷ নতুন মাতৃসকলৰ বাবে জীৱনত প্ৰথমবাৰৰ বাবে এই অভিজ্ঞতাত সফলতাৰ মূল চাবিকাঠী হৈছে ধৈৰ্য৷

Published by: Gautam Barman
First published: August 3, 2021, 8:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি