যৌন সম্পৰ্ক স্থাপনৰ সময়ত অন্য নাৰীলৈ মনত পৰিছে? সমস্যা ক’ত? জনাইছে বিশেষজ্ঞই

যৌন সম্পৰ্কৰ মাজতে অন্য কোনো নাৰীৰ কথা কল্পনা কৰিলে বৃদ্ধি পাই উত্তেজনা.কাৰণ কি?
যৌন সম্পৰ্কৰ মাজতে অন্য কোনো নাৰীৰ কথা কল্পনা কৰিলে বৃদ্ধি পাই উত্তেজনা.কাৰণ কি?
- News18 Assam
- Last Updated: January 6, 2021, 10:59 PM IST
কিন্তু স্বাভাৱিক যৌন কাৰ্যৰ সময়ত যদি চকুৰ সন্মুখলৈ ভাহি আহে আন কাৰোবাৰ মুখ? সংগীয়ে পৰিচিত কোনো লোকক কল্পনা কৰাৰ ইচ্ছা কৰে? এয়া স্বাভাৱিকনে?
পল্লৱীয়ে জনাইছে যে, ইয়াক এটা নিৰ্দিষ্ট সীমা পৰ্যন্ত স্বাভাৱিক বুলিয়েই গণ্য কৰা হয়। এই ক্ষেত্ৰত তেওঁ নাম প্ৰকাশ নকৰি এজন যুৱকৰ কথা উল্লেখ কৰিছে। যুৱকজনে প্ৰশ্ন কৰিছিল যে, যৌনতাৰ মাজত পত্নীক অন্য কোনো নাৰী বুলি ভাবি নল’লে তেওঁৰ উত্তেজনা হ্ৰাস পায়। এই ক্ষেত্ৰত তেওঁ অন্য পৰিচিত কোনো মহিলাক কল্পনা কৰি লয়। আৰু তেওঁৰ নামধৰি পত্নীক সম্বোধন কৰে। পত্নীয়ে এই কথা বিশেষ মন নকৰিলেও শাৰীৰিক সম্পৰ্কৰ পিছত বিষয়টোৱে যুৱকৰ মনত অপৰাধবোধৰ জন্ম দিয়ে।