মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»স্বাস্থ্যকৰ আৰু উজ্বল ছাল আপুনিও বিচাৰিছে নেকি ? আজিয়েই খাদ্যৰ তালিকাত সংযোজন কৰক এইবোৰ খাদ্য...

স্বাস্থ্যকৰ আৰু উজ্বল ছাল আপুনিও বিচাৰিছে নেকি ? আজিয়েই খাদ্যৰ তালিকাত সংযোজন কৰক এইবোৰ খাদ্য...

News18 Assam | News18-Assam
Updated:June 14, 2021, 2:34 PM IST
স্বাস্থ্যকৰ আৰু উজ্বল ছাল আপুনিও বিচাৰিছে নেকি ? আজিয়েই খাদ্যৰ তালিকাত সংযোজন কৰক এইবোৰ খাদ্য...
Image Credit : Shutterstock

মানুহে সাধাৰণতে বিশ্বাস কৰে যে ছাল স্বাস্থ্যৱান কৰাৰ একমাত্ৰ উপায় হৈছে নন-ভেজ, কিন্তু এয়া নহয় । বহু উদ্ভিদজাতীয় খাদ্য আছে, যিয়ে আপোনাক ছালৰ সমস্যাৰ পৰা আঁতৰাই ৰখাৰ লগতে ইয়াক উজ্বল কৰি ৰখাত সহায় কৰে।

  • Share this:
Plant Based Foods For Skin: যদি আপুনি আপোনাৰ ছালৰ বিশেষ যত্ন লয় আৰু যিমান সম্ভৱ ইয়াৰ বাবে ডায়েট প্লান কৰে, তেন্তে আপুনি হয়তো নিশ্চয় শুনিছে যে মাছ আৰু মুৰ্গী হৈছে আমাৰ স্বাস্থ্যৱান ছালৰ বাবে অতি প্ৰয়োজনীয় খাদ্য। এইবোৰে কেৱল ছালৰ কোষবোৰ নমনীয় কৰাই নহয়, স্বাস্থ্যকৰ চৰ্বিৰ বাবে ছালখন উজ্বল কৰাটো সহায় কৰে । গতিকে আজি আপোনাক জনাও যে এই গুণাগুণবোৰ কেৱল নন-ভেজ খাদ্যতেই নাথাকে। বহু উদ্ভিদজাতীয় খাদ্য আছে, যিয়ে আপোনাক ছালৰ সমস্যাৰ পৰা আঁতৰাই ৰখাৰ লগতে ইয়াক উজ্বল কৰি ৰখাত সহায় কৰে।

গতিকে কোনবোৰ উদ্ভিদৰ খাদ্যই আপোনাৰ ছাল স্বাস্থ্যৱান আৰু ধুনীয়া কৰিব পাৰে জানি লওক সকলো -

সূৰ্যমুখী ফুলৰ বীজ -

সূৰ্যমুখী বীজক এণ্টিঅক্সিডেণ্টৰ শক্তিক্ষেত্ৰ বুলি গণ্য কৰা হয়। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন ই থাকে, যিয়ে ছালত তেজৰ প্ৰবাহ স্বাস্থ্যকৰ ৰাখে আৰু বয়স হ্ৰাস কৰে।

কমলা -

কমলা ভিটামিন চি সমৃদ্ধ । যি ছালখন কোমল আৰু সতেজ ৰখাত সহায় কৰে। কমলাৰ এণ্টিঅক্সিডেণ্ট গুণাগুণো আছে যিয়ে ছালক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে আৰু ছালৰ সমস্যা মুক্ত ৰাখে।

বিলাহী -

বিলাহীত বিটা-কেৰোটিন আৰু লাইকোপেন উপাদান থাকে, যিয়ে ছালক ভিন্ন ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। ই ছাল উজ্বল কৰাৰ লগতে মসৃণ কৰাত সহায় কৰে। বিলাহীৰ এণ্টি-এজিং গুণাগুণ থাকে আৰু ছালক সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। বিলাহীয়ে চানবাৰ্ণৰ দৰে সমস্যাৰ পৰা দূৰৈত ৰাখে আৰু ইয়াত থকা ফাইটোকেমিকেলবোৰে ছালত থকা মৃত চেলবোৰো আঁতৰ কৰে।

ব্ৰকলি -

ব্ৰকলি শৰীৰক ডিটক্স কৰাত সহায়ক। ইয়াৰ গ্ৰহণে নখ-ব্রণৰ সমস্যা, ফাইন লাইন আদি আঁতৰাই ৰাখে।

ওটচ -

ওটচত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে ছাল পুনৰ সুন্দৰ আৰু ধুনীয়া কৰাত সহায় কৰে আৰু ছালৰ মৃত কোষবোৰ আঁতৰাই ছালখন উজ্বল কৰি তোলে।

আভাকাডো -

আভাকাডোত থকা স্বাস্থ্যকৰ চৰ্বিয়ে ছালখন উজ্বল আৰু কোমল কৰি ৰাখে। ইয়াত থকা ভিটামিন ই-য়ে ছালক সূৰ্যৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। ইয়াত থকা অত্যাৱশ্যকীয় ফেটি এচিডে বয়স বৃদ্ধিৰ সমস্যাটোও সমাধান কৰে।

আখৰোট -

আখৰোটত এণ্টি-ইনফ্লেমেটৰী, এণ্টিঅক্সিডেণ্ট, অমেগা-3 ফেটি এচিড, জিং আৰু প্ৰ'টিনৰ দৰে পুষ্টি থাকে । যিয়ে ছাল স্বাস্থ্যৱান কৰে আৰু বহুতো সমস্যাৰ পৰা সকাহ দিয়ে।
Published by: Kokil Sarma
First published: June 14, 2021, 2:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি