• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Reduce Weight: আপোনাৰ শৰীৰৰ অত্যাধিক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে বন্ধাকবিয়ে ! তাৰ বাবে কি কৰিব ?

Reduce Weight: আপোনাৰ শৰীৰৰ অত্যাধিক ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে বন্ধাকবিয়ে ! তাৰ বাবে কি কৰিব ?

Reduce Weight With Cabbage: ওজন হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ খাদ্যৰ তালিকাত বন্ধাকবি (Cabbage) অন্তৰ্ভূক্ত কৰিব পাৰে। ই কেৱল আপোনাৰ ওজন হ্ৰাস কৰাতেই সহায় নকৰে, ইয়াত থকা পুষ্টিয়ে ভিন্ন ধৰণে আপোনাৰ শৰীৰকো উপকৃত কৰিব।

  • Share this:
Reduce Weight With Cabbage: শৰীৰৰ অত্যাধিক ওজন হ্ৰাস কৰিবলৈ মানুহে যে কি কি নকৰে । ওজন হ্ৰাস কৰিবলৈয়ে ডায়েট চাৰ্টৰ পৰা বহু খাদ্য সামগ্ৰী আঁতৰ কৰাৰ লগতে বহুতো বস্তু অন্তৰ্ভূক্তও কৰে । তেনেস্থলত শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ যদিহে আপুনিও চেষ্টা চলাই আছে, তেন্তে আপুনি ইয়াৰ বাবে আপোনাৰ আহাৰত আন এটা বস্তু অন্তৰ্ভূক্ত কৰিব পাৰে আৰু সেয়া হৈছে বন্ধাকবি (Cabbage) । ই কেৱল আপোনাৰ ওজন হ্ৰাস কৰাতেই সহায় নকৰে, ইয়াত থকা পুষ্টিয়ে ভিন্ন ধৰণে আপোনাৰ শৰীৰকো উপকৃত কৰিব। ওজন হ্ৰাস কৰিবলৈ বন্ধাকবি কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক -

বন্ধাকবিত থাকে এইসমূহ পুষ্টিকৰ উপাদান -

বন্ধাকবিত ভিটামিন কে, ভিটামিন চি, ভিটামিন ই, ভিটামিন বি6, ফলেটৰ সৈতে পটেচিয়াম, কেলচিয়াম, মেগনেছিয়াম,আইৰণ, ফছফৰাছ, জিংক, ছ'ডিয়াম, কলিন, নিয়াচিন, ৰাইবোফ্লেভিন, থাইমাইন আৰু মেংগানিজ আদি উপাদান থাকে। লগতে ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ।

এনেদৰে ব্যৱহাৰ কৰক বন্ধাকবি -

ওজন হ্ৰাস কৰিবলৈ বন্ধাকবিক চুপ হিচাপে ব্যৱহাৰ কৰাটো ভাল । ইয়াৰ সেৱনে পেটটো সোনকালে ভৰাই তোলে আৰু বাৰে বাৰে ভোক অনুভৱ নকৰে।

চুপ বনাবলৈ এই বস্তুবোৰৰ প্ৰয়োজন হ'ব-

এটা বন্ধাকবি, দুটা ডাঙৰ পিয়াজ, দুটা বা তিনিটা সেউজীয়া জলকীয়া, এটা ডাঙৰ বিলাহী, সেউজীয়া ধনিয়া, নিমখ আৰু জালুক সোৱাদ অনুসৰি লওক। বন্ধাকবিটো কটাৰ পিছত ধুব । পিঁয়াজ, বিলাহী, সেউজীয়া জলকীয়া আৰু সেউজীয়া ধনিয়া মিহিকৈ কাটি লওক।

এনেদৰে চুপ প্ৰস্তুত কৰক -

এটা কেৰাহীত এক চামুচ তেল দিয়ক আৰু ইয়াক গৰম কৰক। গৰম হোৱাৰ পিছত, কটা পিঁয়াজ দিয়ক। সেইবোৰ সোণালী মুগা নোহোৱালৈকে ভাজক। তাৰ পিছত কেৰাহীত কাটি থোৱা বন্ধাকবি খিনি দি দিয়ক আৰু নিমখ দিয়ক। তাৰ পিছত চাৰি বা পাঁচ কাপ পানী যোগ দিয়ক আৰু কেৰাহী ঢাকনি বা প্লেটেৰে ঢাকি দিয়ক। ইয়াক প্ৰায় দহ মিনিটৰ বাবে মজলীয়া জুইত ৰান্ধিবলৈ দিয়ক । তাৰ পিছত ইয়াত বিলাহী আৰু জালুক যোগ দিয়ক। পুনৰ ইয়াক আৰু পাঁচ মিনিটৰ বাবে ৰান্ধিবলৈ দিয়ক।

শেষত ঢাকনি উঠাই এইবাৰ সেউজীয়া ধনিয়া পাত দিয়ক আৰু ইয়াক খাওক। আপুনি বিচাৰিলে বিলাহী এৰাই চলিব পাৰে আৰু চুপৰ সোৱাদ বঢ়াবলৈ ৰন্ধাৰ পিছত কেইটোপালমান নেমুৰ টোপাল যোগ দিব পাৰে।
Published by:Kokil Sarma
First published: