মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Tips: একোৱে দুষ্প্রাপ্য নহয়, সকলো আছে ঘৰতে– জানি লওক কেনেধৰণৰ খাদ্যই কিডনীৰ স্বাস্থ্য সুৰক্ষিত কৰে

Health Tips: একোৱে দুষ্প্রাপ্য নহয়, সকলো আছে ঘৰতে– জানি লওক কেনেধৰণৰ খাদ্যই কিডনীৰ স্বাস্থ্য সুৰক্ষিত কৰে

News18 Assam | News18-Assam
Updated:July 20, 2021, 11:26 PM IST
Health Tips: একোৱে দুষ্প্রাপ্য নহয়, সকলো আছে ঘৰতে–  জানি লওক কেনেধৰণৰ খাদ্যই কিডনীৰ স্বাস্থ্য সুৰক্ষিত কৰে
আমাৰ শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ বৃক্কৰ সহায়ত আঁতৰ কৰা হয়।

আমাৰ শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ বৃক্কৰ সহায়ত আঁতৰ কৰা হয়।

  • Share this:

দৈনন্দিন জীৱনত চাপ বা ব্যস্ত সময়সূচীৰ বাবে খাদ্যক লৈ বিশেষ সচেতনতা লোৱাত অসমৰ্থ হোৱা দেখা যায় বহুতকে। কিন্তু শৰীৰৰ বাবে প্ৰতিদিনে এক সন্তুলিত আহাৰ অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলৰ মতে পুষ্টিকৰ খাদ্যই দীৰ্ঘজীৱী কৰিব পাৰে। শৰীৰ এক অন্যতম অংগ বৃক্ক। আমাৰ শৰীৰৰ সকলো বিষাক্ত পদাৰ্থ বৃক্কৰ সহায়ত আঁতৰ কৰা হয়। কিন্তু আমি বৃক্কৰ যত্ন লোৱাত অৱহেলা কৰিলে অজানিতে শৰীৰৰ ডাঙৰ ক্ষতি হব পাৰে। গতিকে বৃক্ক স্বাস্থ্যৱান ৰাখিবলৈ এই খাদ্যবোৰ আহাৰত অতি উপকাৰী।


পালেং


যিকোনো শাকেই শৰীৰৰ বাবে উপকাৰী। ইয়াত ভিটামিন এ, চি আৰু কে থাকে। ইয়াত লো, মেগনেছিয়াম আৰু ফলেটৰ দৰে অত্যাৱশ্যকীয় খনিজ পদাৰ্থও থাকে। পালেং শাকৰ বিটা-কেৰোনেটে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৈনিক আহাৰত ৰখা পালেং শাকে বৃক্ক স্বাস্থ্যৱান কৰি ৰাখে।



আনাৰস


আনাৰসত যথেষ্ট আঁহ থাকে, যি বৃক্কৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আনাৰসত থকা মেগনেছিয়াম, ভিটামিন চি আৰু ব্ৰোমেলাইনৰ দৰে এনজাইমে প্ৰদাহজনক বৃক্কৰ বিষৰ পৰা সকাহ দিয়ে।


কেপচিকাম


কেপচিকামত সমৃদ্ধ এণ্টিঅক্সিডেণ্ট আৰু পৰ্যাপ্ত পৰিমাণৰ ভিটামিন এন থাকে। বৃক্ক স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক আহাৰত কেপচিকাম থকাটো ভাল।



ফুলকবি


বৃক্ক স্বাস্থ্যৱান ৰখাৰ বাবে ভিটামিন চি অপৰিহাৰ্য উপাদান। ফোলেট আৰু ফাইবাৰ পোৱা যায় ফুলকবিত। ফুলকবিয়ে শৰীৰৰ দূষিত বিষাক্ত পদাৰ্থও আঁতৰ কৰে। ফুলকবিয়ে বৃক্কৰ চাপ হ্ৰাস কৰাত সহায় কৰে, কিয়নো ইয়াত ছডিয়াম, পটাছিয়াম আৰু ফছফৰাছ কম থাকে।


নহৰু


নহৰুত ছডিয়াম, পটাছিয়াম আৰু ফছফৰাছৰ পৰিমাণ কমকৈ থাকে, যি মূত্ৰাশয়ৰ ৰোগ বা বৃক্কৰ ৰোগ থকা ৰোগীৰ বাবে অতি উপকাৰী। বৃক্ক স্বাস্থ্যৱান ৰাখিবলৈ নহৰু দৈনিক ব্যৱহাৰ কৰিব পাৰি।

Published by: Gautam Barman
First published: July 20, 2021, 11:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি