অসুস্থ পিতৃৰ বাবে প্ৰস্তুত কৰিছিল আয়ুৰ্বেদিক স্নেক্স, সেই স্নেক্সেৰে এতিয়া কোটিপতি এইগৰাকী যুৱতী

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:44 PM IST
অসুস্থ পিতৃৰ বাবে প্ৰস্তুত কৰিছিল আয়ুৰ্বেদিক স্নেক্স, সেই স্নেক্সেৰে এতিয়া কোটিপতি এইগৰাকী যুৱতী
এবছৰ সম্পূৰ্ণ কৰাৰ পিছত নাম্য ফুডছে সম্প্ৰতি ২৬বিধ ভিন্ন সামগ্ৰী বিক্ৰী কৰে।

এবছৰ সম্পূৰ্ণ কৰাৰ পিছত নাম্য ফুডছে সম্প্ৰতি ২৬বিধ ভিন্ন সামগ্ৰী বিক্ৰী কৰে।

  • Share this:
পিতৃৰ বাবে আয়ুৰ্বেদিক স্নেক্স প্ৰস্তুত কৰি এতিয়া কোটিপতি হৈ পৰিছে জম্মু-কাশ্মীৰৰ এইগৰাকী যুৱতী। তেওঁ হৈছে ২৯ বছৰীয়া ৰিধিমা আৰোৰা। জম্মু-কাশ্মীৰৰ বাসিন্দা ৰিধিমা অৰোৰাই ২০১৯ চনতে মুকলি কৰিছিল নম্য ফুডছৰ। যাৰ জৰিয়তে তেওঁ লিভাৰ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য নিয়ন্ত্ৰণ কৰিবলৈ ভেষজ চাহৰ পৰা আৰম্ভ কৰি তাৎক্ষণিক পুৱাৰ আহাৰৰ মিশ্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা লেটচ, স্বাস্থ্যকৰ স্নেক্স, আৰু পিচিঅ’এছ (PCOS) আৰু মধুমেহ নিয়ন্ত্ৰণ কৰা চাহলৈকে কেইবাবিধো স্বাস্থ্যকৰ সামগ্ৰী বিক্ৰী কৰে।

জানিব পৰা মতে, ৰিধিমাৰ পিতৃ যেতিয়া অসুস্থ হৈ পৰিছিল, সেই সময়ত পিতৃৰ যত্ন ল'বলৈ ঘৰত থাকিবলৈ তেওঁ ব্ৰেণ্ড মাৰ্কেটিঙৰ চাকৰিৰ পৰা তিনি মাহৰ বিৰতি ল'বলগীয়া হৈছিল। এই সন্দৰ্ভত ৰিধিমাই কয়, মোৰ ৫৯ বছৰীয়া পিতৃৰ লিভাৰৰ চিৰোচিছ ধৰা পৰিছিল আৰু চিকিৎসকে হাত এৰি দিছিল, কিয়নো তেওঁৰ অৱস্থা দ্ৰুতগতিত অৱনতি হৈ আছিল। সেইবাবে তেওঁ ঘৰত থকা অৱস্থাত মই তেওঁৰ সৈতে সময় অতিবাহিত কৰিছিলো যাতে তেওঁ পৰিষ্কাৰ আৰু স্থানীয়ভাৱে প্ৰস্তুত কৰা পুষ্টিকৰ খাদ্য খাব পাৰে। যাৰ বাবে মই তেওঁক ভিন্ন ভেষজ চাহ, আয়ুৰ্বেদিক সংমিশ্ৰণ আৰু পৰম্পৰাগত খাদ্য দিবলৈ আৰম্ভ কৰিছিলো।

পেকেটত সংৰক্ষণ কৰি ৰখা সহজলভ্য খাদ্য বাদ দিয়াৰ পিছতে পৰিয়ালটোৱে স্থানীয় কৃষকসকলৰ পৰা সকলো সামগ্ৰী লোৱা আৰম্ভ কৰে। হৰিদাতী (ভাৰতীয় হগ প্লাম) আৰু হাৰাদৰ দৰে ঔষধি ভেষজসম্পন্ন আৰু এণ্টিচেপ্টিক গুণসম্পন্ন খাদ্য নিয়মীয়াকৈ প্ৰদান কৰা হৈছিল ৰিধিমাৰ পিতৃক।

তাৰ তিনি মাহৰ ভিতৰতে তেওঁৰ অৱস্থা উন্নত হ'বলৈ আৰম্ভ কৰিছিল। যদিও যকৃতৰ চিৰোচিছ দুৰাৰোগ্য, তৎসত্ত্বেও খাদ্যাভ্যাস সলনি কৰি আৰু নিয়মীয়াকৈ ব্যায়াম কৰি ৰিধিমাৰ পিতৃ কিছু সুস্থ হৈ উঠিবলৈ সক্ষম হৈছিল। সম্প্ৰতি তেওঁ প্ৰতিদিনে কাম কৰিবলৈ যায় আৰু শুকান ফল, ঔষধি ভেষজ, জৈৱিক উৎপাদন আৰু আয়ুৰ্বেদিক ঔষধ বিক্ৰীৰ তেওঁলোকৰ ৮০ বছৰীয়া পাৰিবাৰিক ব্যৱসায়ৰ চোৱাচিতা কৰে বুলিও উল্লেখ কৰে ৰিধিমাই।

সতেজ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি পিতৃৰ স্বাস্থ্য উন্নত হোৱা দেখি ৰিধিমাই এতিয়া আনকো এনে খাদ্য গ্ৰহণেৰে নিজৰ জীৱন ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰা কাৰ্যত বৰ্তী হৈছে।

আয়ুৰ্বেদিক সামগ্ৰীৰ ব্যৱসায় মুকলি কৰি ৰিধিমাই কয়, অধিকাংশ লোকেই বিচাৰ বিবেচনা নকৰাকৈয়ে, প্ৰস্তুত কৰা উপাদানসমূহ নপঢ়াকৈয়ে খাদ্য গ্ৰহণ কৰে। চেনীমুক্ত সামগ্ৰী, আহাৰ পৰিপূৰক বজাৰত উপলব্ধ ভিন্ন সামগ্ৰীত কমেও এটা ক্ষতিকাৰক উপাদান যেনে ফ্ৰুটোজ, মইদা আদি থাকে। সেয়েহে, মই পাৰিবাৰিক ৰেচিপি ব্যৱহাৰ কৰি আয়ুৰ্বেদিক, ভেষজ আৰু স্বাস্থ্যকৰ সামগ্ৰীৰ এটা শৃংখলা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলো আৰু ইয়াৰ বাবে মই চাকৰি এৰি দিছিলো।

২০১৯ৰ শেষৰফালে ৰিধিমাই নাম্য ফুডছ আৰম্ভ কৰে। পৰম্পৰাগত প্ৰক্ৰিয়াৰে ভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছিল ৰিধিমাই আৰু ভিন্ন আয়ুৰ্বেদিক বিশেষজ্ঞৰ ওচৰলৈ গৈছিল তেওঁ, যিয়ে তেওঁক বিভিন্ন ৰেচিপিৰ বাবে উপাদানৰ অনুপাত বুজিবলৈ সহায় কৰিছিল। ইয়াৰ উপৰি তেওঁ আন্তৰ্জাতিক আয়ুৰ্বেদ একাডেমীৰ সহযোগত বাংগালুৰুৰ ইউভিএএছ আয়ুৰ্বেদত তিনি মাহৰ আয়ুৰ্বেদিক প্ৰমাণপত্ৰ পাঠ্যক্ৰমো গ্ৰহণ কৰিছিল।

যদিও তেওঁ পৰিয়ালৰ প্ৰভাৱৰ বাবে মই আয়ুৰ্বেদিক ধাৰণাৰ সৈতে পৰিচিত আছিল, তথাপিও এই পাঠ্যক্ৰমে তেওঁৰ জ্ঞান সতেজ আৰু উন্নত কৰাত সহায় কৰিছিল বুলিও উল্লেখ কৰে ৰিধিমাই।

এই ব্যৱসায়ৰ বাবে প্ৰথমে তেওঁ পৰিয়ালৰ জৰিয়তে আৰু স্থানীয় কৃষকসকলৰ সৈতে যোগাযোগ কৰি কেঁচা সামগ্ৰীৰ বাবে এটা যোগান শৃংখলা সৃষ্টি কৰিছিল। ৰিধিমাই নিজেই কৃষকৰ খেতি বোৰ লৈ যোৱাৰ লগতে কৃষি প্ৰক্ৰিয়াবোৰো পৰিদৰ্শ কৰিছিল। তাৰ পিছতে  উৎপাদন গোট স্থাপন কৰিবলৈ পৰিয়ালৰ মালিকানাধীন স্থান ব্যৱহাৰ কৰিছিল আৰু পিন্ধা, কটা আৰু পেকেজিঙৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ ক্ৰয় কৰিছিল। অৱশেষত সামগ্ৰীবোৰ তৈয়াৰ কৰাত সহায় কৰিবলৈ ৰন্ধন দক্ষতাৰ সৈতে একাংশ স্থানীয় লোকক নিয়োগ কৰিছিল আৰু ২০২০ চনৰ জানুৱাৰীত আনুষ্ঠানিকভাৱে তিনিটা ভেষজ চাহ মুকলি কৰিছিল।

এবছৰ সম্পূৰ্ণ কৰাৰ পিছত নাম্য ফুডছে সম্প্ৰতি ২৬বিধ ভিন্ন সামগ্ৰী বিক্ৰী কৰে। যাৰ ভিতৰত আছে হালধি লেটে পাউডাৰ, ডায়েবেটিছ, হৃদযন্ত্ৰ, লিভাৰৰ যতন লোৱা চাহ, পুৱাৰ আহাৰৰ মিশ্ৰণ, পিচিঅ’এছ নিয়ন্ত্ৰনকাৰী পানীয় আৰু শিশু-অনুকূল ক'ক-ফ্লেভাৰযুক্ত লেট।

ৰিধিমাই কয় যে, কোম্পানীটোৱে শেহতীয়াকৈ ১ কোটি টকাতকৈ ওপৰত লেনদেন কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সামগ্ৰীবোৰ সমগ্ৰ ভাৰতৰ লগতে কানাডা আৰু সংযুক্ত আৰবীয়ানৰ দৰে দেশসমূহতো উপলব্ধ।
Published by: Sanjay Kumar Das
First published: March 9, 2021, 10:18 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি