Side Effects Of Air Conditioner For Skin : AC বা শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ পৰা আমি অত্যন্ত গৰমৰ পৰা সহজতে পৰিত্ৰাণ পাব পাৰো। অতি সহজতে শৰীৰৰ শীতল কৰি তোলা শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ আপোনাৰ শৰীৰ অথবা ছালৰ বাবে কিন্তু অত্যন্ত ভয়ংকৰ। স্বাস্থ্যৱান ছালৰ বাবে ছালৰ পুষ্টি হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়। দৰাচলতে ছালৰ কোষবোৰ নমনীয় হৈ থাকে যেতিয়া ছাল প্ৰাকৃতিকভাৱে সেমেকা হয়, তেতিয়া কোনোধৰণৰ বয়স বৃদ্ধি অথবা শুষ্কতাৰ সমস্যায়ো দেখা নিদিয়ে। কিন্তু যেতিয়া আমি এচি বা শীততাপ নিয়ন্ত্ৰিত কোঠাত বহো তেতিয়া ইয়াৰ বায়ুমণ্ডল শুকাই যায় আৰু পৰিৱেশটো আৰ্দ্ৰ হৈ পৰে। ইয়াৰ পৰা নিৰ্গত বায়ুয়ে আমাৰ ছালৰ প্ৰাকৃতিক কোমলতাও শোষণ কৰে যাৰ ফলত ছাল খহটা হয়। অৱশ্যে গ্ৰীষ্মকালত এচি অবিহনে আমি এপলক সময়ো পাৰ কৰিব নোৱাৰা হওঁ অথবা আমি বেছিভাগ সময় এচিত কটাবলৈ বিচাৰো। কিন্তু অত্যধিক সময় এচিৰ ব্যৱহাৰে আমাৰ ছালৰ মানদণ্ডৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত আমাৰ ছালত বয়স বৃদ্ধিৰ চাপ,শুষ্কতা আৰু বিভিন্ন ধৰণৰ দাগ দেখা দিয়ে। গতিকে আজি এই প্ৰতিবেদনৰ জৰিয়তে আপুনি অত্যধিক এচিৰ ব্যৱহাৰ কৰিলেও কিদৰে আপোনাৰ ছালৰ যতন ল'ব পাৰে সেই বিষয়ে জানি লও আহক।
এচিৰ পৰা ছাল কেনেদৰে সুৰক্ষিত কৰিব
১. যথেষ্ট পৰিমাণে পানী খাব
এচিয়ে আমাৰ ছালৰ পৰা প্ৰাকৃতিক আৰ্দ্ৰতা শোষণ কৰে সেয়েহে আমি যথেষ্ট পৰিমাণে পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, এচিত থাকিলে তৃষ্ণা হ্ৰাস হয় যি ছালক প্ৰভাৱিত কৰে। গতিকে যিমান সম্ভৱ যথেষ্ট পানী খাওক আৰু নিজকে হাইড্ৰেটেড কৰি ৰাখক।
২. মশ্চৰাইজাৰ ব্যৱহাৰ কৰক
গ্ৰীষ্মকালত বহুলোকে ছালত মশ্চৰাইজাৰ বা চিৰাম প্ৰয়োগ নকৰে আৰু ভাবে যে গ্ৰীষ্মকালত এনে কৰিলে ছাল অত্যন্ত তেলেতীয়া আৰু আঠা লগাৰ দৰে হ'ব। কিন্তু আপুনি আপোনাৰ এই ধাৰণা আঁতৰ কৰক। যেতিয়া আপুনি এচিত বহে আৰু ঘণ্টাৰ পিছত ঘণ্টা কাম কৰে তেতিয়া ছালৰ ওপৰৰ পৃষ্ঠ খহটা হৈ পৰে আৰু শুষ্কতাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে।
৩. বতৰৰ ফল আৰু সেউজীয়া শাক-পাচলি খাব
গ্ৰীষ্মকালত যদি আপুনি যথেষ্ট পৰিমাণে পানী খাই আছে আৰু মশ্চৰাইজাৰ প্ৰয়োগ কৰি আছে, আপোনাৰ আহাৰৰ প্ৰতি বিশেষ মনোযোগ দিয়াটোও অতি গুৰুত্বপূৰ্ণ। এচিৰ পৰা ছালৰ ক্ষতি ৰোধ কৰিবলৈ আপোনাৰ আহাৰত বতৰৰ ফল আৰু সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক। পানীৰ পৰিমাণ বেছি থকা ফল খাব।