Sanjeevani- A Shot of Life : চিৰাম ইনষ্টিটিউটৰ CEOৰ দাবী, 'আমাৰ ভেকচিনত ব'ষ্টাৰ ডোজৰ প্ৰয়োজন নাই'

Sanjeevani- A Shot of Life : ফেডাৰেল বেংক আৰু Network18য়ে লোৱা “সঞ্জীৱনী অভিযান”ৰ মুকলি অনুষ্ঠানত গুৰুত্বপূৰ্ণ মন্তব্য চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ ৷
Sanjeevani- A Shot of Life : ফেডাৰেল বেংক আৰু Network18য়ে লোৱা “সঞ্জীৱনী অভিযান”ৰ মুকলি অনুষ্ঠানত গুৰুত্বপূৰ্ণ মন্তব্য চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ ৷
- News18 Assam
- Last Updated: April 7, 2021, 6:06 PM IST
এই সম্পৰ্কত কথা পাতি চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই দাবী কৰে যে, তেওঁলোকৰ কোম্পানীয়ে নিৰ্মাণ কৰা ভেকচিন - ক’ভিশ্বিল্ড(Covishield)ৰ ব্যৱহাৰকাৰীক আন কোনো ব'ষ্টাৰ ডোজৰ প্ৰয়োজন নাই। লক্ষণীয় যে,কেইমাহমান পূৰ্বলৈকে ভেকচিনবিধক লৈ স্নায়বিক সমস্যাৰ অভিযোগ উত্থাপিত হৈছিল।
এই সম্পৰ্কত তেওঁ কয়, “মই নিজেই বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰণালয়, আন্তৰ্জাতিক স্বাস্থ্য সংস্থা, বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জাৰি কৰা অনুসন্ধানৰ সৈতে বিষয়টো অনুসন্ধান কৰি আছো । কিছুমান ভেকচিনৰ বাবে ব'ষ্টাৰ ডোজৰ প্ৰয়োজন। আমাৰ ভেকছিনত কোনো ধৰণৰ বুষ্টাৰ পালিৰ প্ৰয়োজন নাই।”
কান্তে কয় যে, আমি যদি আমাৰ জীৱন সুৰক্ষিত হৈ থকাটো বিচাৰো , তেন্তে আমি নিয়মবোৰ সঠিকভাৱে অনুসৰণ কৰিব লাগিব। ভাৰত হৈছে একমাত্ৰ দেশ যিয়ে ভেকচিন প্ৰস্তুত কৰিছে সেয়েহে আপুনি সকলো ভেকচিন গ্ৰহণ কৰাটো উচিত আৰু ইয়াৰ দ্বাৰা নিজকে সুৰক্ষিত কৰক ৷