যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি! বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে দিছে সমাধান

News18 Assam | News18-Assam
Updated:January 12, 2021, 3:03 PM IST
যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি! বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে দিছে সমাধান
ফাইল ফটো

কেনেকৈ এক সুস্থ সম্পৰ্ক ধৰি ৰাখিব সেই সন্দৰ্ভত সমাধান আগবঢ়াইছে বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে।

  • Share this:
যৌন শিক্ষা বা যৌনজ্ঞান সকলোৰে মাজত নাথাকে। আমাৰ সমাজত বিবাহলৈকে এগৰাকী নাৰী ‘ভাৰ্জিন’ বা কুমাৰী হৈ থকাৰ প্ৰত্যাশা ৰখা হয়। এনেকুৱাত নিৰুদ্বেগতাই বহু সময়ত একাংশক এই সন্দৰ্ভত সংকুচিত কৰি ৰাখে। এনে সংকুচনৰ প্ৰভাৱ পৰে বৈবাহিক সম্পৰ্কতো। এনেক্ষেত্ৰত কেনেকৈ এক সুস্থ সম্পৰ্ক ধৰি ৰাখিব সেই সন্দৰ্ভত সমাধান আগবঢ়াইছে বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে।

প্ৰশ্নঃ মই এগৰাকী কুমাৰী (virgin) আৰু যৌনজ্ঞান মোৰ ইমান নাই। মই শাৰীৰিক সম্পৰ্কক লৈ আতংকিত।

পল্লৱীৰ উত্তৰঃ আপুনি প্ৰথম মহিলা নহয় যি এই দিশত সংকুচিত বা ভয় খাই আছে। আমি সকলোৱে এই অভিজ্ঞতাৰ কম বেছি পৰিমানে ভুক্তভোগী। প্ৰথমবাৰলৈ সকলোৱে ভয় খায়। যৌন সম্পৰ্কৰ কোনো সঠিক বা ভুল পদ্ধতি নাথাকে। যদি আপুনি দুটি শিশুক হাবিত এৰি দিয়ে আৰু যেতিয়া তেওঁলোক বয়স্ক হ’ব তেতিয়া তেওঁলোকে ইজনে সিজনক সুখ দিয়াৰ বাট নিজে বিচাৰি ল’ব। আমাৰ শৰীৰৰ অন্যান্য গতিবিধিৰ দৰেই আমাৰ শৰীৰে এই কথাও বুজি লয় যে কোনটো কথা সঠিক আৰু কেনেকৈ কি কৰিলে শৰীৰে আনন্দ পাব। চেক্সৰ কোনো স্ক্ৰীপ্ট নাথাকে বা ইয়াৰ কোনো গাইডবুক (guidebook) নাই। কিন্তু ইয়াৰ বিষয়ে জানিলেহে নিজকে সহায় কৰিব পাৰিব আৰু অনাহক ভয় আৰু অসুৰক্ষিত ভাৱৰ পৰা মুক্তি পাব।

1) পৰ্ণ মিছা। আমাৰ বেছিভাগ মানুহে পৰ্ণ চাই যৌনতাৰ বিষয়ে শিকে। প্ৰথমে এই ধাৰণাক মনৰ পৰা উলিয়াই দিয়ক। পৰ্ণ ভিডিওটোত দেখা পোৱা মানুহ প্ৰশিক্ষিত আৰু এই কামত তেওঁলোক পেছাদাৰী তথা স্ক্ৰীপ্ট মতে তেওঁলোকে ক্ৰিয়া–কৌশল দেখুৱায়। এই কাৰ্য স্বতঃস্ফুৰ্ত নহয়। যেনে চিনেমাৰ কিছু অনাংকাক্ষিত দৃশ্য কাটি দিয়া হয় তথা এডিটিং কৰি এফেক্টছ লগাই মানুহৰ মাজলৈ দিয়া হয় ইয়াতো একেই কাৰ্য হয়। এয়া বাস্তৱ চেক্স নহয়। আপুনি যৌন কাৰ্যত ৫০টা বেলেগ বেলেগ প’জ জানিব নালাগে। নিজৰ সংগীৰ পৰাও অতি কাৰ্য আশা নকৰিব। তেওঁ পেছাদাৰী পৰ্ণষ্টাৰ নহয়। গতিকে পৰ্ণ ভিডিও পাহৰি স্বাভাৱিকভাৱে যৌন মিলনত গুৰুত্ব দিয়ক।

2) এইটো জৰুৰী নহয় যে আপোনাৰ প্ৰথম অভিজ্ঞতা বেদনাদায়ক হ’ব বা ৰক্তক্ষৰণ হ’বই। হাইমেন ভঙাটো কুমাৰীত্ব (virginity) প্ৰমাণ কৰাৰ বিশ্বাসযোগ্য সংকেত নহয়। বহুতো মহিলাৰ হাইমেন আগতেই কিবা কামৰ কাৰণে বা শাৰীৰিক গতি বিধিৰ যেনে চাইকেল চলোৱা আদি কাৰ্যৰ কাৰণে পূৰ্বেই ভাগে। সেইকাৰণে বেছিভাগ মহিলাৰে চেক্সৰ সময়ত তেজ নোলায়। যদি আপোনাৰ হাইমেন ভগা নাই তেতিয়াও এইটো খুব পাতল তৰপ আৰু এটোপা বা দুটোপা তেজহে ওলাব পাৰে। অৱশ্যে প্ৰথমবাৰ সম্ভোগত penetrationৰ সময়ত কিছুপলৰ কাৰণে বিষ বা অস্বস্তি হ’ব পাৰে। কিন্তু এইবোৰৰ পৰা বাচিবলৈ চেক্সৰ পূৰ্বে foreplayৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ জৰিয়তে যোনীৰ শিথিলতা নোহোৱা হয় আৰু বাটটো নমনীয় হৈ পৰে। সেইদৰে anal sexৰ কাৰণে ভাল কোৱালিটিৰ লুব্ৰিকেটৰ যি দোকানত বা অনলাইনত পোৱা যায় ব্যৱহাৰ কৰক। নিজৰ সংগীক কওক যাতে আপোনাক ভালকৈ উত্তেজিত কৰে যৌন মিলনৰ পূৰ্বে। প্ৰথম অৱস্থাত যৌন কাৰ্যসমূহ বেদনাহীন হ’ব লাগে।

3) সুৰক্ষিত হৈ থাকক। কণ্ডম বা গৰ্ভনিৰোধক ব্যৱহাৰ কৰক। একাংশ মানুহে দুটা কণ্ডম ব্যৱহাৰ কৰে অধিক সুৰক্ষাৰ কাৰণে কিন্তু এইটো সঠিক নহয়। দুয়োটা ঘহনি খাই ফাটিব পাৰে। সেইকাৰণে এটাই যথেষ্ট। যদি আপুনি কিবা lubricantৰ প্ৰয়োগ কৰিছে তেনেহ’লে ল্যুবৰ ব্যৱহাৰ কৰক যি এইটো কাৰ্যৰ কাৰণে ভাল। বেলেগ তেল বা সামগ্ৰীৰ প্ৰয়োগ কৰিলে কণ্ডম ফাটিব পাৰে।

4) মন লগাই চাপমুক্ত হৈ সংগীৰ সৈতে এই ক্ষণৰ আনন্দ লওক। আপোনাৰ উত্তেজনা যথেষ্ট সময় নাথাকিব পাৰে বা হ’ব পাৰে যে আপোনাৰ যোনীৰ নমনীয়তাও বেছিভাগ নাথাকে। গতিকে নিজৰ ভাললগা–বেয়া লগা সংগীৰ সৈতে পাতি সম্পৰ্ক উপভোগ কৰক। বেছি প্ৰত্যাশা নৰখাকৈ কেনেকৈ সম্পৰ্ক ভাল কৰি ৰাখিব পাৰি সেয়া শিকি লওক।
First published: January 12, 2021, 3:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading