உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Sachin-Yuvraj Aids to Assam : অসমৰ প্ৰতি শচীন, যুৱৰাজৰ মৰম। অসম ক'ভিড আক্ৰান্ত শিশুক যুৱৰাজৰ সহায়। শচীনে দিলে হোষ্টেল নিৰ্মাণৰ বাবে ২৫ লাখ।

    Sachin-Yuvraj Aids to Assam : অসমৰ প্ৰতি শচীন, যুৱৰাজৰ মৰম। অসম ক'ভিড আক্ৰান্ত শিশুক যুৱৰাজৰ সহায়। শচীনে দিলে হোষ্টেল নিৰ্মাণৰ বাবে ২৫ লাখ।

    ক্ৰীড়া মন্ত্ৰী বিমল বৰাই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেন্দুলকাৰ আৰু বাওহেতীয়া বিস্ফোৰক বেটছমেন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক বিভাগীয় মন্ত্ৰী হিচাপে ধন্যবাদ জনায়।

    ক্ৰীড়া মন্ত্ৰী বিমল বৰাই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেন্দুলকাৰ আৰু বাওহেতীয়া বিস্ফোৰক বেটছমেন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক বিভাগীয় মন্ত্ৰী হিচাপে ধন্যবাদ জনায়।

    ক্ৰীড়া মন্ত্ৰী বিমল বৰাই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেন্দুলকাৰ আৰু বাওহেতীয়া বিস্ফোৰক বেটছমেন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক বিভাগীয় মন্ত্ৰী হিচাপে ধন্যবাদ জনায়।

    • Share this:
    টীম ইন্ডিয়াৰ প্রাক্তন তাৰকা ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙৰ অসমৰ প্ৰতি মৰম। শচীন তেণ্ডুলকাৰ আৰু যুৱৰাজ সিঙে দেখুৱাইছে নিজৰ মহানুভৱতা। মাষ্টাৰ ব্লাষ্টাৰ শচীনে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জাত বুদ্ধ  ছাত্ৰ- ছাত্ৰীৰ হোষ্টেল নিৰ্মাণৰ বাবে ২৫ লাখ টকা প্ৰদান কৰে।

    শেহতীয়াকৈ ষ্টাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙে অসমৰ ক'ভিড আক্রান্ত শিশুৰ বাবে বিশেষ সাহায্য প্ৰদান কৰিছে। যুৱৰাজ সিঙে অসমৰ ক'ভিড আক্ৰান্ত শিশু সকলৰ সুবিধা হ'ব পৰাকৈ ১১২ খন অত্যাধুনিক আই চি ইউ বিচনা আগবঢ়াইছে। যুৱৰাজ সিঙে আই চি ইউ যুক্ত বিচনাসমূহ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ল হাস্পতালক প্ৰদান কৰিছে। এই কথা সংবাদ মাধ্যমক জনাইছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডঃ সঞ্জীৱ কাকতিয়ে।

    অসম চিকিৎসা মহাবিদ্যালয়ৰ লগতে যুৱৰাজ সিং ফাউণ্ডেচনে পৰৱৰ্ত্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৬০ খন তথা শ্বিলং চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৫০ খন আই চি ইউৰ অত্যাধুনিক বিচনা আগবঢ়াব বুলি জানিব পৰা গৈছে।

    মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰেও কাৰ্বি আংলঙৰ মাঞ্জাত বুদ্ধ ছাত্ৰ ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণৰ বাবে ২৫ লাখ টকা প্ৰদান কৰা আৰু যুৱৰাজ সিঙে শিশুৰ চিকিৎসাৰ বাবে আগবাঢ়ি অহাত ৰাজ্য চৰকাৰেও দুয়োগৰাকী মহান খেলুৱৈক ধন্যবাদ জনাইছে। ক্ৰীড়া মন্ত্ৰী বিমল বৰাই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেন্দুলকাৰ আৰু বাওহেতীয়া বিস্ফোৰক বেটছমেন অলৰাউণ্ডাৰ যুৱৰাজ সিঙক বিভাগীয় মন্ত্ৰী হিচাপে ধন্যবাদ জনাই কয় যে তাৰকা খেলুৱৈ দুগৰাকীৰ এই কাৰ্য্যই ৰাজ্যখনক উপকৃত কৰাৰ লগতে তেওলোকৰ অসমৰ প্ৰতি থকা মৰম প্ৰকাশ পাইছে।
    Published by:Manjumoni Borah
    First published: