আপোনাৰ স্তনৰ আকাৰকলৈ চিন্তিত নেকি? বিজ্ঞাপনত ভুল নাযাব! বিশেষজ্ঞই ক'লে এনেদৰে...

News18 Assam | News18-Assam
Updated:March 22, 2021, 11:29 PM IST
আপোনাৰ স্তনৰ আকাৰকলৈ চিন্তিত নেকি? বিজ্ঞাপনত ভুল নাযাব! বিশেষজ্ঞই ক'লে এনেদৰে...
আপুনি আপোনাৰ স্তনৰ সৰু আকাৰক লৈ চিন্তিত নেকি? স্তনৰ আকাৰ বৃদ্ধি কৰিব বিচৰাৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ 

আপুনি আপোনাৰ স্তনৰ সৰু আকাৰক লৈ চিন্তিত নেকি? স্তনৰ আকাৰ বৃদ্ধি কৰিব বিচৰাৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ 

  • Share this:
বিশেষকৈ ফটোশ্বপ আৰু অবাস্তৱ সৌন্দৰ্যৰ মানদণ্ডৰ এই সময়ত নিজৰ শৰীৰটোক লৈ সচেতন অনুভৱ কৰাটো প্ৰাকৃতিক আৰু সাধাৰণ কথা। কিন্তু যেতিয়া মহিলাসকলৰ শৰীৰ আৰু স্তনৰ যৌনকৰণৰ কথা আহে, তেতিয়া “স্তনযুগল ডাঙৰ হোৱাটো ভাল” আদিৰ দৰে কিছু ভুৱা সংস্কৃতিৰ কথা শুনিবলৈ পোৱা যায়। দুৰ্ভাগ্যবশতঃ আপোনাৰ স্তনৰ আকাৰ বৃদ্ধি কৰাৰ কোনো নিৰ্ভৰযোগ্য প্ৰাকৃতিক উপায় নাই। তেনেস্থলত প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে বিজ্ঞাপন দিয়া পৰিপূৰক, বৃদ্ধি পাম্প, খাদ্যৰ তালিকা, ভেষজ, ক্ৰীম, আৰু মালিচৰ দৰে কোনো বস্তু গ্ৰহণৰ প্ৰতি সতৰ্ক হ'ব। কিয়নো ইয়াৰ কোনো চিকিৎসাগত প্ৰমাণ নাই যে এইবোৰে স্তনৰ আকাৰ বৃদ্ধি কৰিব পাৰিব ।

আপুনি আপোনাৰ স্তনৰ আকাৰ বৃদ্ধি কৰিব বিচৰাৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ আপোনাৰ স্তন যুগলৰ সৈতে আপোনাৰ এই অসন্তুষ্টি কোনোবাই কৰা মন্তব্যৰ বাবে হ'ব পাৰে অথবা আপুনি অচেতনভাৱে নিজকে সামাজিক মাধ্যমত আন কাৰোবাৰ সৈতে তুলনা কৰাৰ বাবেও হ'ব পাৰে ৷ যাৰ বাবে সম্ভৱতঃ আপুনি অনুভৱ কৰে যে ডাঙৰ আকাৰৰ স্তন অধিক বাঞ্ছনীয় ৷ আপোনাৰ এই আগ্ৰহ কিয় আছে বুজি পোৱাটো গুৰুত্বপূৰ্ণ কাৰণ প্ৰায়ে আমি আমাৰ নিৰাপত্তাহীনতাৰ দ্বাৰা নিৰ্দেশিত হৈ আছো আৰু আমি সঁচাকৈয়ে যি বিচাৰো সেয়াও বহুসময়ত নহয়।

তথাপিও যদি আপুনি ডাঙৰ আকাৰৰ স্তন বিচাৰে তেন্তে আপুনি ইয়াৰ বাবে কিছুমান ব্যায়াম কৰিব পাৰে, যিয়ে আপোনৰ বক্ষ, পিঠি আৰু কান্ধৰ এলেকা আৰু ওজন বৃদ্ধি লগতে শক্তিশালী কৰিব । কিন্তু তাৎক্ষণিক পৰিৱৰ্তন আশা নকৰিব ।লাহে লাহে পাৰ্থক্য দেখিবলৈ পাব। আচলতে বক্ষৰ আকাৰ বৃদ্ধি কৰাৰ একমাত্ৰ নিৰ্ভৰযোগ্য পদ্ধতি হৈছে অস্ত্ৰোপচাৰৰ হস্তক্ষেপ অৰ্থাৎ স্তন বৃদ্ধিৰ জৰিয়তে। এই অস্ত্ৰোপচাৰ হৈছে স্তনৰ আকাৰ বৃদ্ধি পদ্ধতি ৷ কিন্তু ই গুৰুতৰ সংক্ৰমণৰ দৰে বিপদাশংকা লগত লৈ আহে। আপোনাৰ শৰীৰৰ এটা দিশ সলনি কৰিব বিচৰাটো নিশ্চিতভাৱে এটা বেয়া কথা নহয়,কিন্তু ইয়াৰ সৈতে সম্পৰ্কিত বিপদবোৰলৈ লক্ষ্য কৰাটো সদায় ভাল । আপোনাৰ শৰীৰৰ প্ৰাকৃতিক আকৃতি আৰু গাঁথনিৰ দৰে একোৱেই নহয়।

বিশেষজ্ঞা পল্লৱী বৰ্নৱালে কয় যে,  আপোনাৰ স্তনৰ আকৃতি বা আকাৰ যিয়ে হওক কিয় আপুনি ধুনীয়া ৷ কিয়নো সেইবোৰ এজন ব্যক্তি হিচাপে আপোনাৰ নিৰ্ধাৰিত বৈশিষ্ট্য নহয়। অৱশেষত সিদ্ধান্তটো অৱশ্যে আপোনাৰ ৷ যদিহে আপুনি অস্ত্ৰোপচাৰক বাছনি কৰাৰ সিদ্ধান্ত লয়, তেন্তে ইয়াৰ বাবে সুৰক্ষিত সিদ্ধান্ত ল'বলৈ এজন বিশ্বাসযোগ্য চিকিৎসকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আপোনাৰ বাবে ।
Published by: Himangshu Bhuyan
First published: March 22, 2021, 11:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি