মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Red Lentils For Skin: দাইল কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, সৌন্দৰ্যটো সোণত সুৱগা চৰায় দাইলে

Red Lentils For Skin: দাইল কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, সৌন্দৰ্যটো সোণত সুৱগা চৰায় দাইলে

News18 Assam | News18-Assam
Updated:September 25, 2021, 8:50 PM IST
Red Lentils For Skin: দাইল কেৱল স্বাস্থ্যৰ বাবেই উপকাৰী নহয়, সৌন্দৰ্যটো সোণত সুৱগা চৰায় দাইলে
মচুৰ দাইল ছালৰ বাবেও উপকাৰী

Red Lentils For Skin : মচুৰ দাইল প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ, যি লোহিত ৰক্ত কণিকাৰ উৎপাদনত সহায় কৰে। ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত ছালখনৰ উজ্জলতা বৃদ্ধি কৰে।

  • News18 Assam
  • Last Updated: September 25, 2021, 8:50 PM IST
  • Share this:
মচুৰ দাইল (Red Lentils) সকলোৰে পাকঘৰত সদায় থকা এবিধ খাদ্য সামগ্ৰী। ই কেৱল শৰীৰকে পুষ্টি প্ৰদান নকৰে লগতে আমাৰ ছাল (Skin)ৰ উজ্জলতা বৃদ্ধি আৰু মসৃণতা বজাই ৰখাতো অতি উপযোগী এইবিধ মাহজাতীয় শস্য। মচুৰ দাইলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে যি ছালৰ কোষবোৰক ফ্ৰি ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে। আটাইতকৈ ভাল লগা কথাটো হ'ল মচুৰ দাইল আন বহু খাদ্য দ্ৰব্যতকৈ সুলভ আৰু সহজে উপলব্ধ।

মচুৰ দাইল আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই দাইল খালে কেৱল ছালৰ উপকাৰতো হয়েই লগতে ইয়াৰ ফেচ পেক (Face Pack) তৈয়াৰ কৰি ছালত ব্যৱহাৰ কৰিলে  আমাৰ ছালৰ পুষ্টিও বহু গুণে বৃদ্ধি কৰে।

ছালৰ বাবে  মচুৰ দাইলৰ উপকাৰিতা-

১. বয়সৰ চাপ হ্ৰাস কৰে

এই দাইলত থকা এণ্টিঅক্সিডেণ্টে ছালৰ চেলবোৰক ফ্ৰি ৰেডিকেলৰ সমস্যাৰ পৰা সুৰক্ষিত ৰাখে। ই বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণ যেনে- সূক্ষ্ম ৰেখা (Fine lines) আৰু ছাল কোঁচ (wrinkles) খোৱা সমস্যা নাইকীয়া কৰিব পাৰে।

২. ছালৰ উজ্জলতা বৃদ্ধি কৰে-

মচুৰ দাইল প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ, যি লোহিত ৰক্ত কণিকাৰ উৎপাদনত সহায় কৰে। ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত ছালখনৰ উজ্জলতা বৃদ্ধি কৰে।

৩. ছালৰ পৰা দাগ আঁতৰায়-

মচুৰ দাইলে আমাৰ ছালত পৰা বিভিন্ন ধৰণৰ দাগ দূৰ কৰাত আৰু ছালৰ বাবে টোনাৰৰ কাম কৰি ছাল মসৃণ কৰাত সহায় কৰে। যদি আপুনি ইয়াক ফেচ পেক হিচাপে ব্যৱহাৰ কৰে তেন্তে টেন আৰু ক'লা দাগৰ সমস্যাৰ সমাধান কৰিব পাৰিব।

৪. এনেদৰে মচুৰ দাইলৰ ফেচ পেক তৈয়াৰ কৰিব-

আধা কাপ দাইল ৰাতিটো পানীত তিয়াই ৰাখক। ৰাতিপুৱা দাইলখিনি সম্পূৰ্ণ গুৰি নকৰাকৈ পিচি লওক। ইয়াত প্ৰায় এক-তৃতীয়াংশ কেঁচা গাখীৰ মিহলাই ভালদৰে মিশ্ৰণটো মিলাই লওক আৰু এই ফেচপেক মুখত লগাওক। ইয়াক অলপ সময়ৰ বাবে লাহে লাহে হাতেৰে মালিচ কৰক । এনেদৰে ২০ মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ধুই দিয়ক।

(Disclaimer : এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। NEWS18- অসম নৰ্থইষ্টে এইবোৰৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি ল'ব।)
Published by: Manjumoni Borah
First published: September 25, 2021, 8:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি