• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বছৰত মাত্ৰ দিছিল ৬০ টকা ফীজ , "ভাইয়া জিম"ৰ পৰাই Body Building আৰম্ভ কৰিছিল বলীউডৰ ভাইজান ছলমান খানে...

বছৰত মাত্ৰ দিছিল ৬০ টকা ফীজ , "ভাইয়া জিম"ৰ পৰাই Body Building আৰম্ভ কৰিছিল বলীউডৰ ভাইজান ছলমান খানে...

যেতিয়াই ছলমানক কেইবাবাৰো প্ৰত্যাখ্যান কৰা হৈছিল, সেইসময়ত তেওঁ জিমলৈ যোৱাৰ সিদ্ধান্ত লৈছিল । কিন্তু পিতৃ চেলিম খানে জিম মাচুল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল । তথাপিও কিন্তু ভাইজানে ৰৈ থকা নাছিল।

  • Share this:
বিগত প্ৰায় ২৩ বছৰ ধৰি দেশৰ ছবি উদ্যোগটোত সক্ৰিয় হৈ আছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খান । ৫৫ বছৰ বয়সৰ পিছতো হ্ৰাস হোৱা নাই ভাইজানৰ জনপ্ৰিয়তা, অনুৰাগীৰ সংখ্যা । আনকি এই বয়সতো তেওঁৰ ফিটনেচ দেখি আচৰিত হৈ পৰে সকলো ।

দৰাচলতে তাৰকাগৰাকীৰ বডিকলৈয়ে আগ্ৰহী হৈ থাকে তেওঁৰ অনুৰাগীসকল। যাৰ বাবে ছলমানেও বিগত কেইবাবছৰ ধৰি জিমতেই ব্যস্ত হৈ আহিছে । ইয়াৰ মাজতেই ছলমান খানৰ বডি আৰু ফিটনেচৰ সৈতে জড়িত এটা বিষেশ কাহিনী পোহৰলৈ আহিছে, যিয়ে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে ।

আইবি টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি আৰম্ভণিৰে পৰাই ছলমানে এগৰাকী ছবি তাৰকা(Film Star) হোৱাৰ আশা পুহি ৰাখিছিল । যাৰ বাবে তেওঁৰ নিজৰ ফটোশ্বুটৰ এটা পৰ্টফলিঅ' বনাই ৰাখিছিল আৰু কাম লাভৰ বাবে যিকোনো ছবি নিৰ্মাতা বা পৰিচালকক দেখুৱাবলৈ তেওঁ পৰ্টফলিঅ'টো সদায় লগত ৰাখিছিল । কিন্তু ক্ষীণ শৰীৰৰ হোৱাৰ বাবেই তেওঁক কেইবাবাৰো ছবিৰ বাবে প্ৰত্যাখ্যান কৰা হৈছিল। যদিও পিছলৈ নিজৰ ইচ্ছাশক্তি আৰু দৃঢ়সংকল্পৰ দ্বাৰা সুন্দৰ শৰীৰ বনাই বলীউডত এক সুকীয়া পৰিচয় গঢ় দিবলৈ সক্ষম হৈছিল ।

যেতিয়াই ছলমানক কেইবাবাৰো প্ৰত্যাখ্যান কৰা হৈছিল, সেইসময়ত তেওঁ জিমলৈ যোৱাৰ সিদ্ধান্ত লৈছিল । কিন্তু পিতৃ চেলিম খানে তেওঁৰ বাবে কোনোধৰণৰ অতিৰিক্ত জিম মাচুল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল । তথাপিও কিন্তু ভাইজানে ৰৈ থকা নাছিল। বডি বনাবলৈ ছলমানে বন্ধু ৰৌনিত ৰয়, শ্বাহজাদ খান, ৰফিক কাজী আৰু ইকবালৰ সৈতে "ভাইয়া জিম"ত যোগদান কৰিছিল ।

ভাইয়া জিম কোনো চেলিব্ৰিটি জিম নাছিল, যদিও ই মালা সিনহা আৰু ধৰ্মেন্দ্ৰৰ বাসগৃহৰ ওচৰত অৱস্থিত আছিল । সবাতোকৈ ডাঙৰ কথাটো এই জিমটোৰ বাৰ্ষিক জিম মাচুল আছিল মাত্ৰ ৬০ টকা। ১৯২৫ চনৰ মে' মাহত ছেইণ্ট মাৰ্টিন ৰোডত সাধাৰণ লোকৰ বাবে এই ভাইয়া জিম তথা বান্দ্ৰা ফিজিকেল কালচাৰেল এছ'চিয়েচন জিম স্থাপন কৰা হৈছিল । আজিও এই জিমটো চলি আছে আৰু ইয়াৰ দেৱালত ছলমান খানৰ ছবি ওলোমাই থোৱা আছে ।
Published by:Kokil Sarma
First published: