কৈশোৰ কাল ল’ৰা বা ছোৱালীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কৈশোৰ কালতে ল’ৰা বা ছোৱালীৰ শাৰীৰিক আৰু মানসিক দিশত পৰিৱৰ্তন অহা পৰিলক্ষিত হয়। ছোৱালীৰ বয়সন্ধি কালৰ বিষয়ে বিভিন্নসময়ত আলোচনা কৰা হয়। কিন্তু এই সময়ত শাৰীৰিক বা মানসিক ভাবে ল’ৰাৰ কি কি পৰিৱৰ্তন হয়, তাৰ বিষয়ে বিস্তৃত ভাবে আলোচনা কৰা দেখা নাযায়। পিছে এইবাৰ বিষয়টোৰ সন্দৰ্ভত বিস্তৃৰ্ত বাখ্যা আগবঢ়াইছে পল্লৱী বৰ্নৱালে।