অধ্যয়নত এইটোও প্ৰমাণ হৈছে যে আদাৰ অক্সিডেটিভ (Oxidative Stress) চাপ হ্ৰাস কৰাৰ ক্ষমতা আছে, লগতে প্ৰদাহ হ্ৰাস কৰে। বয়স বৃদ্ধিৰ সৈতে হোৱা পৰিৱৰ্তনৰ সমস্যাও আঁতৰি যায়। অধ্যয়নটোৱে এইটোও কৈছে যে আদা ইৰেক্টাইল ডিচফাংচনতো উপকাৰী।
এক গৱেষণা অনুসৰি, আদাই টেষ্টোষ্টেৰন আৰু লুটিনাইজিং (Testosterone and luteinizing) হৰমন বৃদ্ধি কৰে, যি পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত প্ৰজনন ক্ষমতা বৃদ্ধি কৰে। আদাই বীৰ্যৰ মান আৰু গতিশীলতাও বৃদ্ধি কৰে।
নিগনিৰ ওপৰত কৰা এক অধ্যয়নত দেখা গৈছে যে আদাই পলিচিষ্টক ডিম্বাশয় লক্ষণ (Polycystic ovary syndrome)ৰ সন্তুলন কৰি ৰাখে। পিচিঅ'এছে মহিলাৰ গৰ্ভধাৰণৰ ক্ষমতা হ্ৰাস কৰে। আন এটা অধ্যয়নত পোৱা গৈছে যে আদাৰ ফলিকিউলোজেনেচিছ (Folliculogenesis) প্ৰক্ৰিয়াটো দ্ৰুত কৰাৰ ক্ষমতা আছে। ফলিকিউলোজেনেচিছ হৈছে মহিলাৰ গৰ্ভত পৰিপক্ক কণীৰ প্ৰক্ৰিয়া।